উপেক্ষাৰ পদূলিত
নিতুল নাথ
নেমুগুৰি, শিৱসাগৰ
কোন কাহানিও জুমি নাচাবি
তোৰ উপেক্ষাৰ দুৱাৰদলি ,
কলাঘূমটিৰ ৰাতি মোৰ কেঁচা টোপনিত
ভূলতে হ’লেও পুনৰ এবাৰ
মোৰ হেৰুৱা সপোনত বৰবিহ নাঢালিবি |
হেঁপাহৰ পদূলিত তোৰেই আশাত ফুলিছিল
অনেক সেউজীয়া সপোন ,
সৰি সৰি ভৰি গ’ল
অলেখ- অযুত সোঁৱৰণিৰ হালধিয়া সৰাপাত |
প্ৰতীক্ষাৰ সীমা চেৰাই কাল উকলি গ’ল
অক্লান্ত দুর্দান্ত পথিক ক্লান্ত হৈ গ’ল |
এনেকৈয়ে কাটি যাব
ক্ষণ , দিন কিম্বা মাহ ,
কাটি যাব হেলাৰঙে
ওৰকালি বাৰিষাৰ প্রতিটো জাগলৰ বিষাদ |
পাহৰি পেলাইছোঁ মোৰ অতিকে আপোন
জেউতি চ’ৰা চৰাইটোৰ আকুল অমীয়া মাত ,
পাহৰি পেলাইছোঁ সাগৰ নীলা দুচকুৰ
দীঘ , প্রস্থ কিম্বা গভীৰতাৰ মান |
শয়নে – সপোনেও নুসুধো তোক
ক’ৰ কৃত্রিম নিদ্রাই কাঢ়ি নিলে
অতবোৰ পূৰ্ণিমা ৰাতিৰ শান্তিৰ তৰাফুল ,
কোন কাহানিও উভটি নাচাওঁ
কোনটো পাহাৰৰ কপালৰ ফাঁচীকাঠত ওলমি জাহ গ’ল
পশ্চিমৰ ৰান্ধনী বেলিৰ তোৰ হেঙুলীয়া ফোঁট |
