দুর্গা পূজাৰ বাবে ৫দিন বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ। শাৰদীয় দুর্গাপূজা উপলক্ষে ৰাজ্যিক কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক প্রদান কৰিলে এক বিশেষ উপহাৰ। এইবাৰ দুর্গাপূজাত ৫ দিন বন্ধ পাব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে। বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত এক বিশেষ সিদ্ধান্ত গ্রহণ কৰিলে। এই অনুসৰি ইতিমধ্যে অধিসূচীত পূজাত আন চাৰিটা বন্ধ দিনৰ উপৰি ১৭ অক্টোবৰ দিনটো দুর্গাপূজাৰ বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লয় কেবিনেটে। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সবিশেষ প্রকাশ কৰি কয়- এইবাৰ দুর্গাপূজাৰ বন্ধত যদিও দেওবাৰ পৰিছে কেবিনেটে দুর্গাপূজাৰ কাৰণে ১৭অক্টোবৰৰ দিনটো অতিৰিক্তভাৱে বন্ধ ঘোষণা কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি ১৭ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ চৰকাৰী কৰ্মচাৰীসকলে বন্ধ পাব।
