স্মৃতিৰ‌ জোনাক – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

স্মৃতিৰ‌ জোনাক

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

ৰিক্ত হৃদয়ৰ বিষাদ স্বপ্নবোৰ
আজিও মৌন হৈ থমকি ৰৈছে
মোৰ নিভাঁজ হৃদয়ৰ কোনোবা চুকত।
উজাগৰী নিশাই চিঞৰি চিঞৰি
অশ্ৰু বোৱাই
আতুৰ প্ৰাণত তোমাৰেই স্মৃতিৰ প্ৰেম-বৰষা নমাই শিহৰণ তুলিছে।

বিবেকতাৰে মূৰ্খতাবোৰক
ভেঙুচালি কৰি
সৰলতাৰে গমি চাইছোঁ, বুজি পাইছোঁ—
জীৱনটো নহয় তুমি ভবাৰ দৰে…।

নিয়ন্ত্ৰিত নোহোৱা মোৰ মন-সাগৰৰ
উদ্বেলিত ঢৌবোৰক কৈছোঁ—
তেওঁ আনৰ নহয়,
আজিও মোৰ অন্তৰে স্মৃতিৰ
জোনাকীৰ জোনাকবোৰক সাৱটি
ধৰি ৰাখিব বিচাৰে।

ৰৈ আছে, ৰৈ থাকিব মোৰ ভাৱনাবোৰ
নিশব্দ কবিতা হৈ
নীলিম আকাশৰ বিশাল কিয়দংশনত ।
কিজানিবা মোৰ আবেগৰ উন্মাদে
তেওঁৰ বুকুত ঠাই লয় গোপনে!