শিল্গীসত্বাৰ চালিকা শক্তি দৰদী জুবিন গাৰ্গ
যমুনা দুলু বৈশ্য,শুৱালকুছি
হিয়াৰ আমঠু জুবিন গাৰ্গ
বিশ্ববাসীক মধুৰকন্ঠৰে
হেজাৰ জনৰ, প্ৰাণৰ শিল্পী তুমি
যুগজয়ী সংগীত খনিকৰ ,
হে ,সুৰৰ যাদুকৰ ,
প্ৰকৃতিৰ প্ৰেমী ,মহানায়ক ।।
গল্ডি বা জুবিন ১৯৭২ চনৰ ১৮ নবেম্বৰত মেঘালয়ৰ তুৰাত জন্ম হৈছিল । তেৱেই গীতিকাৰ ,সুৰকাৰ সংগীত পৰিচালক ,চলচিত্ৰ নিৰ্মাতা পৰিচালক ,কাহিনীকাৰ সমাজসেৱী ,দয়ালু প্ৰকৃতিপ্ৰেমী অসমবাসীৰ বাবে সুসন্তান জুবিনগাৰ্গ । দেউতাকৰ নাম আছিল মোহিনীমোহন বৰঠাকুৰ ,ছদ্মনাম কপিল বৰঠাকুৰ ।তেওঁ এগৰাকী ম্যাজিষ্টেট আছিল ।গীত আৰু কবিতা লিখিছিল ।লগতে নিজৰ পুত্ৰৰ জুবিনৰ নামত গ্ৰন্থ এখন প্ৰকাশ কৰিছিল । মাকৰ নাম আছিল ইলি বৰঠাকুৰ ।এগৰাকী গায়িকা আছিল । ভনী দুজনী জংকি আৰু ড° পামী বৰঠাকুৰ । ৪/২/২০০২ বিবাহ হয় । জুবিনৰ পত্মী গৰিমা শইকীয়া এগৰাকী ফেশ্বন ডিজাইনৰ ।
জুবিনক লোক-সংস্কৃতিৰ বাবে ৰবীন বেনাৰ্জীৰ ওচৰত তবলা আৰু গানৰ শিক্ষা দিছিল । দেউতাকে বয়স অনুপাতে বহু ধৰনৰ কিতাপ কিনি দিছিল । জুবিনে বি বৰুৱা কলেজৰ বিজ্ঞান শাখাত পঢ়িছিল । কলেজৰ শিক্ষা আধৰুৱা কৰি সংগীতৰ লগতে ওতঃপ্ৰোত ভাৱে জড়িত হয় । প্ৰথম”অনামিকা “অসমীয়া গীতৰ এলবাম মুকলি কৰি জনপ্ৰিয়তা বৃদ্ধি কৰে । তথ্যমতে ৪০টা ভাষাত সৰ্বমুঠ বিশ হাজাৰৰো অধিক গীত পৰিবেশন কৰে। ২০০৭ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা অসমীয়া ছবি “দীনবন্ধু’ৰ তেওঁ সহ পৰিচালক আছিল । জুবিনে পৰিচালনা কৰা অভিনয় কৰা বহুতো চিনেমা আছে । ২০২৫ চনটো অসমৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ল । মানৱদৰদী প্ৰাণৰ শিল্পীৰ গৰাকীৰ গীত বিহু মঞ্চত দেখিবলৈ নেপাম ।১৯ চেপ্তেম্বৰ ২০২৫ চনত সকলোকে কন্দোৱাই অসমৰ ইমুৰৰ পৰা সিমুৰলৈ অগনন জনগণৰ মাজত জাতিৰ সত্বা নাই বুলি জনতাৰ চকুত চকুলোৰে বোৱাই গুচি গ’লগৈ উভতি নহা বাটে ।এটি উজ্জ্বল নক্ষত্ৰ হেৰাই গ’ল ,সুৰ এটি নোহোৱা হ’ল নিষ্ঠুৰ বতাহে কঢ়িয়াই আনিলে দুখৰ বাতৰি । জুবিনে কি নাজানিছিল তবলা ,কীবোৰ্ড ,হাৰমোনিয়াম ,গীটাৰ ,ঢোল , দোতৰা ম্যাণ্ডোলিন আদি অনেক বাদ্যযন্ত্ৰ বজাব পাৰিছিল ।
অসমৰ সংস্কৃতিৰ পথাৰখনলৈ এক বৈপ্লৱিক পৰিবৰ্তন আনিলে ।তেওঁৰ ঐশ্বৰিক সংগীত প্ৰতিভাই কেৱল অসমৰ সংগীত জগতেই নহয় সমগ্ৰ ভাৰততে এক আলোড়নাৰ সৃষ্টি কৰিলে । সুৰৰ যাদুৰ শক্তিৰ যি লহৰ তুলি নতুন প্ৰজন্মৰ হৃদয় উকাকৰি শুন্য কৰি গুচি গ’ল ।মানুহৰ প্ৰতি যি উদাৰতা ,নিঃস্বাৰ্থ সহায় ,দান মানৱ দৰদী মনটোক প্ৰাণ ভৰি ভালপায় আজিও তেওঁৰ শুভকাংক্ষীয়ে । জুবিন গাৰ্গে বিশ্বাস কৰিছিল মানৱতাই শ্ৰেষ্ঠ ধৰ্ম ।তেওঁৰ চিন্তাধাৰা আছিল আকাশ , সাগৰৰ দৰে সুবিশাল । মানৱ দৰদী জুবিনে আৰ্তজনক সহায় কৰাৰ লগতে অসুখত ভূগি থকা লোকক কিমান জনক যে সহায় কৰিছিল । দৰিদ্ৰ ,নিঠৰুৱা উপায়হীন জনক টকা- পইচাৰে মুক্ত মনেৰে দান কৰিছিল ।নিজৰ যোগ্যতাৰে অনাথ শিশুক মৰম স্নেহ আশ্বাসেৰে জীৱনৰ বাট সুগম হোৱাত সহায় কৰিছিল । জুবিনে প্ৰকৃতিৰ হাবি-গছ-গছনি নদ-নদী,বনৰীয়া ঘৰচীয়া জন্তু ,বৰ ভাল পাইছিল ।
সৰুকালৰে পৰাই বনৰীয়া জন্তু ,ঘৰচীয়া কৰাৰ বা আদৰ কৰাৰ প্ৰবল হেঁপাহ আছিল । দেউতাকৰ চাকৰিৰ বাবে সৰুৰে পৰা তুৰা ,তামোলপুৰ ,কৰিমগঞ্জ ,যোৰহাট অসমৰ বিভিন্ন ঠাইৰ প্ৰাকৃতিক পৰিবেশৰ লগত খাপ খাই যাব পাৰিছিল ।তেওঁক ভালপোৱা মানুহৰ সমান্তৰাল ভাৱে বিভিন্ন সময়ত সমালোচনা কৰা এচাম মানুহৰো কিন্তু অভাৱ নাছিল ।জুবিনে কৈছিল –গছৰ লগত থাকিলে মানুহ বহুত দিনলৈ জীয়াই থাকিব পাৰে ।গছ কটাৰ বিৰোধিতা আছিল ।গছ নাথাকিলে ঠাই ডোখৰৰ পুণৰ সৌন্দৰ্য ঘুৰাই পামনে ? নাহৰ গছ ৰোপন কৰি বৰ ভাল পাইছিল । কঠোৰ পৰিশ্ৰম ,দায়বদ্ধতা ,সাহস আৰু ত্যাগৰ এই গুণ আমাৰ শিল্পী গৰাকীৰ পৰাও আমি আদৰ্শ লোৱা উচিত ।
বিনম্ৰতা মানুহৰ মহৎ গুণ ।জুবিন গাৰ্গৰ সৰলতাই হৈছে তেওঁৰ শক্তিৰ মুল । টকা-পইচাতকৈ কৰ্ম আৰু সৃষ্টিৰ মাজেৰে সদায় মানুহৰ মাজত জীয়াই থাকিব বিচাৰিছিল ,সকলোৰে প্ৰাণৰ শিল্পীজনে জাতি ,মাটিক ভালপোৱা সৃষ্টিৰাজিৰে লাখ লাখ হৃদয়ত তোলপাৰ লগাব পৰা জুবিনগাৰ্গৰ মানৱীয় প্ৰমূল্যবোধ অনন্য । জাতিৰ প্ৰতি ,ভাষাৰ প্ৰতি ,নামি অহা উদ্বিগ্ন জুবিন গাৰ্গে কিতাপ নপঢ়া জাতিক গামোচাই জীয়াই নাৰাখে বুলি কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ । এখন অচিন বিদেশী ঠাই ছিংগাপুৰত কি পৰিস্থিতিত ৰহস্যজনক ভাৱে প্ৰাণৰ শিল্পীগৰাকীয়ে মৃত্যুক আকোঁৱালি ল’লে সকলোৰে মনত আলোড়নৰ সৃষ্টি কৰিলে ।শেষ শ্ৰদ্ধাৰে “মায়াবিনী ৰাতিৰ বুকুত “শিল্পীগৰাকীৰ প্ৰিয়গীতটিৰে বিশ্বৰ প্ৰান্তে ,প্ৰান্তে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে । হিয়াৰ আমঠু সমাধিস্থান সোণাপুৰ -জুবিন ক্ষেত্ৰ এতিয়া তীৰ্থস্থলী ।যুৱ-প্ৰজন্মই তেওঁৰ আদৰ্শৰে এক নতুন বাটৰ সূচনা হয় ঈশ্বৰৰ পুত্ৰৰ স্থান ই এক পূৰ্ণভূমি ,ই এক মন্দিৰ হওঁক ,আশীষ বিচাৰিছো প্ৰাপ্য ন্যায়ৰ । অমৰ হওক আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ।
কবিতাৰ ভাষাৰে —–
হে দৰদী শিল্পী
তোমাৰ সৃষ্টিৰাজি
অপূৰ্ব গীতবোৰ
মধুৰ উদাত্ত কন্ঠৰে গোৱা
আকাশৰ ভোটা তৰাটিৰে
উজ্জ্বলি ৰ’ব
অসমীয়া জাতিৰ পৰিচয়ৰে
প্ৰাণৰ স্পন্দন হৈ
হৃদয়ে ,হৃদয়ে—
সজীৱ হৈ জীয়াই থাকিব
মৃত্যুক জিনি অমৰত্বৰে
চিৰদিন ,চিৰকাল
সশ্ৰদ্ধাৰে যাচিলোঁ সহস্ৰ প্ৰণাম ।
