দুখৰ চাইৰেণ – শ্ৰী শৰৎ দাস

Pc Unsplash

দুখৰ চাইৰেণ

শ্ৰী শৰৎ দাস 
ব্ৰহ্মাজান গহপুৰ, বিশ্বনাথ

সুখৰ নিশাটিৰ বুকুত
দুখৰ চাইৰেণ নবজাবা তুমি,
জোনাকৰ কোমল পৰশত
সপোনবোৰক অকণমান শুবলৈ দিয়া।
নিৰৱতাই
বহুত শুনিলোঁ দুখৰ চাইৰেণ—
কেতিয়াবা ঘুমতি যাওঁতেই,
আৰু আন কেতিয়াবা
গভীৰ নিশাত
ঘুমতি ভাঙি।
এতিয়া আৰু নোৱাৰোঁ
নিশাৰ বুকুত দুখৰ শব্দবোৰ কঢ়িয়াই ফুৰিবলৈ
অকণমান শান্তি
বিচাৰিছোঁ—
জোনাকৰ সেমেকা পোহৰত
সপোন এটাৰ কাষত
নিৰৱে শুই থাকিবলৈ
বিচাৰিছোঁ
সেয়ে,
সুখৰ নিশাটিৰ বুকুত
দুখৰ চাইৰেণ নবজাবা তুমি—
এইবাৰ অন্ততঃ
নিশাটোক নিশাৰ দৰেই
শান্ত হৈ থাকিবলৈ দিয়া।