টকিঅ’ পেৰালিম্পিক জেভেলিন (এফ ৬৪) ভাৰতৰ সুমিত এণ্টিলে নতুন বিশ্ব অভিলেখ গঢ়ি  স্বৰ্ণ জয়

pc- Scroll.in

টকিঅ’ পেৰালিম্পিক জেভেলিন (এফ ৬৪) ভাৰতৰ সুমিত এণ্টিলে নতুন বিশ্ব অভিলেখ গঢ়ি  স্বৰ্ণ জয়

অনলাইন বাৰ্ত্তাসেৱা-  টকিঅ’ পেৰালিম্পিকত ভাৰতৰ সুমিত এণ্টিয়েলে পুৰুষৰ জেভলিন (এফ ৬৪)ত ৬৮.৫৫ মিটাৰ নতুন বিশ্ব ৰেকৰ্ড থ্ৰোৰ সৈতে  স্বৰ্ণ জয় কৰে। সুমিত এণ্টিলে  টকিঅ’ত পেৰালিম্পিকৰ ফাইনেলৰ সময়ত  এবাৰ নহয়, দুবাৰ নহয় তিনিবাৰকৈ বিশ্ব অভিলেখ গঢ়িছিল। তেওঁৰ দ্বিতীয় থ্ৰোৰে ইয়াক উন্নত কৰাৰ আগতে তেওঁ প্ৰথম প্ৰচেষ্টাত ৬৬.৯৫ মিটাৰ থ্ৰো কৰি নতুন বিশ্ব অভিলেখ গঢ়িছিল। তাৰ পিছত তেওঁৰ পঞ্চম প্ৰচেষ্টাত, তেওঁ পুনৰ ৬৮.৫৫ মিটাৰ থ্ৰোৰে এক নতুন বিশ্ব অভিলেখ গঢ়িলে। সহযোগী ভাৰতীয় সন্দীপ চৌধুৰীয়ে ৬২.২০ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে ইভেণ্টটোত চতুৰ্থ স্থান লাভ কৰে।

 

(RT)