ভাৰতৰ প্ৰধানমন্ত্ৰী লগত ইটালীৰ প্ৰধানমন্ত্ৰীৰ আফগানিস্তানৰ পৰিস্থিতিক কেন্দ্ৰ কৰি টেলিফোনিক বাৰ্তালাপ

Pc- ANI News

ভাৰতৰ প্ৰধানমন্ত্ৰী লগত ইটালীৰ প্ৰধানমন্ত্ৰীৰ আফগানিস্তানৰ পৰিস্থিতিক কেন্দ্ৰ কৰি টেলিফোনিক বাৰ্তালাপ

অনলাইন বাৰ্ত্তাসেৱা- আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিক কেন্দ্ৰ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত ইটালীৰ প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ। ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’দ্ৰাঘিৰ সৈতে আফগানিস্তানত দেখা দিয়া পৰিস্থিতি সন্দৰ্ভত দুয়ো নেতায়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীৰ লগত হোৱা টেলিফোনিক বাৰ্তালাপত দুয়ো নেতাই আফগানিস্তানৰ পৰিস্থিতি আৰু ইয়াৰ ফলত বিশ্বৰ লগতে আফগানিস্তানৰ ওপৰত কিদৰে প্ৰভাৱ পৰিব সেই বিষয়ে আলোচনা কৰে। এই আলোচনাতে কাবুল বিমান বন্দৰত সংঘটিত আত্মঘাতী বিস্ফোৰণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে কাবুলত আৱদ্ধ হৈ থকা লোকসকলক স্থানান্তৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে দুয়োগৰাকী নেতাই। আফগানিস্তানৰ উন্নয়নৰ ফলত সৃষ্টি হোৱা মানৱীয় আৰু নিৰাপত্তা পুনৰ সংকটৰ মাজলৈ অহাত জি-২০ কে ধৰি আন্তঃৰাষ্ট্ৰীয় সমুদায়ৰ সহযোগিতাৰ পোশকতা কৰিছে দুয়ো নেতাই। এই বৈঠকৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত এক টুইট কৰি কয় যে, তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’দ্ৰাঘিৰ সৈতে আলোচনা কৰিছে। এই আলোচনাত আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় প্ৰৰ্যায়ত সন্মিলিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হৈছে।

(Utpal Kalita)