সুগন্ধি পদিনাৰ উপকাৰিতা – হেৰম্ব নাথ

Pc Tradeindia

সুগন্ধি পদিনাৰ উপকাৰিতা 

হেৰম্ব নাথ

সকলোৱে জানে যে মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰাই উদ্ভিদৰ সৈতে মানুহৰ এক অবিচ্ছেদ্য সম্পৰ্ক গঢ় লৈ উঠিছে। খাদ্য, ঔষধ, সুগন্ধি, স্বাস্থ্য সুৰক্ষা আৰু জীৱন যাপনৰ বিভিন্ন ক্ষেত্ৰত উদ্ভিদে মানুহক সহায় কৰি আহিছে। সেইসকল উপকাৰী উদ্ভিদৰ ভিতৰত পদিনাৰ স্থান সুকীয়া। সৰু সেউজীয়া পাত, মনোমোহা সুগন্ধি আৰু ঔষধি গুণেৰে সমৃদ্ধ পদিনা আমাৰ অসমত অত্যন্ত প্ৰিয়। গ্ৰাম্য জীৱনৰ পৰা আৰম্ভ কৰি আধুনিক নগৰীয়া জীৱনলৈকে পদিনাৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাইছে। ৰন্ধনশাল, আয়ুৰ্বেদিক চিকিৎসা, প্ৰাকৃতিক সৌন্দৰ্যচৰ্চা আৰু পানীয় প্ৰস্তুতকৰণত পদিনাৰ গুৰুত্ব অপৰিসীম। পদিনা সাধাৰণতে এক প্ৰকাৰৰ সুগন্ধি ঔষধি গছ। ইয়াৰ বৈজ্ঞানিক নাম Mentha, ই Lamiaceae পৰিয়ালৰ অন্তৰ্গত। পদিনাৰ বহুতো প্ৰজাতি আছে যদিও সাধাৰণতে স্পিয়াৰমিণ্ট (Spearmint) আৰু পেপাৰমিণ্ট (Peppermint) অধিক পৰিচিত। এই গছ সাধাৰণতে সৰু আকাৰৰ হয় আৰু ইয়াৰ পাতত বিশেষ ধৰণৰ সুগন্ধি তেল থাকে, যাৰ ফলত পদিনাৰ পৰা এক সতেজ অনুভূতি লাভ কৰা যায়। ইয়াৰ পাত কোমল, সেউজীয়া আৰু অত্যন্ত সুগন্ধিযুক্ত। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পদিনাৰ চাহিদা যথেষ্ট। অসমৰো বহু অঞ্চলত পদিনা সহজে খেতি কৰা হয়। ঘৰৰ চোতালত, টাবত বা সৰু বাগিচাতো পদিনা সহজে গজে। অধিক পানী বা বিশেষ যত্নৰ প্ৰয়োজন নোহোৱাত বহু লোকেই ইয়াক গৃহ উদ্ভিদ হিচাপে লালন-পালন কৰে। বিশেষকৈ গৰমৰ দিনত পদিনাৰ ব্যৱহাৰ অধিক দেখা যায়, কাৰণ ই শৰীৰত সতেজতা প্ৰদান কৰে।

পদিনাৰ ঔষধি গুণ অতি উল্লেখযোগ্য। আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাত পদিনা বহুদিন ধৰি ব্যৱহৃত হৈ আহিছে। পদিনা হজম শক্তি বৃদ্ধি কৰে আৰু পেটৰ বিভিন্ন সমস্যাৰ উপশম ঘটায়। বদহজম (Indigestion), গেছ (Gas), বমি বমি ভাব (Nausea), অম্লতা (Acidity) আদিত পদিনা যথেষ্ট উপকাৰী। পদিনাৰ পাতৰ ৰস বা পদিনা মিহলি পানীয় খালে পেট শীতল হৈ পৰে আৰু হজম প্ৰক্ৰিয়া সহজ হয়। গৰমৰ দিনত পদিনাৰ চৰবত শৰীৰৰ ক্লান্তি দূৰ কৰি সতেজতা আনে।

দিনাত থকা মেন্থল (Menthol) নামৰ উপাদানে ঠাণ্ডা অনুভূতি প্ৰদান কৰে। এই মেন্থলেই পদিনাৰ বিশেষ সুগন্ধিৰ মূল কাৰণ। কফ (Cough), চৰ্দি (Cold) আৰু নাক বন্ধ হোৱা সমস্যা (Nasal Congestion)তো পদিনা যথেষ্ট উপকাৰী। বহু সময়ত পদিনাৰ তেল ব্যৱহাৰ কৰি বাষ্প গ্ৰহণ কৰিলে শ্বাস-প্ৰশ্বাস সহজ হয়। কফ চিৰাপ (Cough Syrup), টুথপেষ্ট (Toothpaste), মাউথৱাশ (Mouthwash), বাম (Balm) আৰু বহু ঔষধ প্ৰস্তুতকৰণত পদিনাৰ ব্যৱহাৰ দেখা যায়। পদিনা মুখৰ স্বাস্থ্য ৰক্ষাতো সহায়ক। মুখৰ দুৰ্গন্ধ (Bad Breath) দূৰ কৰিবলৈ বহুতে পদিনা পাত চোবায়। ইয়াৰ এণ্টিবেক্টেৰিয়েল গুণে মুখৰ জীৱাণু হ্ৰাস কৰাত সহায় কৰে। সেইবাবেই অধিকাংশ টুথপেষ্ট আৰু মাউথ ফ্ৰেছনাৰ (Mouth Freshener)ত পদিনাৰ ৰস ব্যৱহাৰ কৰা হয়। পদিনা দাঁত আৰু মাড়িৰ যত্নতো সহায়ক বুলি গণ্য কৰা হয়।

আধুনিক খাদ্য সংস্কৃতিত পদিনাৰ ব্যৱহাৰ বহুলভাৱে বৃদ্ধি পাইছে। বিভিন্ন ধৰণৰ চাটনি, চালাড, চৰবত, চাহ, মিঠাই আৰু খাদ্যত পদিনা ব্যৱহাৰ কৰা হয়। ভাৰতীয় ৰন্ধনশৈলীত পদিনাৰ চাটনি অতি জনপ্ৰিয়। পদিনা আৰু ধনীয়া পাত মিহলাই তৈয়াৰ কৰা চাটনি বহু খাদ্যৰ স্বাদ বৃদ্ধি কৰে। পদিনাৰ চাহো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। বহুতে ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো পদিনা ব্যৱহাৰ কৰে। সৌন্দৰ্যচৰ্চাতো পদিনাৰ গুৰুত্ব কম লেখত লবলগীয়া। পদিনা ত্বকৰ বাবেও উপকাৰী বুলি বিবেচিত। মুখত হোৱা ব্রণ (Pimples), তেলীয়া ত্বক (Oily Skin) আৰু বিভিন্ন ত্বকজনিত সমস্যা (Skin Diseases)ত পদিনাৰ পাত ব্যৱহাৰ কৰা হয়। পদিনাৰ ঠাণ্ডা গুণে ত্বক সতেজ আৰু শীতল কৰি ৰাখে। বহু ক্ৰীম, ফেচৱাশ আৰু প্ৰসাধন সামগ্ৰীত পদিনাৰ ৰস ব্যৱহাৰ কৰা হয়।

প্ৰণিধানযোগ্য যে পদিনাৰ খেতি সহজসাধ্য হোৱাৰ উপৰি ই আৰ্থিকভাবেও লাভজনক। আনহাতে, বৰ্তমান সময়ত জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব বৃদ্ধি পোৱাৰ বাবে বহু কৃষকে ঔষধি উদ্ভিদ খেতিৰ প্ৰতি আগ্ৰহীও হৈ পৰিছে। যাক আমি শুভ লক্ষণ বুলি ক’ব পাৰোঁ। যিহেতু পদিনাৰ বজাৰ চাহিদা বৃদ্ধি পাইছে, সেয়ে বাণিজ্যিক খেতিৰ সম্ভাৱনাও উজ্জ্বল হৈ পৰিছে। সাধাৰণতে পদিনাৰ পৰা তৈয়াৰ কৰা তেল, শুকান পাত আৰু অন্যান্য সামগ্ৰী বহু দেশলৈ ৰপ্তানি কৰা হয়। এইখিনিতে আকৌ উল্লেখ কৰা প্ৰয়োজন যে পদিনা যদিও চকুত লগা ধৰণে উপকাৰী, ইয়াৰ অত্যধিক ব্যৱহাৰ সকলো সময়তে কিন্তু উপযোগী নহয়। কিয়নো কিছুমান ব্যক্তিৰ ক্ষেত্ৰত অতিমাত্ৰা পদিনা সেৱনে অম্লতা (Acidity) বা এলাৰ্জি (Allergy)ৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে, অন্য কিছুমান খাদ্য বস্তুৰ দৰে পদিনাও পৰিমিতভাবে ব্যৱহাৰ কৰা উচিত।

যি কি নহওঁক, প্ৰকৃতিৰ অন্যতম উপহাৰ হিচাপে পদিনাই মানৱ জীৱনত অতীজৰে পৰাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। স্বাস্থ্য সুৰক্ষা, খাদ্যৰ স্বাদ বৃদ্ধি, সৌন্দৰ্যচৰ্চা তথা ঔষধি গুণেৰে সমৃদ্ধ এই উদ্ভিদবিধৰ মূল্য অসীম। যান্ত্ৰিক জীৱনৰ চৰম ব্যস্ততা আৰু কৃত্ৰিম সামগ্ৰীয়ে গাঁও তথা চহৰ-নগৰৰ সৰু-বৰ বজাৰবোৰ উপৰ্যুপৰি দখল কৰাৰ সময়তে পদিনাৰ দৰে প্ৰাকৃতিক উদ্ভিদে মানুহক পুনৰ প্ৰকৃতিৰ ওচৰলৈ ওভতাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন যে কৰিছে সেয়া ধুৰূপ। গতিকে আমি পদিনাৰ গুণাগুণ সম্পৰ্কে সচেতন হোৱা অৱশ্যেই জৰুৰী।

সেয়ে আহক, গ্ৰামাঞ্চলত সহজে উপলব্ধ উক্ত ঔষধীয় উদ্ভিদবিধৰ সঠিক ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে যথোচিত সংকল্প গ্ৰহণ কৰোঁ। আৰু এই সংকল্প সমাগত বুলি অৱচেতন মনৰ একোণত স্থান দিওঁ আত্মপ্ৰত্যয়েৰে। কিমধিকমিতি।