সমাজ গঢ়াৰ মহান খনিকৰ: এজন আদৰ্শ শিক্ষকৰ দায়বদ্ধতা
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
মানৱ সভ্যতাৰ বিকাশৰ যি দীঘলীয়া ইতিহাস, সেই ইতিহাসৰ প্ৰতিটো খোজতে এজন পথপ্ৰদৰ্শকৰ উপস্থিতি অনুভৱ কৰা যায়। সমাজ এখনৰ ভেটিটো যিমান মজবুত হয়, সেই সমাজখনৰ ভৱিষ্যৎ সিমানেই উজ্জ্বল হোৱাটো স্বাভাৱিক। এই সমাজ নামৰ বিশাল অট্টালিকাটোৰ যিগৰাকী প্ৰধান খনিকৰ, তেওঁ হ’ল এজন আদৰ্শ শিক্ষক। আদিম যুগৰ পৰা আধুনিক যুগলৈকে জ্ঞানৰ যি ধাৰাবাহিক প্ৰৱাহ বৈ আহিছে, তাক পৰৱৰ্তী প্ৰজন্মৰ হাতত তুলি দিয়াৰ গুৰু দায়িত্ব শিক্ষকেই পালন কৰি আহিছে। শিক্ষকতা অকল এটা বৃত্তি বুলি ভাবিলে ভুল কৰা হ’ব। ইয়াক এক পবিত্ৰ ব্ৰত হিচাপে গণ্য কৰাৰ পৰম্পৰা আমাৰ সমাজত অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। গুৰু-শিষ্যৰ পৰম্পৰাই ভাৰতীয় সংস্কৃতিক বিশ্বৰ দৰবাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। এজন শিক্ষকে অকল আখৰৰ জ্ঞান নিদিয়ে, তেওঁ এজন ব্যক্তিক মানুহ হিচাপে গঢ়ি তোলাত সহায় কৰে। সমাজৰ নৈতিক অৱক্ষয় ৰোধ কৰাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অপৰিসীম। বৰ্তমানৰ জটিল সময়ত যেতিয়া মানৱীয় মূল্যবোধবোৰ ক্ৰমান্বয়ে ম্লান পৰি আহিছে, তেতিয়া এজন আদৰ্শ শিক্ষকৰ দায়িত্ব বহু পৰিমাণে বৃদ্ধি পাইছে। তেওঁ অকল শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজতে আবদ্ধ থকা এজন কৰ্মচাৰী নুবুজায়, তাৰ বিপৰীতে তেওঁ সমাজৰ প্ৰতিটো দিশতে নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰ পোহৰ বিলাই দিয়া এজন সমাজ সংস্কাৰক। পৃথিৱীত যিমানেই উচ্চ প্ৰযুক্তিৰ আগমন নঘটক কিয়, এজন শিক্ষকৰ যি উমাল স্পৰ্শ আৰু মানৱীয় দৃষ্টিভংগী, তাৰ বিকল্প কেতিয়াও কোনো যন্ত্ৰ হ’ব নোৱাৰে। শিক্ষকৰ ব্যক্তিত্বই ছাত্ৰ-ছাত্ৰীৰ মনত যি গভীৰ সাঁচ বহুৱায়, সেয়া তেওঁলোকৰ সমগ্ৰ জীৱনৰ বাবে পাথেয় হৈ ৰয়। সেয়েহে এজন শিক্ষকৰ নৈতিকতা, চৰিত্ৰ আৰু কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰিয়েই এখন সমাজৰ উত্তৰণ নিৰ্ভৰ কৰে। জ্ঞানৰ বিস্তাৰৰ লগে লগে সমাজত চলি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰাবলৈ এজন শিক্ষকে সদায় অগ্ৰণী ভূমিকা লৈ আহিছে। তেওঁৰ আদৰ্শই সমাজৰ আন দহজনক অনুপ্ৰাণিত কৰে। এজন ভাল শিক্ষকে জানে যে প্ৰতিটো শিশুৰ মাজত একো একোটা সম্ভাৱনা লুকাই থাকে আৰু সেই সম্ভাৱনাটোক সঠিক দিশত আগুৱাই নিয়াটোৱেই তেওঁৰ প্ৰধান লক্ষ্য। সমাজৰ প্ৰতি থকা দায়বদ্ধতাই এজন শিক্ষকক সাধাৰণ মানুহৰ পৰা পৃথক কৰি এক অনন্য মাত্ৰা প্ৰদান কৰে। দেশৰ ভৱিষ্যৎ নিৰ্মাণৰ ক্ষেত্ৰত শিক্ষকৰ দান অতুলনীয়। কোনো এখন দেশৰ অৰ্থনৈতিক বা বৈজ্ঞানিক উন্নতি অকল অৰ্থ বা যন্ত্ৰৰ দ্বাৰা সম্ভৱ হৈ নুঠে, ইয়াৰ বাবে প্ৰয়োজন হয় সুশিক্ষিত আৰু সুচৰিত্ৰবান নাগৰিকৰ। তেনে নাগৰিক গঢ়াৰ কাৰখানাসমূহ হ’ল শিক্ষানুষ্ঠান আৰু তাৰ মূল চালিকা শক্তি হ’ল শিক্ষক। সমাজৰ প্ৰতি থকা এই নিঃস্বাৰ্থ সেৱাৰ বাবেই শিক্ষকক সমাজৰ মেৰুদণ্ড বুলি কোৱা হয়। তেওঁৰ হাততেই নিৰ্মিত হয় আগন্তুক দিনৰ বিজ্ঞানী, সাহিত্যিক, ৰাজনীতিবিদ আৰু সমাজকৰ্মীসকল। গতিকে এজন আদৰ্শ শিক্ষকৰ দায়বদ্ধতাৰ পৰিসৰ অতি বিশাল আৰু গভীৰ।
এজন আদৰ্শ শিক্ষকৰ দায়বদ্ধতাৰ কথা ক’বলৈ গ’লে প্ৰথমে তেওঁৰ কৰ্তব্যনিষ্ঠাৰ দিশটো চকুৰ আগত ভাঁহি উঠে। শিক্ষকৰ প্ৰাথমিক কাম হ’ল ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদান কৰা, কিন্তু এই জ্ঞান অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকিলে কাম নিদিব। শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ’ল ব্যক্তিৰ চৰিত্ৰ গঠন আৰু অন্তৰ্নিহিত গুণসমূহৰ বিকাশ সাধন কৰা। এজন শিক্ষকে নিজৰ আচৰণ আৰু কামৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ আগত এক উদাহৰণ দাঙি ধৰিব লাগে। যিজন শিক্ষকে নিজে সময় মানি চলে, তেওঁহে ছাত্ৰ-ছাত্ৰীক সময়ৰ গুৰুত্ব বুজাব পাৰে। সমাজত সততা আৰু নৈতিকতাৰ চৰ্চা কৰিবলৈ হ’লে শিক্ষকে নিজে সেই পথত অগ্ৰসৰ হোৱাটো প্ৰয়োজনীয়। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন ধৰণৰ নেতিবাচক প্ৰভাৱৰ চিকাৰ হোৱা দেখা যায়। সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ, ড্ৰাগছৰ দৰে মাৰাত্মক নিচা আৰু নৈতিক পতনৰ এই সন্ধিক্ষণত এজন শিক্ষকে ঢাল হৈ থিয় দিয়াটো জৰুৰী। তেওঁ ছাত্ৰ-ছাত্ৰীক অকল গণিত বা বিজ্ঞান শিকাই ক্ষান্ত থাকিলে নহ’ব, তেওঁলোকৰ মানসিক অৱস্থাটোও বুজিবলৈ চেষ্টা কৰিব লাগিব। প্ৰতিজন ছাত্ৰৰ সমস্যা বেলেগ বেলেগ হোৱাটো স্বাভাৱিক। কোনো এজন ছাত্ৰ হয়তো পঢ়াত দুৰ্বল, কোনোবা এজন হয়তো পাৰিবাৰিক অশান্তিৰ মাজত দিন পাৰ কৰিছে। তেনে অৱস্থাত এজন শিক্ষকে তেওঁলোকৰ সৈতে বন্ধুৰ দৰে মিলামিছা কৰি তেওঁলোকৰ মনৰ দুখ আঁতৰাবলৈ চেষ্টা কৰা উচিত। ইয়াৰ উপৰি সমাজৰ দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক শিক্ষাৰ মূল সুঁতিলৈ আনিবলৈ শিক্ষকসকলে আগভাগ ল’ব লাগে। বহু সময়ত দেখা যায় যে আৰ্থিক অভাৱৰ বাবে বহুত মেধাৱী ছাত্ৰই পঢ়া-শুনা এৰি দিবলগীয়া হয়। তেনে ক্ষেত্ৰত এজন আদৰ্শ শিক্ষকে যিমান পাৰি সহায়ৰ হাত আগবঢ়োৱা দেখা যায়। সমাজ গঢ়াৰ এই প্ৰক্ৰিয়াত শিক্ষকে সমাজৰ সচেতন নাগৰিক হিচাপেও ভূমিকা পালন কৰিব লাগে। গাঁৱৰ বা চহৰৰ যিকোনো সমস্যাত শিক্ষকৰ পৰামৰ্শক সমাজৰ মানুহে গুৰুত্ব সহকাৰে লয়। সেই মৰ্যাদা ৰক্ষা কৰাটো শিক্ষকৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে। শিক্ষকে অকল বিদ্যা বিতৰণ কৰাই নপৰে, সমাজৰ পৰা অশিক্ষা আৰু কুসংস্কাৰ দূৰ কৰাৰ বাবেও সংগ্ৰাম কৰিব লাগে। বিজ্ঞানমনস্কতা গঢ়ি তোলাত শিক্ষকৰ অৱদান স্বীকাৰ কৰিবই লাগিব। ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কৰিবলৈ শিকোৱা আৰু যুক্তিৰে সকলো কথা বিচাৰ কৰিব পৰাকৈ গঢ়ি তোলাটো এজন শিক্ষকৰ কৃতিত্ব। যেতিয়া এজন শিক্ষকে নিজৰ ব্যক্তিগত স্বাৰ্থতকৈ ছাত্ৰৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে, তেতিয়া তেওঁ প্ৰকৃত অৰ্থত এগৰাকী আদৰ্শ শিক্ষক হিচাপে পৰিগণিত হয়। জ্ঞানৰ কোনো সীমা নাই আৰু এজন শিক্ষকে নিজেও আজীৱন এজন ছাত্ৰ হৈ থকাটো বাঞ্ছনীয়। নতুন নতুন তথ্য আৰু প্ৰযুক্তিৰ সৈতে পৰিচিত হৈ সেইসমূহ ছাত্ৰ-ছাত্ৰীৰ মাজত সহজভাৱে বিলাই দিয়াটো এক ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা জনহে প্ৰকৃত শিক্ষক। সমাজৰ প্ৰতি থকা দায়বদ্ধতাই তেওঁক ক্লান্ত হ’বলৈ নিদিয়ে। তাৰ পৰিৱৰ্তে নতুন উদ্যমেৰে আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে। সেয়েহে এজন শিক্ষকে সমাজৰ উত্তৰণৰ বাবে নিজকে উৎসৰ্গা কৰাটোৱেই হৈছে তেওঁৰ জীৱনৰ চৰম সাৰ্থকতা। এই যাত্ৰা কঠিন হ’ব পাৰে, কিন্তু ইয়াৰ পৰিণতি অতিশয় মধুৰ। এখন সুস্থ, সবল আৰু শিক্ষিত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ যি অৱদান, তাক যুগে যুগে মানৱ জাতিয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব।
এজন শিক্ষকৰ ব্যক্তিত্বই ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে, সেইয়া এক গভীৰ বিশ্লেষণৰ বিষয়। শৈশৱৰ পৰা কৈশোৰলৈকে যিটো সময়ত এজন ছাত্ৰৰ চৰিত্ৰ গঠিত হয়, সেই সময়ছোৱাত তেওঁ ঘৰৰ পিছতেই আটাইতকৈ বেছি সময় শিক্ষানুষ্ঠানত অতিবাহিত কৰে। গতিকে শিক্ষকৰ কথা-বতৰা, পিন্ধন-উৰণ আৰু তেওঁৰ দৃষ্টিভংগী ছাত্ৰৰ বাবে অনুসৰণযোগ্য হৈ পৰে। এজন আদৰ্শ শিক্ষকৰ মাজত থাকিবলগীয়া আটাইতকৈ ডাঙৰ গুণটো হ’ল ধৈৰ্য। শ্ৰেণীকোঠাত থকা সকলো ছাত্ৰৰ মেধা শক্তি সমান নহয়। কোনোবাই এটা কথা এবাৰতে বুজি পায়, আনহাতে আন কাৰোবাক বুজাবলৈ বহু সময়ৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত খং নকৰি মৰমেৰে বিষয়টো বুজাই দিব পৰাজনহে প্ৰকৃত শিক্ষক। শিক্ষকৰ এষাৰ মৰমৰ মাতেই এজন হতাশাগ্ৰস্ত ছাত্ৰক নতুন জীৱন দিব পাৰে। নৈতিকতাৰ শিক্ষা অকল মৌখিক হ’লে নচলিব। শিক্ষকে নিজে যদি সমাজত অসামাজিক কামৰ লগত জড়িত হয়, তেন্তে তেওঁ দিয়া নীতি-শিক্ষাৰ কোনো মূল্য নাথাকে। সমাজৰ মানুহে শিক্ষকক এজন শুদ্ধ পথপ্ৰদৰ্শক হিচাপে জ্ঞান কৰে। তেওঁৰ ওপৰত সমাজৰ এক অগাধ বিশ্বাস থাকে। এই বিশ্বাস ৰক্ষা কৰিবলৈ তেওঁ নিজৰ জীৱনটো পৰিপাটি আৰু নিয়মানুৱৰ্তিতাৰ মাজত ৰাখিব লাগে। এজন আদৰ্শ শিক্ষকে কেতিয়াও কোনো ছাত্ৰৰ মাজত বৈষম্য ভাৱ নাৰাখে। ধৰ্ম, জাতি বা আৰ্থিক অৱস্থাৰ ভিত্তিত ছাত্ৰক শ্ৰেণীবিভাজন কৰাটো এজন শিক্ষকৰ বাবে অনুচিত কাম। তেওঁৰ চকুৰ আগত সকলো ছাত্ৰই সমানে গুৰুত্বপূৰ্ণ। এই সমদৃষ্টিভংগীয়েই ছাত্ৰ-ছাত্ৰীৰ মাজত একতা আৰু ভাতৃত্ববোধৰ বীজ সিঁচি দিয়ে। শিক্ষকতাৰ ক্ষেত্ৰখনত আত্মবিশ্বাসৰ প্ৰয়োজন অতি বেছি। শিক্ষকে যেতিয়া কোনো এটা বিষয় পঢ়ায়, তেতিয়া তেওঁৰ স্পষ্টবাদিতা আৰু জ্ঞানৰ গভীৰতাই ছাত্ৰক আকৰ্ষণ কৰিব পাৰিব লাগে। পাঠ্যপুথিৰ বাহিৰৰ জগতখনৰ লগতো ছাত্ৰক চিনাকি কৰি দিয়াটো শিক্ষকৰ অন্যতম দায়িত্ব। দেশ-বিদেশৰ খবৰ, বিজ্ঞানৰ নতুন আৱিষ্কাৰ আৰু সাহিত্যৰ ৰসাস্বাদন কৰিবলৈ শিক্ষকে অনুপ্ৰাণিত কৰিব লাগে। শিক্ষকে তথ্য যোগান ধৰা আৰু সেই তথ্যসমূহ কেনেকৈ জীৱনত প্ৰয়োগ কৰিব পাৰি, তাৰ পথ প্ৰদৰ্শন কৰাটোহে আচল কাম। এজন শিক্ষকে ছাত্ৰৰ গোপন প্ৰতিভাটো বিচাৰি উলিয়াব লাগে। সকলো ল’ৰা-ছোৱালীয়েই যে পঢ়া-শুনাত ভাল হ’ব, তাৰ কোনো নিশ্চয়তা নাই। কোনোবা হয়তো খেলা-ধুলাত পাকৈত, কোনোবা হয়তো গান বা ছবিত নিপুণ। এজন আদৰ্শ শিক্ষকে সেই বিশেষ গুণটো চিনি পাই তাক উৎসাহিত কৰিব লাগে। এইদৰেই এজন শিক্ষকে সমাজৰ বাবে বিভিন্ন ক্ষেত্ৰৰ দক্ষ ব্যক্তি গঢ়ি তোলে। সমাজৰ প্ৰতি থকা দায়বদ্ধতাই তেওঁক দায়িত্বৰ প্ৰতি সজাগ কৰি ৰাখে। তেওঁ জানে যে তেওঁৰ হাততেই দেশৰ ভৱিষ্যৎ সুৰক্ষিত হৈ আছে। গতিকে নিজৰ কামত কোনো ধৰণৰ গাফিলতি কৰাটো তেওঁৰ বাবে অসম্ভৱ। শিক্ষকৰ এই নীৰৱ সাধনাই সমাজখনক ভিতৰৰ পৰা শক্তিশালী কৰে। এজন শিক্ষকৰ সফলতা তেওঁৰ ছাত্ৰৰ সফলতাতহে নিহিত থাকে। যেতিয়া এজন পুৰণি ছাত্ৰই সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হিচাপে নিজকে পৰিচয় দিয়ে, তেতিয়া সেই শিক্ষকজনৰ আনন্দৰ সীমা নাথাকে। সেই আনন্দই হৈছে শিক্ষকতাৰ আচল পুৰস্কাৰ। আৰ্থিক লাভালাভতকৈ সন্মান আৰু আত্মসন্তুষ্টিৰ বাবেহে এজন আদৰ্শ শিক্ষকে নিজৰ জীৱন উৎসৰ্গা কৰে। তেওঁৰ এই ত্যাগ আৰু শ্ৰমৰ বাবেই সমাজখন আজিও সুস্থ হৈ আছে। শিক্ষকৰ এই অৱদানক সমাজে সদায় উচ্চ স্থানত ৰখা উচিত।
বৰ্তমানৰ ডিজিটেল যুগত শিক্ষা ব্যৱস্থাৰ এক দ্ৰুত পৰিৱৰ্তন ঘটিছে। আগৰ দিনৰ দৰে অকল ক’লা বৰ্ড আৰু চক পেঞ্চিলেৰে এতিয়া শিক্ষা দান কৰাটো সীমাবদ্ধ হৈ থকা নাই। স্মাৰ্ট ক্লাছৰুম, অনলাইন শিক্ষা আৰু ই-লাৰ্নিং পদ্ধতিৰ পয়োভৰ ঘটিছে। এনে সময়ত এজন আদৰ্শ শিক্ষকৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। বহুতৰে মনত প্ৰশ্ন উদয় হয় যে গুগল বা কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত শিক্ষকৰ প্ৰয়োজন আছেনে? ইয়াৰ উত্তৰ হ’ল- এজন শিক্ষকে যি মানৱীয় মৰম আৰু সহানুভূতিৰে এজন ছাত্ৰক বুজাব পাৰে, তাক কোনো যন্ত্ৰই নোৱাৰে। তথ্য হয়তো ইণ্টাৰনেটত বিচাৰিলে পোৱা যায়, কিন্তু সেই তথ্যক জ্ঞানলৈ ৰূপান্তৰ কৰিবলৈ এজন শিক্ষকৰ নিৰ্দেশনা লাগিবই। এজন আদৰ্শ শিক্ষকে সময়ৰ লগত খোজ মিলাই নতুন প্ৰযুক্তিৰ সৈতে পৰিচিত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। তেওঁ যদি নিজেই আধুনিক শিক্ষা পদ্ধতিৰ বিষয়ে অৱগত নহয়, তেন্তে তেওঁ ছাত্ৰ-ছাত্ৰীক সঠিক দিশ দেখুৱাব নোৱাৰিব। কিন্তু প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ লগতে নৈতিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াটো শিক্ষকৰ অন্যতম দায়িত্ব। আজিৰ প্ৰজন্মৰ মাজত যি ধৈৰ্যৰ অভাৱ দেখা গৈছে, তাক দূৰ কৰিবলৈ শিক্ষকৰ সহায় লাগিব। সামাজিক মাধ্যমৰ জৰিয়তে বিয়পা অপসংস্কৃতি আৰু ভুল তথ্যৰ পৰা ছাত্ৰক আঁতৰাই ৰখাটো আজিৰ সময়ৰ এক ডাঙৰ প্ৰত্যাহ্বান। এজন আদৰ্শ শিক্ষকে সমাজত চলি থকা বিভিন্ন সমস্যাৰ বিৰুদ্ধেও মাত মাতিব লাগে। ডাইনী হত্যাৰ দৰে কুসংস্কাৰ, লিংগ বৈষম্য বা পৰিৱেশ প্ৰদূষণৰ দৰে বিষয়বোৰত ছাত্ৰ-ছাত্ৰীক সজাগ কৰাটো শিক্ষকৰ কৰ্তব্য। বিদ্যালয় এখন অকল পাঠদানৰ ঠাই নহয়, বিদ্যালয় হ’ল এক ক্ষুদ্ৰ সমাজ। ইয়াত ছাত্ৰ-ছাত্ৰীয়ে আনৰ লগত কেনেকৈ মিলি থাকিব লাগে, সেই শিক্ষা পায়। সমাজ গঢ়াৰ এই প্ৰাথমিক পাঠ শিক্ষকেই দিয়ে। ছাত্ৰ-ছাত্ৰীৰ মাজত থকা প্ৰতিযোগিতামূলক মানসিকতাক এক সুস্থ দিশ দিয়াটো প্ৰয়োজন। অকল বেছি নম্বৰ পোৱাটোৱেই জীৱনৰ লক্ষ্য হ’ব নালাগে, এজন ভাল মানুহ হোৱাটোৱেহে আচল লক্ষ্য, এই কথাটো শিক্ষকে হৃদয়ঙ্গম কৰাব লাগে। বৰ্তমান সময়ত মানসিক চাপৰ ফলত বহুতো ছাত্ৰই আত্মহত্যাৰ দৰে চৰম পথ বাছি লয়। তেনে ক্ষেত্ৰত এজন শিক্ষকে মনোবিজ্ঞানীৰ দৰে ছাত্ৰৰ মনৰ কথা বুজি তেওঁক সাহস দিব লাগে। শিক্ষক আৰু অভিভাৱকৰ মাজত এক সু-সম্পৰ্ক থকাটো প্ৰয়োজনীয়। এজন আদৰ্শ শিক্ষকে ছাত্ৰৰ উন্নতিৰ বাবে অভিভাবকৰ সৈতে নিয়মিত যোগাযোগ ৰাখে। সমাজৰ প্ৰতিটো স্তৰত শিক্ষাৰ পোহৰ বিলাই দিয়াটো এজন শিক্ষকৰ মূল উদ্দেশ্য। দুৰ্গম অঞ্চলত যিসকল শিক্ষকে সকলো ধৰণৰ অসুবিধাৰ মাজতো শিক্ষা দান কৰি আছে, তেওঁলোকৰ ত্যাগ অতুলনীয়। তেওঁলোকৰ এই নিৰৱ বিপ্লৱৰ বাবেই আজিও বহুতো পিছপৰা অঞ্চলত উন্নয়নৰ জোৱাৰ উঠিছে। এজন শিক্ষকে অকল নিজৰ বিষয়টো পঢ়াই দায়িত্ব শেষ বুলি ভাবিব নালাগে। তেওঁ সমাজৰ এগৰাকী সজাগ প্ৰহৰীৰ দৰে কাম কৰিব লাগে। দেশৰ আইন-কানুন, সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত ছাত্ৰক জ্ঞান দিয়াটো শিক্ষকৰ সামাজিক দায়বদ্ধতা। এই দায়বদ্ধতাই সমাজক শক্তিশালী কৰে আৰু এক সুস্থ পৰিৱেশৰ সৃষ্টি কৰে। শিক্ষকৰ এই বিশাল ভূমিকাৰ বাবেই তেওঁক সমাজৰ খনিকৰ বুলি কোৱা হয়।
সমাজ গঢ়াৰ যি নিৰন্তৰ প্ৰক্ৰিয়া, তাত শিক্ষকৰ স্থান সদায় সৰ্বোচ্চ হৈ থাকিব। এজন শিক্ষকে সিঁচি দিয়া জ্ঞানৰ বীজটোৱে এদিন এজোপা বিশাল মহীৰূহ হৈ সমাজক ছাঁ দিয়ে। এজন আদৰ্শ শিক্ষকৰ কোনো অৱসৰ নাই। কৰ্মজীৱনৰ পৰা অৱসৰ ল’লেও তেওঁ সমাজৰ বাবে সদায় এজন সন্মানীয় ব্যক্তি হৈ থাকে। তেওঁৰ পৰামৰ্শ আৰু আদৰ্শই ভৱিষ্যৎ প্ৰজন্মক সঠিক পথ দেখুৱাই থাকে। সমাজত শিক্ষকৰ মৰ্যাদা পুনৰ ঘূৰাই অনাটো আমাৰ সকলোৰে দায়িত্ব। বৰ্তমান বহু সময়ত শিক্ষকক অকল এজন বেতনভোগী কৰ্মচাৰী হিচাপে চোৱা হয়, যিটো আমাৰ সমাজৰ বাবে এক দুৰ্ভাগ্যজনক কথা। শিক্ষকক উপযুক্ত সন্মান আৰু সা-সুবিধা দিলেহে তেওঁ অধিক উৎসাহেৰে সমাজ গঢ়াৰ কামত ব্ৰতী হ’ব পাৰিব। এজন আদৰ্শ শিক্ষকৰ দায়বদ্ধতা অকল ছাত্ৰৰ প্ৰতি নহয়, সমগ্ৰ মানৱ জাতিৰ প্ৰতি। তেওঁ যি শিক্ষা দিয়ে, সেই শিক্ষাই সমাজৰ পৰা হিংসা, বিদ্বেষ আৰু অশান্তি দূৰ কৰিব পাৰে। বিশ্ব শান্তিৰ বাবে শিক্ষাৰ কোনো বিকল্প নাই আৰু সেই শিক্ষাৰ মূল কাণ্ডাৰীজন হ’ল শিক্ষক। ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আমাক এনে এদল শিক্ষকৰ প্ৰয়োজন, যিসকল মানসিকভাৱে সবল আৰু আধুনিক জ্ঞানত পাকৈত। ছাত্ৰ-ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ লগতে আধ্যাত্মিক আৰু নৈতিক চেতনা জাগ্ৰত কৰাটো শিক্ষকৰ লক্ষ্য হোৱা উচিত। সমাজৰ প্ৰতি থকা দায়বদ্ধতাই এজন শিক্ষকক মহান কৰে। তেওঁৰ হাততেই নিৰ্মিত হয় এখন শোষণমুক্ত আৰু ন্যায়পূৰ্ণ সমাজ। শিক্ষকৰ যি কষ্ট আৰু একাগ্ৰতা, তাৰ যোগ্য মূল্য হয়তো সমাজে কেতিয়াও দিব নোৱাৰে, কিন্তু তেওঁৰ আদৰ্শক বুকুত বান্ধি আগুৱাই যোৱাটোৱেই হ’ব তেওঁৰ প্ৰতি প্ৰকৃত সন্মান। প্ৰতিজন শিক্ষকে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে সচেতন হ’লে সমাজৰ পৰিৱৰ্তন নিশ্চিত। এজন শিক্ষকে অকল এজন ব্যক্তিক শিক্ষিত নকৰে, বৰঞ্চ এটা প্ৰজন্ম বা সমাজক শিক্ষিত কৰি তোলে। সেইবাবেই শিক্ষকৰ প্ৰভাৱ চিৰস্থায়ী। শ্ৰেণীকোঠাৰ পৰা আৰম্ভ হোৱা সেই জ্ঞানৰ যাত্ৰা এদিন সমাজৰ প্ৰতিটো কোণলৈ বিয়পি পৰে। সমাজ গঢ়াৰ এই মহান খনিকৰসকলক আমি সদায় শ্ৰদ্ধা জনোৱা উচিত। তেওঁলোকৰ অবিহনে এখন সভ্য সমাজৰ কল্পনা কৰাটো অসম্ভৱ। গতিকে এজন আদৰ্শ শিক্ষকৰ দায়বদ্ধতা অকল এটা দায়িত্ব নহয়, এয়া এক পবিত্ৰ অভিযান। এই অভিযানেই সমাজক পোহৰৰ দিশলৈ লৈ যাব। অনাগত দিনবোৰত শিক্ষাৰ মান উন্নত কৰিবলৈ আৰু সমাজৰ নৈতিক ভেটি মজবুত কৰিবলৈ শিক্ষকৰ ভূমিকা অধিক শক্তিশালী হোৱাটো একান্তই বাঞ্ছনীয়। আমাৰ সমাজৰ প্ৰতিজন শিক্ষকেই যেন একো একোটা আদৰ্শ হৈ ধৰা দিয়ে, সেয়াই আমাৰ কামনা। তেওঁলোকৰ ত্যাগ আৰু সাধনাৰ ফলতেই পৃথিৱীখন বাসোপযোগী হৈ থাকিব। শিক্ষকৰ এই মহান ব্ৰতক আমি সকলোৱে সমৰ্থন কৰিব লাগে আৰু তেওঁলোকৰ পথ অনুসৰণ কৰি এক উন্নত দেশ গঢ়াৰ সংকল্প ল’ব লাগে। এয়াই হ’ল এজন আদৰ্শ শিক্ষকৰ প্ৰকৃত পৰিচয় আৰু সমাজৰ প্ৰতি তেওঁৰ চিৰন্তন অৱদান।
