শিশুৰ মানসিক বিকাশত বাতৰি কাকতৰ অৱদান – শংকৰ দেৱ

Pc StockCake

(এক আলোকপাত)

শিশুৰ মানসিক বিকাশত বাতৰি কাকতৰ অৱদান

শংকৰ দেৱ, দেৰগাঁও

অতীতৰ পৰাই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশত বাতৰি কাকতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। “আজিৰ শিশু, কাইলৈৰ ভৱিষ্যৎ” অৰ্থাৎ আজিৰ প্ৰতি জন শিশু আগন্তুক দিনৰ দেশৰ একো একোজন বিশিষ্ট ব্যক্তি ৰূপে গঢ় লৈ উঠিব । সেইয়ে শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিয়াল, বিদ্যালয়, সমাজ লগতে সংবাদ মাধ্যমে এক বিশেষ ভূমিকা পালন কৰাটো অত্যন্তই প্ৰয়োজনীয় । এখন উন্নত, শিক্ষিত আৰু সচেতন পূৰ্ণ সমাজ গঢ়ি তুলিবলৈ হ’লে শিশুসকলৰ মানসিক, বৌদ্ধিক আৰু নৈতিক বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিবই লাগিব। আজিৰ ডিজিটেল যুগত মোবাইল ফোন, সামাজিক মাধ্যম আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ বহুগুণে বৃদ্ধি পাই আহিছে যদিও বাতৰি কাকতৰ মূল্য আৰু প্ৰয়োজনীয়তা এতিয়াও হ্ৰাস পোৱা নাই। বৰং, সুস্থ তথ্য আৰু নিৰ্ভৰযোগ্য জ্ঞান আহৰণৰ ক্ষেত্ৰত বাতৰি কাকত এতিয়াও অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈ আছে।

প্ৰতি জন শিশুৰ ক্ষেত্ৰত ক’ব পাৰি যে নিয়মিতভাৱে বাতৰি কাকত পঢ়িলে তেওঁলোকৰ শব্দ জ্ঞান  বৃদ্ধি পায়, পঢ়াৰ অভ্যাস গঢ়ি উঠে, চিন্তাশক্তি, বহু নতুন শব্দ, বাক্য গঠন আৰু ভাষাৰ শুদ্ধ ব্যৱহাৰ শিকে যাৰ ফলত তেওঁলোকৰ উচ্চাৰণ, লিখনী শক্তি আৰু কথোপকথনৰ দক্ষতা বৃদ্ধি পায় আৰু বিশ্লেষণাত্মক ক্ষমতাৰ বিকাশ ঘটে। লগতে, ই তেওঁলোকক সাধাৰণ জ্ঞান অৰ্জন কৰাত আৰু বিশ্বৰ বাতৰি সংগ্ৰহ কৰাৰ ক্ষেত্ৰতো সজাগ কৰি তোলে অৰ্থাৎ ই এক জীৱন্ত শিক্ষকৰ দৰে কাম কৰে। নিয়মিতভাৱে বাতৰি কাকত পঢ়া শিশুৱে সমাজ, দেশ আৰু বিশ্বৰ বিভিন্ন বিষয়ৰ সৈতে পৰিচিত হোৱাৰ এক সুবৰ্ণ সুযোগ লাভ কৰে।  ইয়াৰোপৰি মাতৃভাষাৰ বাতৰি কাকত পঢ়িলে ভাষাটোৰ প্ৰতি ভালপোৱা জন্মে আৰু সাহিত্য-সংস্কৃতিৰ সৈতে আত্মিক সম্পৰ্ক গঢ় লৈ উঠে। আনহাতে, হিন্দী-ইংৰাজী বা আন ভাষাৰ কাকত পঢ়িলে বহুভাষিক জ্ঞানৰো বিকাশ ঘটে। ভাষাজ্ঞানৰ এই উন্নতিয়ে শিশুৰ শিক্ষাজীৱন আৰু ভৱিষ্যৎ পেছাগত জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে।  সৰুৰে পৰা গঢ়ি উঠা এই অভ্যাসে ভৱিষ্যতে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বিশেষ সহায় কৰে।

আজিৰ এই আধুনিক যুগত কেৱল পাঠ্যপুথিৰ জ্ঞানেই যথেষ্ট নহয়,  যুক্তিবাদী চিন্তা আৰু বিশ্লেষণ ক্ষমতাৰো বিশেষ প্ৰয়োজন। সেইয়ে প্ৰতি গৰাকী শিশুক বাতৰি কাকত পঢ়িবলৈ উৎসাহিত কৰিবলৈ অভিভাৱকসকলে প্ৰথমে তেওঁলোকৰ বাবে উপযুক্ত শিতান যেনে খেল-ধেমালিৰ পৃষ্ঠা, কাৰ্টুন আদি বিষয়সমূহ নিৰ্বাচন কৰি দিব লাগে , ইয়াৰ দ্বাৰা শিশুৱে আনন্দ পোৱাৰ লগতে তেওঁৰ মননশীলতাৰো সৰ্বাত্মক বিকাশ ঘটে। বাতৰি কাকত হৈছে সাধাৰণ জ্ঞানৰ এক বিশাল ভাণ্ডাৰ। বিদ্যালয়ৰ পাঠ্যপুথিৰ জ্ঞান সীমিত হ’লেও বাতৰি কাকতে শিশুসকলক বাস্তৱ জগতৰ বিভিন্ন ঘটনা আৰু পৰিস্থিতিৰ সৈতে পৰিচিত কৰায়। দেশ-বিদেশৰ ৰাজনীতি, বিজ্ঞান-প্ৰযুক্তি, স্বাস্থ্য, কৃষি, পৰিৱেশ, খেল-ধেমালি, সংস্কৃতি, ইতিহাস আদি বিভিন্ন বিষয়ৰ খবৰ পঢ়ি শিশুৱে বহুমুখী জ্ঞান লাভ কৰে। ইয়াৰ ফলত তেওঁলোকৰ মানসিক পৰিসৰ বিস্তৃত হয় আৰু বিশ্ব দৃষ্টিভংগী গঢ়ি উঠে।  বিভিন্ন ঘটনা বা সমস্যাৰ বিষয়ে পঢ়ি শিশুৱে নিজাকৈ ভাবিবলৈ শিকে আৰু এইবোৰ বিষয়ত তেওঁলোকৰ মন সক্ৰিয় হৈ উঠে। ফলত শিশুৰ যুক্তিবোধ, সিদ্ধান্ত গ্ৰহণ ক্ষমতা আৰু সমালোচনামূলক চিন্তাধাৰাৰ বিকাশ ঘটে। সাধাৰণতে শিশুৰ শিতানত গল্প, কবিতা, কুইজ,  বিজ্ঞানভিত্তিক লেখা, চিত্ৰাংকন প্ৰতিযোগিতা আদি থাকে , যিবোৰে শিশুৰ মনোৰঞ্জনৰ লগতে বৌদ্ধিক বিকাশতো সহায় কৰে। কিছুমান শিশুৱে নিজৰ লেখা বা চিত্ৰ প্ৰকাশ কৰাৰ সুযোগ পাই আত্মবিশ্বাস লাভ কৰে। এই আত্মবিশ্বাসেই তেওঁলোকক আগলৈ সৃষ্টিশীল ব্যক্তি হিচাপে আগবঢ়াই নিয়ে।

সমাজত সংঘটিত বিভিন্ন দুঃখজনক ঘটনা, প্ৰাকৃতিক দুৰ্যোগ, দৰিদ্ৰ লোকৰ সমস্যা বা সমাজসেৱামূলক কাৰ্যকলাপৰ বিষয়ে পঢ়ি শিশুৰ মনত সহানুভূতি, মানৱতা আৰু সামাজিক দায়িত্ববোধ গঢ়ি উঠে। তেওঁলোকে বুজিবলৈ শিকে যে সমাজত কেৱল নিজৰ কথা ভাবিলেই নহয়, আনৰ প্ৰতিও দায়িত্ব পালন কৰিব লাগে। এই মূল্যবোধসমূহেই এজন শিশুক ভৱিষ্যতে সুস্থ মানসিকতাৰ নাগৰিক হিচাপে গঢ়ি তোলে।

আধুনিক সমাজত শিশুসকলৰ নৈতিক শিক্ষাৰ ক্ষেত্ৰত এক সংকট দেখা গৈছে। এই ক্ষেত্ৰত বাতৰি কাকতে ইতিবাচক ভূমিকা পালন কৰিব পাৰে। মহান ব্যক্তিসকলৰ জীৱন কাহিনী, সফলতাৰ গল্প, সমাজসেৱামূলক কাৰ্যকলাপ বা দেশপ্ৰেমমূলক লেখা শিশুৰ মনত নৈতিকতা আৰু আদৰ্শবোধ জাগ্ৰত কৰে। ই তেওঁলোকক সুস্থ মূল্যবোধেৰে জীৱন গঢ়িবলৈ অনুপ্ৰাণিত কৰে।

বিদ্যালয় সমূহতো ‘ বাতৰি কাকত পঢ়া ‘ ৰ সংস্কৃতি গঢ়ি তোলাৰ পৰিবেশ সৃষ্টি কৰি ল’ব লাগে। এই ক্ষেত্ৰত ঠাই বিশেষে বৰ্তমানে বহু বিদ্যালয়ত “নিউজ পেপাৰ ৰিডিং কৰ্ণাৰ” স্থাপন কৰা দেখা পোৱা গৈছে, য’ত শিক্ষাৰ্থীয়ে নিয়মিতভাৱে বাতৰি কাকত পঢ়াৰ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে। এনে পদক্ষেপে শিশুসকলৰ মানসিক বিকাশত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায়। লগতে, সংবাদপত্ৰৰ মাধ্যমে শিশুসমূহক ডিজিটেল মাধ্যমৰ ভুৱা খবৰ আৰু অপপ্ৰচাৰৰ পৰা সজাগ হোৱাতো সহায় কৰে।তথাপিও, শিশুৰ বাবে উপযুক্ত বাতৰি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষকৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। সকলো বাতৰি শিশুৰ বাবে উপযোগী নহ’বও পাৰে। সহিংসতা, অপৰাধ বা নেতিবাচক খবৰৰ প্ৰভাৱ কোমল মনত বেয়া প্ৰভাৱ পেলাব পাৰে। সেয়ে অভিভাৱকে শিশু উপযোগী শিতানসমূহ যেনে—বিজ্ঞান, শিক্ষা, খেল-ধেমালি, শিশু সাহিত্য, প্ৰেৰণাদায়ক কাহিনী আদি পঢ়িবলৈ উৎসাহিত কৰিব লাগে।

শেষান্তৰত ক’ব পাৰি যে বাতৰি কাকত হৈছে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ এক শক্তিশালী মাধ্যম। ই শিশুক জ্ঞানী, সচেতন, যুক্তিবাদী, সৃষ্টিশীল আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সহায় কৰে। সঠিক দিশ-নিৰ্দেশনা আৰু নিয়মিত পাঠৰ অভ্যাসে শিশুৰ জীৱনত এক ইতিবাচক পৰিৱর্তন আনিব পাৰে। সেয়েহে পৰিয়াল, বিদ্যালয়, সমাজ আৰু চৰকাৰ—সকলোৰে দায়িত্ব হ’ল শিশুসকলক বাতৰি কাকত পঢ়াৰ প্ৰতি উৎসাহিত কৰা আৰু এক সুস্থ পাঠ সংস্কৃতি গঢ়ি তোলা।