সপোনে পাখি মেলাৰ দিন
ৰিমী হাজৰিকা, মাজুলী
পুৱাৰ ঠিক আঠ বাজিছে। জিমি সাজু হৈছে তাইৰ কৰ্মস্থলী লৈ ,বৰ্তমান তাই এখন নামজ্বলা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা। ৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়ন কৰাৰ পৰাই তাইৰ মনত পোখা মেলিছিল অধ্যাপিকা হোৱাৰ সপোন। আপোন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত সেই সপোনে যেন আৰু অধিক পাখি মেলিছিল। স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকাৰ পৰাই তাই এই সপোন পূৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলায় গৈছিল। বহু বাধা, বহু অপেক্ষা আৰু অসংখ্য প্ৰত্যাহ্বান অতিক্ৰম কৰি যথাসময়ত তাই উচ্চশিক্ষা সম্পূৰ্ণ কৰি এই পদৰ বাবে আবেদন কৰিছিল। অৱশেষত সেই অপেক্ষাৰ অন্ত পৰিল। আজি তাইৰ কৰ্মজীৱনৰ প্ৰথম দিন।
সেইবাবেই পুৱাৰে পৰা তাইৰ মনটো থৌকি-বাথৌকি লাগিছে। আনন্দ, উত্তেজনা আৰু অলপ অজানিত ভয় এই সকলোবোৰ অনুভূতিয়ে যেন একেলগে মনত ভিৰ কৰিছে। আইনাখনৰ সন্মুখত এবাৰ নিজকে চাই তাই মিচিকিয়াই হাঁহিলে। এয়া কেৱল তাইৰৰ বাবে কৰ্মজীৱনৰ প্ৰথম দিন নহয়; এয়া তাইৰ বহু বছৰৰ সাধনা আৰু সপোনে বাস্তৱৰ ৰূপ লোৱা দিন।
তাইৰ কামত সহায় কৰি দিছে সুজাতাই। সুজাতা তাইৰ সহকৰ্মী, কিন্তু প্ৰথম দেখাতেই তাইৰ সৈতে এক আত্মীয়তাসুলভ সম্পৰ্ক গঢ় লৈ উঠিছিল।
“জিমি, ইমানকৈ কি নো চিন্তা কৰি আছা ? সকলো ঠিকেই হ’ব চাবা ,” সুজাতাই হাঁহি হাঁহি ক’লে।
জিমিয়ে মৃদু হাঁহি মাৰি ক’লে— “জানো, সকলো ঠিকেই হ’ব। তথাপি মনটো অলপ অস্থিৰ লাগিছে। ইমানদিনে যিটো সপোন দেখিছিলোঁ, আজি সেই সপোনৰ সন্মুখত থিয় হৈছোঁ।”
সুজাতাই তাইৰ কান্ধত হাত থৈ ক’লে— “সপোন দেখিবলৈ সাহস কৰা মানুহেই এদিন সেই সপোনক বাস্তৱ কৰিব পাৰে। তুমি সেইটো কৰি দেখুৱাইছা। এতিয়া কেৱল আগুৱাই যোৱা।”
সুজাতাৰ কথাখিনিয়ে জিমিৰ মনটো যেন পাতল কৰি দিলে। তাই গভীৰভাৱে উশাহ এটা লৈ বিশ্ববিদ্যালয়ৰ বিশাল প্ৰৱেশদ্বাৰখনৰ ফালে আগবাঢ়িল।
প্ৰথমবাৰৰ বাবে অধ্যাপিকাৰ পৰিচয় লৈ তাই শ্ৰেণীকোঠাত প্ৰৱেশ কৰিলে। সন্মুখত বহি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কৌতূহলী চকুবোৰ তাইৰ ওপৰত নিবদ্ধ হৈ পৰিল। ক্ষণিকৰ বাবে তাইৰ মনত নিজৰ ছাত্ৰজীৱনৰ দিনবোৰ ভাঁহি উঠিল—সেই সৰু কোঠাটো, পুৰণি কিতাপবোৰ, পৰীক্ষাৰ আগৰ ৰাতিবোৰ আৰু অধ্যাপিকা হোৱাৰ সেই সৰু সৰু সপোনবোৰ।
আজি সেই সপোনবোৰেই তাইৰ সন্মুখত বাস্তৱ হৈ থিয় দিছে। তাই প্ৰথমে নিজৰ পৰিচয় টো দিলে আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগত চিনাকি হ’ল। তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ ফালে চাই আত্মবিশ্বাসেৰে ক’লে— “শিক্ষা কেৱল মাত্ৰ পৰীক্ষাত ভাল নম্বৰ পোৱা বা এখন উৎকৃষ্ট প্ৰমাণ পত্ৰ নহয়; শিক্ষা হৈছে পৃথিৱীখনক নতুন দৃষ্টিৰে চাবলৈ শিকোৱা এক শক্তি।”
শ্ৰেণীকোঠাটো নিস্তব্ধ হৈ পৰিল। কিন্তু সেই নীৰৱতাৰ মাজতেই যেন জিমিয়ে নিজৰ সপোন পূৰণৰ এক নতুন অধ্যায়ৰ আৰম্ভণিৰ শব্দ শুনিলে।
আজিৰ দিনটো তাইৰ বাবে কেৱল কৰ্মজীৱনৰ প্ৰথম দিন নহয়—ই আছিল বহুদিনৰ অপেক্ষা, পৰিশ্ৰম আৰু বিশ্বাসৰ ফল লাভ কৰাৰ দিন। তাই বুজিলে, সপোন কেতিয়াও কেৱল কল্পনা হৈ নাথাকে; সঠিক লক্ষ্য, অধ্যৱসায় আৰু আত্মবিশ্বাস থাকিলে এদিন সেই সপোনে নিশ্চিত ভাৱে পোখা মেলি উঠে।।
