ডিব্ৰুগড়ৰ নিৰেণ ফুকনলৈ ক্রীড়া দিৱসত বৰ্ষশ্ৰেষ্ঠ শাৰীৰিক প্ৰশিক্ষকৰ সন্মান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ যুৱ আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ সৰু সজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত উৎসৰ্গিত ৰাজ্যিক ক্ৰীড়া দিৱস উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড়ৰ ক্ৰীড়া ক্ষেত্ৰলৈ আহিল এক উল্লেখযোগ্য সন্মান। ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ শাৰীৰিক প্ৰশিক্ষক তথা সদৌ অসম কাৰাটে সন্থাৰ যুটীয়া সম্পাদক আৰু ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সভাপতি নিৰেণ ফুকনক ‘বৰ্ষশ্ৰেষ্ঠ শাৰীৰিক প্ৰশিক্ষক ২০২৬-২৭’ হিচাপে সন্মানিত কৰা হয়। ক্ৰীড়া ক্ষেত্ৰখনলৈ আগবঢ়োৱা নিৰলস সেৱা, খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু ক্ৰীড়াৰ প্ৰতি থকা নিষ্ঠাৰ স্বীকৃতি হিচাপে নিৰেণ ফুকনক এই সন্মান প্ৰদান কৰা হয় ।এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী বিশ্বজিত দৈমাৰীকে ধৰি ক্ৰীড়া বিভাগৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।নিৰেণ ফুকনে লাভ কৰা এই সন্মানে ডিব্ৰুগড় জিলাৰ ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে জিলাখনৰ ক্ৰীড়াৰ সৈতে জড়িত খেলুৱৈ, প্ৰশিক্ষক আৰু ক্ৰীড়াপ্ৰেমীসকলকো উৎসাহিত কৰিছে। তেওঁৰ এই কৃতিত্বক লৈ ডিব্ৰুগড়ৰ বিভিন্ন ক্ৰীড়া সংগঠন, দল-সংগঠন আৰু ক্ৰীড়াপ্ৰেমী মহলে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। দীৰ্ঘদিন ধৰি ক্ৰীড়াৰ প্ৰসাৰ আৰু খেলুৱৈ গঢ়াৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত নিৰেণ ফুকনৰ এই স্বীকৃতি আগন্তুক দিনত ডিব্ৰুগড়ৰ ক্ৰীড়া ক্ষেত্ৰখনক অধিক শক্তিশালী আৰু গতিশীল কৰি তোলাত অনুপ্ৰেৰণা যোগাব বুলি ক্ৰীড়াপ্ৰেমী মহলে আশা প্ৰকাশ কৰিছে।
