শ্ৰীকৃষ্ণ সৰ্বশক্তিমান
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
সৃষ্টিৰ প্ৰতিটো কোণত
তোমাৰেই অস্তিত্ব অনুভৱ কৰোঁ,
সৰ্বত্ৰতে বিয়পি থকা
তুমিয়েই ভগৱান শ্ৰীকৃষ্ণ।
আন্ধাৰ যেতিয়া গভীৰলৈ গতি কৰে
আশাৰ পোহৰ যেতিয়া হেৰাই যাব খোজে
তেতিয়াই শ্ৰীকৃষ্ণৰ নামটোৱে
মনত সাহস জগাই তোলে।
কাৰাগাৰৰ অন্ধকাৰত জন্মলাভ কৰিও
তেওঁ পোহৰৰ বাণী বিলালে,
অন্যায়ৰ বিৰুদ্ধে থিয় হৈ
ধৰ্মৰ পথ দেখুৱালে।
হে সৃষ্টিকৰ্তা, ভগৱান শ্ৰীকৃষ্ণ,
তোমাৰ বাঁহীৰ সুৰত
আজিও আমি বিচাৰি পাওঁ
শান্তিৰ এক নতুন ঠিকনা।
দুখত ভাঙি পৰা লোকক
তুমিয়েই আশাৰ পোহৰ দেখুওৱা,
জীৱনৰ প্ৰতিটো কঠিন মুহূৰ্তত
তোমাৰ নামৰ উচ্চাৰণেই সাহস হৈ পৰে।
আমাৰ অন্তৰত সদায় তুমিয়েই বিৰাজ কৰা
তোমাৰ বাণীৰে অন্ধকাৰ আঁতৰি যায়
হৃদয়ৰ কোণত পোহৰ নামি আহে
হে শ্ৰীকৃষ্ণ, তুমিয়েই সৰ্বশক্তিমান।
