নীৰৱতাৰ সিপাৰে
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
এই পৃথিৱীখনো কিমান যে ৰহস্যময়,
তাতকৈও বেছি ৰহস্যৰে ভৰা মানুহৰ মন ;
কিছুৱে স্বাৰ্থপৰতাৰ বলি, কিছু অহংকাৰী
কিছু অনুভৱহীন , শিলৰ দৰে কঠিন।
“ভালপোৱা “— শব্দটি গধুৰ, কেতিয়াবা
ওঁঠত আহি থমকি ৰয়,
ক’ব খোজা কথাবোৰ
নীৰৱতাৰ আঁৰত হেৰাই যায়।
তথাপিও কোনোবাই ভালপায়—
নীৰৱে, অগোচৰে,
নিজৰ অনুভূতিক গভীৰতাত লুকুৱাই।
সেই ভালপোৱাই কেতিয়াবা
শব্দৰ সীমা অতিক্ৰম কৰি
মাথোঁ অনুভৱ হৈ ৰয়।
কোনোবাই বুজি নাপায়,
কোনোবাই জানিও নজনাৰ ভাও ধৰে
তেনেকৈয়ে দুটি হৃদয়ৰ মাজত
এক অদৃশ্য দূৰত্ব গঢ় লৈ উঠে
আৰু জীৱনটোক অধিক
ৰহস্যময় কৰি তোলে।
