শিৱসাগৰ জিলাৰ বান আৰু গৰাখহনীয়াৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

pc- facebook

শিৱসাগৰ জিলাৰ বান আৰু গৰাখহনীয়াৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই

অনলাইন বাৰ্ত্তাসেৱা-জলসম্পদ, সংসদীয় পৰিক্ৰমা আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিত উপস্থিতহৈ শনিবৰীয়া বজাৰ, বৰপথাৰ দেউৰীগাঁও আৰু দিহিং কলঘৰ আদি অঞ্চলত বান আৰু গৰাখহনীয়াৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে মতবিনিময় কৰি তেওঁলোকৰ অসুবিধা নোহোৱাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে।তেওঁৰ লগত এই পৰিদৰ্শন কালত বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু কুশল দুৱৰী ডাঙৰীয়া, শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে।

 

(RT)