জটিলতা
বনজিত দাস,ৰিহাবাৰী, বজালী
সৃষ্টিৰ জটিলতাৰ মাজত আছো নে —
নে আমিয়েই গঢ়িছোঁ,
জটিলতাৰ অদৃশ্য জাল ?
মোৰ বুকুখন আছে বাৰু ক’ত —
হাড় মঙহৰ এই দেহত,
নে অনুভৱৰ নিৰ্জন কোণত ?
মই বাৰু ময়েই নে —
আইনাত দেখা কেৱল
এটি কায়া ।
চিন্তাৰ আঁৰত কোনে জীয়াই থাকে
নিস্তব্ধতাৰ ভিতৰত
কোনে মোক প্ৰশ্ন কৰে ?
সৃষ্টি যদি ৰহস্য
তেন্তে স্ৰষ্টা কোন —
মই,
নে মোৰ ভিতৰতেই
জন্ম লোৱা সেই
অদৃশ্য ” মই ” টো ?
বিচাৰিটো এখন মুক্ত আকাশ !!
