ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ পাঠ্যক্ৰম আৰু কেৰিয়াৰৰ সুযোগ – ড° বুলজিৎ বুঢ়াগোহাঁই

ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ পাঠ্যক্ৰম আৰু কেৰিয়াৰৰ সুযোগ

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

চলচ্চিত্ৰ আৰু টেলিভিছন এতিয়া কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ থকা নাই; ই সৃষ্টিশীলতা, প্ৰযুক্তি, যোগাযোগ আৰু সংস্কৃতিৰ এক শক্তিশালী ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। চলচ্চিত্ৰ, টেলিভিছন অনুষ্ঠান, ৱেব ছিৰিজ, ডিজিটেল কনটেণ্ট, বিজ্ঞাপন, তথ্যচিত্ৰ আদি দৃশ্য-শ্ৰাব্য মাধ্যমৰ প্ৰসাৰৰ বিস্তাৰৰ লগে লগে দক্ষ পেছাদাৰীৰ চাহিদাও বৃদ্ধি পাইছে। এই পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান এক উল্লেখযোগ্য শিক্ষানুষ্ঠান।

পূৰ্বতে জ্যোতি চিত্ৰবন ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট নামেৰে পৰিচিত ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান ১৯৯৯ চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এই ধৰণৰ বিশেষায়িত শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠানটোৱে চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠান নিৰ্মাণৰ বিভিন্ন কাৰিকৰী আৰু সৃষ্টিশীল দিশত শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। সময়ৰ লগে লগে প্ৰতিষ্ঠানটোৱে চলচ্চিত্ৰ আৰু টেলিভিছন শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।

চলচ্চিত্ৰ নিৰ্মাণ বা অভিনয়ৰ দৰে সৃষ্টিশীল ক্ষেত্ৰত কেৱল শৈক্ষিক জ্ঞানেই যথেষ্ট নহয়। সৃষ্টিশীল চিন্তা, সমাজ আৰু পৰিৱেশ পৰ্যবেক্ষণ, কাৰিকৰী দক্ষতা, বাস্তৱ অভিজ্ঞতা আৰু নিয়মীয়া অনুশীলনৰ সমন্বয় এই ক্ষেত্ৰত অতি প্ৰয়োজনীয়। সেইবাবেই প্ৰতিষ্ঠানটোৰ শিক্ষাদান ব্যৱস্থাত ব্যৱহাৰিক শিক্ষণ, সৰ্বাংগীণ বিকাশ আৰু অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ লগতে চলচ্চিত্ৰ উদ্যোগৰ সৈতে শিক্ষাৰ্থীসকলৰ সংযোগ স্থাপনৰ বাবেও বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অভিজ্ঞ পেছাদাৰীসকলৰ অতিথি বক্তৃতা, কৰ্মশালা, বিশেষজ্ঞৰ সৈতে মত-বিনিময়, ষ্টুডিঅ’ আৰু প্ৰয়োগশালা পৰিদৰ্শন, চেমিনাৰ আৰু চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ জৰিয়তে শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাৰ বাহিৰৰ বাস্তৱ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পায়।

বৰ্তমান ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানত চলচ্চিত্ৰ আৰু টেলিভিছন ক্ষেত্ৰৰ চাৰিটা বিশেষায়িত ডিপ্ল’মা পাঠ্যক্ৰম আগবঢ়ায়।

অডিঅ’গ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিং হৈছে তিনিবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম। দৃশ্য-শ্ৰাব্য মাধ্যমত শব্দৰ গুণগত মান আৰু সঠিক উপস্থাপনৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই পাঠ্যক্ৰমত শব্দগ্ৰহণ, ৰেকৰ্ডিং, সম্পাদনা , মিক্সিং আদি কাৰিকৰী বিষয়ৰ তাত্ত্বিক জ্ঞানৰ লগতে ব্যৱহাৰিক দক্ষতা প্ৰদান কৰা হয়। নামভৰ্তিৰ বাবে ১০+২ বা সমপৰ্যায়ৰ বিজ্ঞান শাখাত পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিষয়সহ উত্তীৰ্ণ হোৱা প্ৰয়োজন।

চিনেমাট’গ্ৰাফী হৈছে তিনিবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত কেমেৰাৰ ব্যৱহাৰ, পোহৰ, ফ্ৰেমিং, কম্পোজিচন আৰু দৃশ্যভাষাৰ দৰে চলচ্চিত্ৰৰ দৃশ্যগত দিশসমূহৰ ওপৰত তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়। নামভৰ্তিৰ বাবে ১০+২ বা সমপৰ্যায়ৰ যিকোনো শাখাত উত্তীৰ্ণ হোৱাটো প্ৰয়োজন।

ফিল্ম এণ্ড ভিডিঅ’ এডিটিং হৈছে তিনিবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত চলচ্চিত্ৰৰ বিভিন্ন দৃশ্য, শব্দ আৰু দৃশ্য-শ্ৰাব্য উপাদান সঠিকভাৱে সংযোজন আৰু বিন্যাস কৰি কাহিনীটোক সুসংগঠিত আৰু অৰ্থপূৰ্ণ ৰূপ দিয়াৰ কৌশল শিকোৱা হয়। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ১০+২ বা সমপৰ্যায়ৰ যিকোনো শাখাত উত্তীৰ্ণ হোৱাটো প্ৰয়োজন।

এপ্লাইড এক্টিং (ফিল্ম এণ্ড টিভি) হৈছে দুবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত চৰিত্ৰ অনুধাৱন, অভিব্যক্তি, কণ্ঠৰ ব্যৱহাৰ, শৰীৰী ভাষা আৰু কেমেৰাৰ সন্মুখত স্বাভাৱিক অভিনয়ৰ কৌশলৰ ওপৰত ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়। নামভৰ্তিৰ বাবে ১০+২ বা সমপৰ্যায়ৰ যিকোনো শাখাত উত্তীৰ্ণ হোৱাটো প্ৰয়োজন।

প্ৰতিটো বিভাগত ১১টাকৈ আসন আছে। অসমৰ চৰকাৰৰ নিয়ম অনুসৰি প্ৰতিটো বিভাগত অসমৰ শিক্ষাৰ্থীৰ বাবে ৪টা আসন সংৰক্ষিত থাকে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন সাতখন ৰাজ্যৰ বাবে প্ৰতিটো বিভাগত ১টাকৈ আসন সংৰক্ষিত থাকে। সেয়েহে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ যোগ্য শিক্ষাৰ্থীয়ে আবেদন কৰিব পাৰে।

নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা সংশ্লিষ্ট ৰাজ্যৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ ব্যৱস্থাৰ জৰিয়তে অনুষ্ঠিত হয়। অসমৰ শিক্ষাৰ্থীৰ বাবে এই প্ৰক্ৰিয়া কাৰিকৰী শিক্ষা সঞ্চালকালয়,অসমৰ জৰিয়তে সম্পন্ন হয়। আন ৰাজ্যত আবেদনকাৰীৰ সংখ্যা অনুসৰি প্ৰৱেশ পৰীক্ষা বা প্ৰত্যক্ষ আবেদনৰ ব্যৱস্থা থাকিব পাৰে।

যোগ্য প্ৰাৰ্থীৰ নিৰ্বাচন লিখিত পৰীক্ষা, ব্যক্তিত্ব মূল্যায়ন পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে কৰা হয়। লিখিত পৰীক্ষা গুৱাহাটীত অনুষ্ঠিত হয় আৰু ইয়াত সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্যৰ ওপৰত বহু-বিকল্পধৰ্মী প্ৰশ্ন থাকে। পৰীক্ষাৰ মুঠ নম্বৰ ১০০ আৰু সময় ৩ ঘণ্টা। সাধাৰণ জ্ঞানৰ অংশত কলা-সংস্কৃতি, সমাজ আৰু জনসাধাৰণৰ সৈতে জড়িত বিষয়ৰ লগতে বিশেষভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। লিখিত পৰীক্ষাৰ পিছত ৬০ নম্বৰৰ ব্যক্তিত্ব মূল্যায়ন আৰু মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হয়।

প্ৰতিষ্ঠানটোৰ শিক্ষাদানৰ মাধ্যম ইংৰাজী। নামভৰ্তি, পৰীক্ষা আৰু অন্যান্য শৈক্ষিক ব্যয় সামৰি বাৰ্ষিক মাচুল প্ৰায় ৩০,০০০ টকা । অৱশ্যে আসন সংখ্যা, মাচুল, প্ৰৱেশ পৰীক্ষা আৰু অন্যান্য চৰ্তসমূহ নামভৰ্তিৰ পূৰ্বে শেহতীয়া বুকলেট বা প্ৰস্পেক্টাছৰ পৰা নিশ্চিত কৰা উচিত। নামভৰ্তিৰ হোৱা বছৰৰ ১ জুলাইত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স ২৪ বছৰৰ ভিতৰত আৰু অনুসূচিত জাতি-জনজাতিৰ প্ৰাৰ্থীৰ বয়স ২৭ বছৰৰ ভিতৰত হ’ব লাগে।

ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমসমূহ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলৰ বাবে চলচ্চিত্ৰ, টেলিভিছন আৰু অন্যান্য দৃশ্য-শ্ৰাব্য মাধ্যমত বিভিন্ন কেৰিয়াৰৰ পথ মুকলি হয়। নিজৰ আগ্ৰহ আৰু দক্ষতা অনুসৰি তেওঁলোকে চিনেমাট’গ্ৰাফাৰ, অডিঅ’গ্ৰাফাৰ, ছাউণ্ড ইঞ্জিনিয়াৰ, ফিল্ম বা ভিডিঅ’ এডিটৰ , অভিনেতা আদি হিচাপে কেৰিয়াৰ গঢ়িব পাৰে।

       চিনেমাট’গ্ৰাফীত দক্ষতা থকা ব্যক্তিয়ে চলচ্চিত্ৰ, টেলিভিছন, তথ্যচিত্ৰ, বিজ্ঞাপন আৰু ডিজিটেল ভিডিঅ’ নিৰ্মাণত কাম কৰিব পাৰে। সম্পাদনাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ লগতে টেলিভিছন অনুষ্ঠান, ৱেব ছিৰিজ, তথ্যচিত্ৰ, বিজ্ঞাপন আৰু অনলাইন ভিডিঅ’ কনটেণ্টত সুযোগ আছে। শব্দ সম্পৰ্কীয় প্ৰশিক্ষণ লাভ কৰা শিক্ষাৰ্থীয়ে চলচ্চিত্ৰ, টেলিভিছন, ৰেকৰ্ডিং ষ্টুডিঅ’, ডিজিটেল মিডিয়া আৰু অন্যান্য দৃশ্য-শ্ৰাব্য মাধ্যমত কাম কৰিব পাৰে।

চলচ্চিত্ৰ উদ্যোগৰ বাহিৰেও বৰ্তমান অ’টিটি প্লেটফৰ্ম, ৱেব ছিৰিজ, ইউটিউব,  ডিজিটেল মিডিয়া, বিজ্ঞাপন, কৰ্প’ৰেট ভিডিঅ’, তথ্যচিত্ৰ আৰু সামাজিক মাধ্যমৰ কনটেণ্ট নিৰ্মাণৰ ক্ষেত্ৰতো এই দক্ষতাসমূহ প্ৰয়োগ কৰিব পাৰি। ইয়াৰ ফলত চলচ্চিত্ৰ আৰু টেলিভিছন শিক্ষাৰ কেৰিয়াৰ পৰিসৰ পৰম্পৰাগত চলচ্চিত্ৰ উদ্যোগৰ মাজতে সীমাবদ্ধ নাথাকে।

স্বনিয়োজিত আৰু ফ্ৰীলান্স কেৰিয়াৰৰ সম্ভাৱনাও এই ক্ষেত্ৰত যথেষ্ট। অভিজ্ঞতা আৰু দক্ষতা লাভ কৰাৰ পিছত কোনো শিক্ষাৰ্থীয়ে নিজাকৈ প্ৰযোজনা সংস্থা, ভিডিঅ’ প্ৰডাকচন সেৱা, ডিজিটেল কনটেণ্ট ষ্টুডিঅ’ বা বিজ্ঞাপন নিৰ্মাণৰ উদ্যোগ আৰম্ভ কৰিব পাৰে। একেদৰে চিত্ৰগ্ৰহণ, সম্পাদনা, শব্দ, ভিডিঅ’ প্ৰডাকচন আৰু ডিজিটেল কনটেণ্ট নিৰ্মাণৰ কাম ফ্ৰীলান্স হিচাপেও কৰিব পাৰে।

এই উদ্যোগত সফলতাৰ বাবে কেৱল পাঠ্যক্ৰম সম্পূৰ্ণ কৰাই যথেষ্ট নহয়; সৃষ্টিশীলতা, কল্পনাশক্তি, কাৰিকৰী জ্ঞান, যোগাযোগ দক্ষতা, দলগতভাৱে কাম কৰাৰ মানসিকতা, সময়ানুবৰ্তিতা আৰু নিয়মীয়া অনুশীলনো সমানেই গুৰুত্বপূৰ্ণ। বাস্তৱ প্ৰকল্পত অংশগ্ৰহণ কৰি অভিজ্ঞতা আহৰণ কৰাৰ লগতে নিজৰ কামৰ এটা সুসংগঠিত প’ৰ্টফ’লিঅ’ গঢ়ি তোলাটো কেৰিয়াৰৰ বাবে বিশেষ সহায়ক।

সঠিক আগ্ৰহ, প্ৰতিভা আৰু পৰিশ্ৰমেৰে শিক্ষাৰ্থীসকলে ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ উপযুক্ত পাঠ্যক্ৰম আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে চলচ্চিত্ৰ, টেলিভিছন আৰু ডিজিটেল মিডিয়াৰ দ্ৰুত বিকাশশীল ক্ষেত্ৰত এক সফল আৰু সম্ভাৱনাময় কেৰিয়াৰ গঢ়ি তুলিব পাৰে। ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ কেইজনমান উল্লেখযোগ্য প্রাক্তন শিক্ষাৰ্থী হৈছে – অমৃত প্ৰীতম , দেৱজিৎ চাংমাই  , জয়চেং জয় দোহুতীয়া, ত্ৰিহাংকু লহকৰ আদি।  কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০) ত যোগাযোগ কৰিব পাৰে ।