স্মৃতিৰ জোনাক
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
ৰিক্ত হৃদয়ৰ বিষাদ স্বপ্নবোৰ
আজিও মৌন হৈ থমকি ৰৈছে
মোৰ নিভাঁজ হৃদয়ৰ কোনোবা চুকত।
উজাগৰী নিশাই চিঞৰি চিঞৰি
অশ্ৰু বোৱাই
আতুৰ প্ৰাণত তোমাৰেই স্মৃতিৰ প্ৰেম-বৰষা নমাই শিহৰণ তুলিছে।
বিবেকতাৰে মূৰ্খতাবোৰক
ভেঙুচালি কৰি
সৰলতাৰে গমি চাইছোঁ, বুজি পাইছোঁ—
জীৱনটো নহয় তুমি ভবাৰ দৰে…।
নিয়ন্ত্ৰিত নোহোৱা মোৰ মন-সাগৰৰ
উদ্বেলিত ঢৌবোৰক কৈছোঁ—
তেওঁ আনৰ নহয়,
আজিও মোৰ অন্তৰে স্মৃতিৰ
জোনাকীৰ জোনাকবোৰক সাৱটি
ধৰি ৰাখিব বিচাৰে।
ৰৈ আছে, ৰৈ থাকিব মোৰ ভাৱনাবোৰ
নিশব্দ কবিতা হৈ
নীলিম আকাশৰ বিশাল কিয়দংশনত ।
কিজানিবা মোৰ আবেগৰ উন্মাদে
তেওঁৰ বুকুত ঠাই লয় গোপনে!
