সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ শিক্ষা জীৱন বৰ্ত্তমান ছাত্ৰ সমাজৰ আদৰ্শ স্বৰূপ – নমিতা দাস

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ শিক্ষা জীৱন বৰ্ত্তমান ছাত্ৰ সমাজৰ আদৰ্শ স্বৰূপ

নমিতা দাস,শুৱালকুছি

অসমৰ সংগীত জগতৰ কিংবদন্তি ড০ ভূপেন হাজৰিকাৰ সংগীত, সুৰ, আৰু চিনেমা জগতৰ ওপৰিও অসমীয়া সাহিত্যত তেওঁৰ অবদায় অনবদ্য।

অন্য দেশৰ ছাত্ৰ-ছাত্ৰী সকলে যেতিয়া আমেৰিকান সংস্কৃতিত উটি-ভাহি গৈছিল তেনে সময়ত ভাৰতীয় অস্তিত্ব প্ৰকাশ কৰাৰ এক প্ৰৱল ইচ্ছা শক্তিয়ে ভূপেন হাজৰিকাৰ মনত দোলা দি থাকিছিল । ইণ্ডিয়ান ষ্টুডেন্টছ্ এছ’চিয়েশ্যন’ৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈ পঢ়া শুনাৰ লগতে আমেৰিকাত হাজৰিকাদেৱৰ দায়িত্বও বাঢ়িছিল ।

তেওঁৰ দৰ্শন আৰু ৰাজনীতি বিজ্ঞান পঢ়িলেও ভিন্ন ৰাজনৈতিক দৰ্শনৰ বহু ব্যক্তি আৰু বন্ধুৰ লগত আদৰ্শগত আলোচনাই তেখেতক উদ্বুদ্ধ কৰিছিল। গোপীনাথ বৰদলৈয়ে হাজৰিকা দেৱক পুত্ৰসম স্নেহ কৰিছিল। সেই সময়ত তেওঁ গীত গোৱাৰ ওপৰিও নৃত্য শিল্পী ৰূপেও পৰিচিত আছিল ।মাত্ৰ বিশ বছৰ বয়সতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ হোৱা সেই বছৰৰ হাজৰিকাদেৱ কনিষ্ঠ ছাত্ৰ ।সেই কনিষ্ঠ কালৰ পৰাই চলচিত্ৰ আকাশবাণীত গীত ৰেকৰ্ডিং‌ ,স্বাধীনতা সংগ্ৰাম, সংস্কৃতি, ৰাজনীতি অৰ্থনীতি, সামাজিক সকলো জ্ঞানেৰে পুষ্ট আছিল । জ্যোতি প্ৰসাদ , বিষ্ণুৰাভা সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ সান্নিধ্যই এটকুৰা হীৰালৈ ৰূপান্তৰ কৰিছিল তেখেতক । তেতিয়াই তেওঁ লিখিছিল “কপি উঠে কিয় তাজমহল” মাত্ৰ বিশ বছৰ বয়সতে জীৱনৰ অভিজ্ঞতা, বিশ্বমুখী মন , অযুত সপোন , বিপ্লৱী সত্তা সকলো সমাহাৰেৰে তেখেতৰ জ্ঞানৰ ভাণ্ডাৰ অনন্য হৈ উঠিল । বেনাৰস বিশ্ববিদ্যালয়তে তেওঁ বুজি উঠিছিল নেতাসকলক কেবল ৰাজনীতি কৰিবলৈ তৈয়াৰ কৰা নহয়, সমাজক নেতৃত্ব দিব পৰা নেতা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত তৈয়াৰ কৰা হয় ।

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ পিতৃ শিক্ষক হোৱা হেতুকে ভূপেন হাজৰিকাদেৱে ঘৰতে শিক্ষা গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল, ফলত তেওঁ অতি কম সময়ৰ ভিতৰত এবছৰতে প্ৰাৰ্থমিক শিক্ষা শেষ কৰিছিল । পিতৃৰ চাকৰি সুত্ৰে বদলি হোৱা বাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী গুৱাহাটিত পঢ়ি আকৌ ধুবুৰীলৈ যাব লগা হোৱাত তাতেই পঞ্চম শ্ৰেণী পঢ়ে । কিন্তু আকৌ পিতৃ নিলকান্ত দেৱৰ তেজপুৰলৈ বদলি হোৱাৰ বাবে ১৯৩৬ চনত তেজপুৰত ষষ্ঠ শ্ৰেণীত পঢ়িবলৈ লয়। ১৯৪০ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধিনত মেট্ৰিক পাৰিক্ষাত উৰ্ত্তীণ হৈ কটন কলেজত পঢ়িবলৈ লয় । তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ চৌধ্য বছৰ দুই মাহ । ইমান কম বয়সতে কলেজ পোৱা হাজৰিকাক কলেজত অধ্যাপক সকলে বিশ্বাস কৰিব পৰা নাছিল । ছনেট কি ? ছনেটৰ শেষৰ শাৰী দুটাক কি বুলি কয় ? তেওঁক প্ৰশ্ন শুধি পৰীক্ষা লৈছিল । হাজৰিকা দেৱে শুদ্ধ উত্তৰ দিয়াত অধ্যাপক সন্তুষ্ট হল ।

তেওঁ ১৯৪১ চনত আই এ পাছ কৰাৰ পিছত দেউতাকে হাজৰিকাদেৱক বেনাৰসত হিন্দু বিশ্ববিদ্যালয়ত পঢ়ালে কিন্ত তেওঁক তেতিয়া দেউতাকে মাহে মাত্ৰ ষাঠি এটাত কৈ এটকাও বেছিকৈ নিদিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।বেনাৰসত হিন্দী ,উৰ্দু সাহিত্য আৰু গীত সমুহ পঢ়া আৰম্ভ কৰোতে ষাঠি টকাৰে চলিবলৈ টান হৈ পৰিছিল । এই বিশ্ব বিদ্যালয়তে সহপাঠীৰূপে মাৰাঠী, গুজৰাটী, বাঙালী আদিৰ উপৰিও আফ্ৰিকা, ইণ্ডোনেছিয়া ,জাপানৰ ছাত্ৰ সকল তেওঁৰ সহপাঠী আছিল । তেওঁ বেনাৰস বিশ্ববিদ্যালয়ত দেশৰ যশস্বী পণ্ডিত অধ্যাপক স্বৰূপে পণ্ডিত মনমোহন মালবা, উপাচাৰ্য সৰ্বেপল্লীৰাধাকৃষ্ণন আদি বিদগ্ধ পণ্ডিত সকলক সংস্পৰ্শ পায় মন উচ্ছাসিত হৈ উঠিছিল। বেনাৰস বিশ্ববিদ্যালয়ত পণ্ডিত জৱাহৰলাল নেহেৰু, আচাৰ্য কৃপালনি , তেজ বাহাদুৰচাপ্ৰূ, মৌলানা আবুল কালাম আজাদ আদি স্বাধীনতা সংগ্ৰামী সকলৰ বক্তৃতা শুনি অভিভূত হৈ পৰিছিল । তেওঁ হিন্দী আৰু উৰ্দূ সাহিত্য আৰু গীত বোৰ পঢ়া শিকিবলৈ আৰম্ভ কৰে । উকীল স্কুল অব্ আৰ্ট নামৰ চিত্ৰ অঁকা প্ৰশিক্ষণৰ শিক্ষানুষ্ঠানটোৰ পৰা তেওঁ চিত্ৰশিল্পৰো বাসনা জাগিছিল । শনিবাৰ দেওবাৰে ছবি অঁকা শ্ৰেণীলৈ গৈছিল । জাপানী পদ্ধতি ,ভাৰতীয় পদ্ধত্তিৰ এনাটমী আদি বিভিন্ন মাধ্যমৰ প্ৰশিক্ষণ লৈছিল ।বাৰানসিৰ ছবিৰ প্ৰদৰ্শনীত তেখেতৰ ছবিও প্ৰদৰ্শীত হৈছিল । হাজৰিকা দেৱে জ্ঞান সন্ধানত বিভোৰ হৈ পঢ়ি থকা সময়তে খৰচ কমাবলৈ পুৰণী চাইকেল এখন মেৰামতি কৰি চলাবলৈ ললে। বেনাৰস বিশ্ববিদ্যালয়ৰ শেষৰ পৰীক্ষাটো দিবলৈ তেওঁৰ হাতত দুশ ষাঠি টকাৰ অভাব হৈছিল সেইবাবে ভায়েক অমৰ হাজৰিকাই তেতিয়াৰ প্ৰভূদয়াল হিম্মৎসিংকাৰ পৰা এখন মিলিটেৰী অনা নিয়া কৰা ট্টাক তিনিদিনৰ বাবে আনি ভাৰা মাৰি হাজৰিকাৰ হাতত টকা খিনি দিছিল । তাতেই তেওঁলোকৰ ভাতৃ প্ৰেম পৰিস্ফুত হয় । ভূপেন হাজৰিকাই জ্ঞানৰ সন্ধান কৰিছিল বাৰানসিত পঢ়ি থাকোতেই বিখ্যাত শাস্ত্ৰীয় সংগীতৰ গুৰু মহাৰাজ আনোখিলালৰ ঘৰলৈ গৈছিল ।বিছমিল্লাহ খাঁইৰ স্বৰ সাধনা বাহিৰতে ৰৈ মনোযোগেৰে শুনিছিল ।আচাৰ্য নৰেন্দ্ৰ দেৱৰ কাৰ্লমাৰ্ক্সৰ দৰ্শন গান্ধিজীৰ দৰ্শন, নেতাজীৰ স্বাধীনতাৰ সংজ্ঞা সমাজবাদ সকলো বিষয়ে খৰচি মাৰি পঢ়িছিল ।

ভূপেন হাজৰিকা দেৱৰ প্ৰৱল ইচ্ছা জাগিছিল যে তেওঁ গণ সংযোগ বিষয়ত ইউৰোপ বা আমেৰিকাত গবেষণা কৰাৰ । তেতিয়া তেওঁ বিচাৰিফুৰা পৃথিৱীখন সহজে পাব ।ইফালে তেওঁ আৰ্থিক ভাবে স্বচ্চল নাছিল । আনফালে ঘৰৰ অবস্থাও টনকিয়াল নাছিল । সেই সময়তে ঘৰৰ বিজুলী পইচাৰ অভাবতে কাতি দিছিল ।

অবশেষত পিতৃ মাতৃৰ অনুৰোধত মনত অদম্য সাহস বান্ধি বিদেশলৈ যাবলৈ ১৯৪৯ চনত কিছুসংখ্যক শুভাকাঙ্খীৰ আৰ্থীক সহায় লৈ ওলাই আহিল কলম্বোলৈ ।সেই সময়ত বিদেশলৈ ধনী ঘৰৰ লৰা ছোৱালী হে যাব পাৰিছিল । ভাৰতীয় দূতাবাসৰ সহায় লৈ ইন্টাৰনেশ্যনেল হাউছত কম পইচাতে থকাৰ ব্যৱস্থা কৰি নিউয়ৰ্কতে থাকিবলৈ ললে। তাত তেওঁক পোনতে কোনো ভাৰতীয়ই লগ দিয়া নাছিল যদিও তেওঁৰ সাংস্কৃতিক কৃত্তিত্বই সকলোৰে ওচৰত পৰিচয় গঢ়াত সহায় কৰি দিলে । আমেৰিকা বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি তিনিদিনিয়া ইংৰাজীৰ কৰ্মশালা কৰি পৰীক্ষা দি তাত হাজৰিকাদেৱে প্ৰথম স্থান পালে । তাতো প্ৰতিজন বিদেশৰ পৰা যোৱা ব্যক্তিৰ বাবে এইটো পৰীক্ষা অনিবাৰ্য আছিল । তিনিমাহ তেওঁ বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হল । বহু সংগ্ৰামৰ অন্তত জনসংযোগত পি এইছ ডি কৰাৰ সপোন লুকুৱাই দুবছৰ একেলগে এম এ কৰাৰ অনুমতি ললে । যিহেতু বেনাৰস বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত হে স্নাতকোত্তৰ কৰিছিল সেয়ে তেওঁ অইন বিষয় এটাত পিএইছ ডি কৰাৰ আগেয়ে সেই বিষয়ত স্নাতকোত্তৰ হোৱাটো বাধ্যতা মুলক আছিল । কিছু দিনৰ পিছত ইণ্ডিয়ান ষ্টুডেন্টছ এছ’চিয়েশ্যন’ৰ নিৰ্বাচন হল।

এটা সুন্দৰ মন সুন্দৰ কণ্ঠ এবুকু সাহস থকাৰ উপৰিও পঢ়া শুনাৰ প্ৰতি থকা অদম্য হেপাহৰ বাবে তেওঁ ইন্টাৰনেশ্যনেল হাউছত লিফট চলোৱা কাম , ছুইমিং পুলত সাঁতোৰা মানুহৰ টাই, কোট জোতা চাইকেল আদি পহৰা দিয়া , কৰবাত ৰেস্তোৰাঁৰ অভ্যৰ্থনা কক্ষত বহি কাম চোৱা ইত্যাদি কামৰ লগতে বৈদ্যুতিক জখলাত উঠি কাৰিকৰী বিষয়বোৰত কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল । এদিন তেওঁ অবগত হল যে তেওঁ যদি বত্ৰিছ পইন্ট একে লগে পাব পাৰে তেতিয়া এম এ ডিগ্ৰী সোনকালে লব পাৰিব কিন্ত তেওঁ যথেষ্ট কষ্ট কৰিব লাগিব । দুবছৰৰ বাবে জলপানী পাব । শ্ৰমৰ মৰ্যদা বুজি তেওঁ বত্ৰিশ পইন্ট গোটাই কম সময়ত এম এ ডিগ্ৰী লোৱাৰ বাবে সাজু হৈছিল । ভূপেন হাছজৰিকাই ‘এ ৱান’ অৰ্থাৎ ষ্টাৰ মাৰ্কপাই এম এ পাছ কৰিলে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ।

হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু ভাৰতীয় সংস্কৃতিৰ অধ্যাপক ড০ অমিয় চক্ৰৱৰ্তী , সেই সময়ত আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ উপাচাৰ্য আৰু পৰবৰ্তী কালত ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা ড০ জাকিৰ হুচেন আৰু বিশ্ববিখ্যাত কবি দাৰ্শনীক পণ্ডিত সমাজ সংস্কাৰক জন ডেৱীৰ সৈতে থকা সু সম্পৰ্কৰ বাবে দুয়ো বন্ধুৰ সহায়ত নিজৰ আকাঙ্খা কথা ড০ চক্ৰৱৰ্তীক ব্যক্ত কৰিলে ।

তেওঁ জন সংযোগ বিষয়ত গবেষণা কৰি বৈষ্ণৱ গুৰুসকলে সাংস্কৃতিৰ মাধ্যমেৰে সমাজলৈ অনা পৰিবৰ্তনৰ দিশ দেখুৱাইছিল । এই গুৰু সকলে সংস্কৃতিৰ মাজেৰে গণ মাধ্যমক কিদৰে প্ৰভাবিত কৰিব পাৰি এই কথা বুজাই দিলে । ম’শ্যন পিকচাৰ , কেমেৰা, মাইক্ৰ’ফোন টেলিভিশ্যনৰ যোগটোত তেওঁ গবেষণা ৰ পত্ৰ ছপাই বিশ্ববিদ্যালয় বা বিদ্যালয়ত প্ৰজেক্ট কৰিব পৰাকৈ কি কি কৰিব পাৰি তাৰ দিহা বিচাৰিলে ।ড০ অমিয় চক্ৰৱৰ্তীয়ে হাজৰিকাদেৱৰ প্ৰস্তাব শুনি আনন্দ পালে আৰু দিহা পৰামৰ্শ দিলে । আনহাতে ৱাৰ্ধাৰ বুনিয়াদি পাঠ্যক্ৰমত প্ৰাপ্ত বয়স্কৰ সকলে স্কুলত নপঢ়িও কেনেকৈ দেশৰ সু নাগৰীক হব পাৰে, তাৰ এক বাস্তৱ সন্মত গবেষণা বিষয়ে কৈ বিশ্বৰ দুখীয়া দেশ সমুহৰ তথ্য বিচিৰিলে । ভূপেন হাজৰিকাই ৰবাৰ্ট ট্টেছৰ প্ৰস্তাব মতে ৰাষ্ট্ৰ সংঘলৈ গল আৰু কাম আৰম্ভ কৰিলে ।

আমেৰিকাত কটোৱা চাৰিটা বছৰে তেওঁ অসমৰ পঞ্চাচ চনত হোৱা ভূমিকম্পৰ পৰা কথা আৰু গীত নৃত্য সমাজ সচেতনতাৰে হাৰে হিমজুৱে অসমীয়া হৈ থাকিল। এবাৰলৈও বিদেশতে থকাৰ কথা মনলৈ নানিলে কিন্তু সেই সময়ত ভাৰতৰ বহু ছাত্ৰ বিদেশত পঢ়িবলৈ গৈ বিদেশতে বসবাস কৰিবলৈ ল’লে।

স্বাধীন চিতিয়া মনৰ হাজৰিকাই বিশাল বিশ্বৰ ফালে উৰা মাৰোতেও সেই সময়চোৱাত তেখেতৰ মনলৈ আহিছিল আইতাকৰ মুখত শুনা গীত সমুহ। পঢ়া শুনাৰ লগতে অসমৰ কৃষ্টি সংস্কৃতিক আগবঢ়াই নিবলৈ সদায় আগ্ৰহী আছিল। কলম্বীয়াত তেওঁ ভাৰতৰ লগতে পৃথিৱীৰ বহু কেইজন প্ৰখ্যাত ব্যক্তিৰ সান্নিধ্য লাভ কৰিলেও নিজৰ দেশ ৰাজ্য আৰু সংস্কৃতিক কেতিয়াও পাহৰা নাছিল । তেওঁ ফৰাচী লেখক ছমাৰচেট মমৰ লগতে বিশ্ববিখ্যাত শিল্পী সকলক লগ পাইছিল । সৰু কালতে জ্যোতি, বিষ্ণু, ফনীশৰ্মাৰ সানিধ্য লাভ কৰি সদায়ে সাহিত্য সংস্কৃতিৰ প্ৰতি তেওঁ আকৃষ্ট হৈছিল টকা পইচাৰ সা-সম্পতিৰ প্ৰতি তেওঁৰ কোনো লোভ নাছিল ।

স্বাভিমান, আত্মসন্মান আৰু প্ৰবল আত্মবিশ্বাসেই তেওঁৰ জীৱনত সাধাৰণ শিক্ষিত মানুহৰ দৰে হ’বলৈ নিদিলে। ইন্টাৰনেশ্যনেল চিভিল ছাৰ্ভিচৰ প্ৰস্তাব পাইছিল পি এইছ ডি কৰি লৈ আহি ৰাষ্ট্ৰসংঘত চাকৰি কৰিবলৈ কিন্তু তেওঁ কলাশিল্প সাহিত্যৰ মাজত আবদ্ধ হৈ থাকি সুখ অনুভৱ কৰিছিল । জীৱনত অহা অনেক সংগ্ৰামে তেওঁক বিচলিত কৰিব নোৱাৰিলে হেলাৰঙে সকলো সংগ্ৰাম মূৰপাতি লৈ অসম আৰু অসমীয়াৰ বাবে জীয়াই থাকিল ।