ডিব্ৰুগড়ৰ জালান চাহ বাগিচাত গছ কটাৰ সময়তে অঘটন::বাইক আৰোহীৰ মূৰত পৰিল প্ৰকাণ্ড গছ, সংকটজনক অৱস্থাত চিকিৎসাধীন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চহৰৰ চৌকিডিঙিৰ জালান চাহ বাগিচাৰ সমীপত আজি সংঘটিত এক ভয়ংকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বাগিচাৰ বিবাদভূমিত গছ কাটি থকা সময়তে প্ৰকাণ্ড এজোপা গছ পথৰ ওপৰত বাগৰি পৰাত এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়। ব্যস্ত পথটোৰে বাইকেৰে গৈ থকা লোকজনৰ মূৰত হঠাৎ প্ৰকাণ্ড গছজোপা পৰে। ফলত লোকজন পথতে তেজেৰে লুতুৰি পুতুৰি হৈ অচেতন হৈ পৰে। সংকটজনক অৱস্থাত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে। দিনৰ পোহৰতে শ শ লোক আৰু যান-বাহনে অহা-যোৱা কৰা ব্যস্ত পথৰ কাষত গছ কটা হৈছিল যদিও পথচাৰীৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ ট্ৰেফিক নিয়ন্ত্ৰণ, বেৰিকেড অথবা সতৰ্কতামূলক সাংকেতিক চিহ্নৰ ব্যৱস্থা কৰা হোৱা নাছিল বুলি ৰাইজে অভিযোগ কৰিছে। যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। ঘটনাৰ পাছতে গছ কটাৰ কামত ব্যৱহৃত জে চি বি সহ অন্যান্য সামগ্ৰী এৰি সংশ্লিষ্ট লোকসকলে পলায়ন কৰে।উল্লেখ্য যে, চৌকিডিঙিত অৱস্থিত জালান চাহ বাগিচাৰ ভূমি মৃগেন জালানে ব্যক্তিগতকৰণ আৰু হস্তান্তৰক লৈ বিগত সময়ছোৱাত ডিব্ৰুগড়ত প্ৰতিবাদ-আন্দোলন অব্যাহত আছিল।ডিব্ৰুগড়বাসীৰ একাংশই চহৰৰ মাজমজিয়াত থকা এই সেউজীয়া চাহ বাগিচাখন ধ্বংস নকৰি প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণীত ‘জুবিন গাৰ্গ আৰ্বান ফৰেষ্ট’ হিচাপে সংৰক্ষণ কৰাৰ দাবী জনাই আহিছে। ইয়াৰ মাজতে বাগিচাৰ ভূমি খণ্ড খণ্ডকৈ বিক্ৰী কৰাৰ লগতে গোপনে গছ কটা আৰু চাৰিসীমা বেৰা দিয়াৰ অভিযোগো পূৰ্বৰে পৰা উত্থাপিত হৈ আহিছিল। আজি তেনে পৰিস্থিতিৰ মাজতে গছ কটাৰ সময়ত পথচাৰী গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই নতুনকৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। আনহাতে অভিযোগ মতে, এই ভূমিৰ গছ কটাৰ কামৰ সৈতে ডিব্ৰুগড়ৰ এগৰাকী লেব’ৰেটৰীৰ স্বত্বাধিকাৰী তথা চিকিৎসক জড়িত থকাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, সংশ্লিষ্ট পক্ষৰ সৈতে বুজাবুজিৰ ভিত্তিত তেওঁলোকে গছ কটাৰ কাম চলাই আছিল। ঘটনাৰ পাছতে ডিব্ৰুগড়ৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে আহত ব্যক্তি জন সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউ ত চিকিৎসাধীন হৈ আছে যদিও বাগিচা কতৃপক্ষই চিকিৎসা ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন হৈছে।
