নিশাৰ নীৰৱ সাধনা আৰু অদেখা হৃদয়ৰ স্পন্দন: এজন প্ৰচাৰবিমুখ লেখকৰ আত্মিক ডায়েৰী – শচীন্দ্ৰ কুমাৰ দাস

Pc Unsplash

নিশাৰ নীৰৱ সাধনা আৰু অদেখা হৃদয়ৰ স্পন্দন: এজন প্ৰচাৰবিমুখ লেখকৰ আত্মিক ডায়েৰী

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী 

দিনটোৰ ক্লান্তি, কোলাহল আৰু জীৱন যুঁজৰ অন্তহীন ব্যস্ততাৰ অন্তত যেতিয়া সমগ্ৰ ধৰা নীৰৱতাত মগ্ন হয়, তেতিয়াই যেন মোৰ আচল পৃথিৱীখনৰ দুৱাৰ খোল খায়। ঘড়ীৰ কাঁতাই নিশা বাৰটা বা এটা কোবোৱাৰ সময়ত, সমগ্ৰ পৃথিৱী যেতিয়া নিদ্ৰামগ্ন, তেতিয়া মোৰ নিৰ্জন কোঠাটোৰ টেবুল লেম্পটোৰ মৃদু পোহৰত মই কলম তুলি লওঁ। এই সাধনা কোনো সস্তীয়া প্ৰচাৰৰ বাবে নহয়, কোনো নাম-যশ বা জগতক নিজৰ পৰিচয় জাহিৰ কৰাৰ বাবেও নহয়। এইয়া মোৰ অন্তৰৰ এক স্বতঃস্ফূৰ্ত ব্যাকুলতা আৰু সমাজৰ প্ৰতি থকা এজন দায়বদ্ধ নাগৰিকৰ কৰ্তব্যবোধৰ নিভেজাল বহিঃপ্ৰকাশ। টোপনি ক্ষতি কৰিও লাভ কৰা এই ক্লান্তিহীন আনন্দৰ মূল্য মোৰ বাবে চকুৰ টিপাতে জীৱনক অনুভৱ কৰাৰ দৰে।

সাহিত্য চৰ্চা কেৱল শব্দ সজোৱাৰ এক যান্ত্ৰিক খেলা নহয়, ই হ’ল জীৱনৰ বুকুত উশাহ বিচাৰি ফুৰা সৰু সৰু অভিজ্ঞতাবোৰক কাগজৰ বুকুত প্ৰাণ দি তোলাৰ এক অবুজ প্ৰয়াস। আমি যি সমাজত উশাহ লৈ আছোঁ, তাৰ চুকে-কোণে সিঁচৰিত হৈ থকা সুখ-দুখ, অন্যায়-অবিচাৰ আৰু মানৱীয় প্ৰমূল্যবোধক গল্প, কবিতা বা সমসাময়িক প্ৰবন্ধৰ মাজেৰে ধৰি ৰখাটো মোৰ দৃষ্টিত এক সামাজিক ধৰ্ম। দিনটোৰ দুখ-কষ্টৰ পিছত মই সমাজৰ বিভিন্ন দিশক লৈ যি অনুভৱ কৰোঁ, তাক শব্দৰ ৰূপ দিওঁ। মোৰ জীৱনৰ এই ক্ষুদ্ৰ অভিজ্ঞতাই যদি কোনোবা এজন হতাশাগ্ৰস্ত ব্যক্তিক নতুনকৈ জীয়াই থকাৰ সাহস দিয়ে, কাৰোবাৰ অশ্ৰুসিক্ত চকুত অলপ হাঁহি বিৰিঙাব পাৰে, তেন্তে এজন স্ৰষ্টা হিচাপে মোৰ নিশাগৰকা সাধনা সাৰ্থক হয়।

আজিকালি তথ্য-প্ৰযুক্তিৰ দ্ৰুত প্ৰসাৰৰ যুগত ইমেইল বা হোৱাটছএপৰ এটা মেছেজতে সাহিত্যৰ আদান-প্ৰদান সম্ভৱ হৈ পৰিছে। এই মাধ্যমেৰেই বিভিন্ন বাতৰি কাকত বা আলোচনীৰ সন্মানীয় সম্পাদকসকলৰ সৈতে মোৰ এক আত্মিক সম্পৰ্ক গঢ়ি উঠিছে। ই এক আচৰিত আৰু পবিত্ৰ অনুভৱ যে যিসকল মুৰব্বী বা সম্পাদকে মোৰ লিখনিসমূহ চকু ফুৰাই আগ্ৰহেৰে প্ৰকাশৰ ব্যৱস্থা কৰে, তেওঁলোকক মই জীৱনত কোনোদিনে চকুৰেও দেখা নাই। আমাৰ মাজত কোনো ব্যক্তিগত চিনাকি নাই, নাই কোনো মুখামুখি কথা-বতৰা। মাথোঁ হোৱাটছএপ বা ইমেইলৰ ঠিকনাটোৱেই আমাৰ একমাত্ৰ পৰিচয়। তথাপিও কেৱল মোৰ কলমৰ ভাষা আৰু চিন্তাৰ শক্তিক আদৰি লৈ তেওঁলোকে যি নিৰপেক্ষতা আৰু মৰম প্ৰদৰ্শন কৰে, তাৰ বাবে মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা তেওঁলোকলৈ সশ্ৰদ্ধ প্ৰণাম আৰু ধন্যবাদ ওলাই আহে। তেওঁলোকৰ এই উদাৰতাই সাহিত্যক জীয়াই ৰাখিছে।

কেতিয়াবা এনেকুৱাও হয়, মই পঠোৱা লেখা প্ৰকাশ হোৱা কাকত বা আলোচনীখন নানা কাৰণত মোৰ নিজৰ হাতত  নাপাও। লেখা বা ছপা আখৰত নিজৰ নামটো চকুৰে দেখাৰ যি হেঁপাহ, সি আধৰুৱা হৈ ৰয়। কিন্তু তেনে সময়তে হঠাতে কোনোবা দূৰ-দূৰণিৰ গাঁও বা চহৰৰ এজন সম্পূৰ্ণ অচিনাকি পঢ়ুৱৈয়ে মোৰ নম্বৰটো বিচাৰি উলিয়াই ফোন কৰে। সিপাৰৰ পৰা যেতিয়া কঁপা কঁপা মাতেৰে কয়— “আপোনাৰ লেখাটো পঢ়িলোঁ, মোৰ বুকুখন চুই গ’ল,” বা লেখাটোৰ বিষয়ে মৰমেৰে দুটামান পৰামৰ্শ আগবঢ়ায়, তেতিয়া মোৰ গোটেই গাৰ নোম শিয়ঁৰি উঠে, আনন্দত মনটো ময়ূৰৰ দৰে নাচি উঠে। সেই মূহূৰ্তত দিনটোৰ সমস্ত ভাগৰ, নিশা সাৰে থকাৰ সকলো ক্লান্তি নিমেষতে নোহোৱা হৈ যায়। তেওঁলোকৰ এই নিভেজাল আন্তৰিকতাই মোৰ বুকুত এক অবুজ উচাহৰ জন্ম দিয়ে আৰু সেই বাবেই মই আকৌ লিখিবলৈ প্ৰেৰণা পাওঁ।

কোনো প্ৰচাৰৰ আলোড়ন নিবিচৰাকৈ, কেৱল সৃষ্টিৰ অনাবিল আনন্দ আৰু সামাজিক দায়বদ্ধতাক সাৰথি কৰি কৰা এই সাহিত্য যাত্ৰাই মোৰ জীৱনটোক অৰ্থপূৰ্ণ কৰি তুলিছে। পঢ়ুৱৈৰ বুকুত গঢ়ি উঠা এই অদৃশ্য আত্মিক সেতু আৰু সম্পাদকসকলৰ নিস্বাৰ্থ মৰমেই মোৰ সৃষ্টিৰ মূল মূলধন। এই পবিত্ৰ বন্ধন যুগ যুগ ধৰি অটুট থাকক, মোৰ ভাঙি পৰিব খোজা কলমে সমাজৰ হকে সদায় লিখি যাওক, তাৰেই প্ৰাৰ্থনা কৰিলোঁ।