দ্বিতীয়দিনাও ফাষ্টট্রেক আদালতত সাক্ষ্যদান প্রবাসী সুস্মিতাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ হত্যা গোচৰত দ্বিতীয় দিনাও ফাষ্টট্রেক আদালতত সাক্ষ্যদান কৰে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া সুস্মিতা গোস্বামীয়ে। পুৱাৰ ভাগতে সাক্ষ্যদানৰ বাবে ফাষ্টট্রেক আদালতত সুস্মিতা গোস্বামী উপস্থিত হয়। অৱশ্যে জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হোৱাৰ সময়ত হোৱা য়াট পাটীৰ অনুষ্ঠানত উপস্থিত থকা সুস্মিতা গোস্বামীৰ সাক্ষ্যদান দ্বিতীয়িদনাও সম্পূৰ্ণ নহ’ল। উল্লেখ্য যে এইগৰাকী সুস্মিতা গোস্বামীয়ে য়াট পাৰ্টীৰ আৰম্ভণিৰ পৰা শিল্পীগৰাকীৰ মৃত্যুৰ আগমুহূৰ্তলৈকে সকলো দৃশ্যাংশ নিজৰ ম’বাইলত বন্দী কৰিছিল। কিছুসংখ্যক দৃশ্য ম’বাইলৰ পৰা আঁতৰাই পেলোৱা হৈছিল যদিও এছআইটিয়ে তদন্তৰ সময়ত সুস্মিতাৰ ম’বাইলৰ পৰা উক্ত দৃশ্যসমূহ পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছআইটিয়ে বিগত বৰ্ষৰ ৯ অক্টোবৰত আন দুই প্রবাসী অসমীয়াসহ সুস্মিতা গোস্বামীক জেৰাৰ বাবে হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল। সেই অনুসৰি যোৱা ১৫ অক্টোবৰত জেৰাৰ বাবে গুৱাহাটীত উপস্থিত হৈছিল সুস্মিতা গোস্বামী আৰু তেওঁক এছআইটিয়ে কেইবাঘণ্টা ধৰি জেৰা চলাইছিল। উক্ত জেৰাৰ সুদীর্ঘ ১০ মাহৰ পাছত ফাষ্টট্রেক আদালতত সাক্ষ্যদানৰ বাবে ছিংগাপুৰৰ পৰা গুৱাহাটীত উপস্থিত হয় সুস্মিতা গোস্বামী। মঙলবাৰৰ দিনটোত ফাষ্টট্রেক আদালতে সুস্মিতা গোস্বামীৰ বিয়লি ৫ বজালৈকে সাক্ষ্যগ্রহণ কৰে। দ্বিতীয় দিনা সাক্ষ্যগ্ৰহণৰ পিছত আদালতৰ বাহিৰলৈ ওলাই আহি সুস্মিতাই সংবাদ মাধ্যমৰ আগত কয় যে আদালতত তেওঁৰ সাক্ষ্যদান চলি আছে। সেয়েহে উক্ত গোচৰ সন্দর্ভত এতিয়া তেওঁ কোনো মন্তব্য কৰিব নোৱাৰে। বৃহস্পতিবাৰে সাক্ষ্যদান শেষ হ’ব আৰু তেতিয়াহে এই বিষয়ক লৈ মন্তব্য কৰিব পৰা যাব বুলিও সুস্মিতাই ব্যক্ত কৰে। আনহাতে তেওঁৰ হাতত থকা তথ্য সন্দৰ্ভত কয় যে সকলো ভিডিঅ’ এতিয়া আৰক্ষী আৰু আদালতৰ হাতত আছে। ইয়াতকৈ বেছি একো ক’ব নোৱাৰোঁ। মই এতিয়া একো ষ্টেটমেন্ট দিব নোৱাৰোঁ। ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন লাভৰ বাবে আবেদন কৰা সন্দীপন গাৰ্গ আৰু অমৃতপ্রভা মহন্তই সকাহ লাভ নকৰিলে। জামিন আবেদনৰ শুনানিৰ বাবে মিতালী ঠাকুৰীয়াৰ আদালত সন্মত নোহোৱাত তেওঁলোকৰ জামিন আবেদনৰ অহা ১৭ ছেপ্টেম্বৰত পৰৱৰ্তী শুনানি ধাৰ্য কৰা হৈছে।
