সৃষ্টিৰ আদি খনিকৰ ভগৱান বিশ্বকৰ্মা আৰু বিশ্বকৰ্মা পূজা – শচীন্দ্ৰ কুমাৰ দাস

সৃষ্টিৰ আদি খনিকৰ ভগৱান বিশ্বকৰ্মা আৰু বিশ্বকৰ্মা পূজা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

ভূমিকা:

শৰতৰ সাৰদীয় বতৰ আৰু কঁহুৱা ফুলৰ আগমনৰ লগতেই প্ৰতি বছৰে ইংৰাজী কেলেণ্ডাৰৰ ১৭ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো অতি উলহ-মালহেৰে বিশ্বকৰ্মা পূজা উদযাপন কৰা হয়। সৰু-বৰ দোকান-পোহাৰ, কল-কাৰখানা আৰু যান-বাহনৰ মালিকে অতি ভক্তিৰে এই পূজা পাতে।

ভগবান বিশ্বকৰ্মাৰ পিতৃ-মাতৃৰ পৰিচয় আৰু জন্ম আখ্যান:

পৌৰাণিক শাস্ত্ৰ অনুসৰি, ভগৱান বিশ্বকৰ্মা হ’ল স্থাপত্য কলাৰ দেৱতা বাস্তুদেৱ আৰু মাতা অংগিৰসীৰ পুত্ৰ। আন এক মতবাদ অনুসৰি, তেওঁ অষ্টবসুৰ অন্যতম প্ৰভাস আৰু মাতা যোগসিদ্ধাৰ সন্তান ভগবান বিশ্বকৰ্মা। তেওঁক সৃষ্টিৰ দেৱতা ভগৱান ব্ৰহ্মাৰ মানসপুত্ৰ বুলিও জনা যায়।

ধৰিত্ৰীৰ ভাৰসাম্য ৰক্ষা আৰু প্ৰথম অভিযন্তা:

ভগৱান বিশ্বকৰ্মাক ব্ৰহ্মাণ্ডৰ আদি খনিকৰ আৰু দেৱ-অভিযন্তা বুলি কোৱা হয়। ধৰ্মীয় আখ্যান মতে, যেতিয়া ব্ৰহ্মাদেৱে পৃথিৱীখন সৃষ্টি কৰি শেষনাগৰ ফণাত স্থাপন কৰিছিল, তেতিয়া পৃথিৱীখন লৰচৰ হৈ ভাৰসাম্য হেৰুৱাই পেলাইছিল। তেতিয়া বিশ্বকৰ্মাই মেৰু পৰ্বতক গভীৰ সাগৰৰ মাজত সংস্থাপন কৰি পৃথিৱীখন স্থিৰ কৰে আৰু ধৰিত্ৰীৰ ভাৰসাম্য ৰক্ষা কৰে আৰু নিজকে বিশ্বখনিকৰ হিচাপে পৰিচয় দাঙি ধৰে।

চমৎকাৰী সৃষ্টি আৰু ঐশ্বৰিক অস্ত্ৰ:

ভগৱান বিশ্বকৰ্মাই দেৱতা আৰু মানৱৰ বাবে বহুতো আচৰিত নগৰী আৰু অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিছিল:

ঐতিহাসিক নগৰী: দেৱৰাজ ইন্দ্ৰৰ ‘ইন্দ্ৰপুৰী’, শ্ৰীকৃষ্ণৰ ‘দ্বাৰকা’, ৰাৱণৰ সোণৰ ‘লংকা’ আৰু ‘হস্তিনাপুৰ’।

বাহন আৰু অস্ত্ৰ: ৰাৱণৰ আকাশীযান ‘পুষ্পক বিমান’, ভগৱান বিষ্ণুৰ ‘সুদৰ্শন চক্ৰ’, শিৱৰ ‘ত্ৰিশূল’ ইন্দ্ৰৰ ‘বজ্ৰ’ আৰু মহাকালৰ যমদণ্ড।

অসমত পূজাৰ পৰিৱেশ আৰু পৰম্পৰা:

অসমত এই পূজাৰ এক সুকীয়া আনন্দ দেখিবলৈ পোৱা যায়। এই দিনা মানুহে নিজৰ ঘৰত থকা চাইকেল, মটৰচাইকেল, আৰু চাৰিচকীয়া বাহনসমূহ ধুই-পখালি চাফা কৰে আৰু বাহনবোৰত ফুলৰ মালা পিন্ধায়। ইয়াৰ বাবে পূজাৰ বজাৰসমূহ বিভিন্ন ধুনীয়া ৰঙীন ফুলৰ দোকানেৰে ভৰ্তি হৈ পৰে। লগতে, এই দিনা প্ৰতিখন ঘৰতে অতি ভক্তিৰে মাহ-প্ৰসাদৰ ব্যৱস্থা কৰা হয়। দিনৰ ভাগত প্ৰতিমা আনিবলৈ যোৱা গাড়ীৰ জমকতা আৰু ভক্তিমূলক গীতে পৰিৱেশটো ৰজনজনাই ৰাখে। বিশেষকৈ, বিশ্বকৰ্মা পূজাৰ দিনা মণ্ডপে মণ্ডপে খিচিৰি প্ৰসাদ খোৱাৰ আনন্দই সুকীয়া। গধূলিৰ ভাগত আকৌ কিছুমান আনুষ্ঠানিক পূজাত নাম-প্ৰসংগ তথা যাত্ৰা পাৰ্টী (সাংস্কৃতিক অনুষ্ঠান/নাটক) আদিৰ সুন্দৰ আয়োজন কৰা হয় ।

সামৰণি:

ভগৱান বিশ্বকৰ্মা পূজা কেৱল এটা ধৰ্মীয় উৎসৱেই নহয়, ই হ’ল মানুহৰ শ্ৰম আৰু কাৰিকৰী বিদ্যাক জনোৱা সন্মানৰ প্ৰতীক। এই পূজাই আমাক নিজৰ কৰ্মক শ্ৰদ্ধা কৰিবলৈ আৰু সৃষ্টিশীলতাৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায়।