ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ত  ৰেডক্ৰছ ছ’চাইটিৰ সজাগতা সভা আৰু স্বেচ্ছামূলক ৰক্তদান শিবিৰ সম্পন্ন

ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ত  ৰেডক্ৰছ ছ’চাইটিৰ সজাগতা সভা আৰু স্বেচ্ছামূলক ৰক্তদান শিবিৰ সম্পন্ন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ  ডিব্ৰু মহাবিদ্যালয় প্ৰাংগণত আজি ৰক্তদানৰ সজাগতা সভা আৰু স্বেচ্ছামূলক ৰক্তদান শিবিৰ  ডিব্ৰু মহাবিদ্যালয় আৰু ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ উদ্যোগত লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত সঞ্চয় বিভাগৰ সহযোগত আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰী  মাজত স্বেচ্ছামূলক ৰক্তদানৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু  মানৱ সেৱাৰ মানসিকতা গঢ়ি তোলাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল। সজাগতা সভাৰ আৰম্ভণিতে সমন্বয়ক বিষয়া (নডেল অফিচাৰ )ড: কৰুণা চামৰিয়াই উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।  তেওঁ যুৱ প্ৰজন্মৰ মাজত ৰক্তদান সম্পৰ্কে সজাগতা সৃষ্টিৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক এই মানৱীয় কাৰ্যৰ সৈতে জড়িত হ’বলৈ অনুৰোধ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ: ৰঞ্জন চাংমাই সকলোকে আদৰণি  জনায় আৰু এই মহান কাৰ্যত ব্ৰতী হোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । ডিব্ৰুগড় ৰেডক্ৰছ ছ’চাইটিৰ সভাপতি ডঃ পঙ্কজ কুমাৰ শ্ৰুতিকৰে  তেওঁৰ‌ বক্তব্যত কয় যে‌ ৰক্তদান মানৱীয় সেৱাৰ অন্যতম সহজ অথচ অতি মূল্যৱান কাৰ্য। তেওঁ উল্লেখ কৰে যে ৰক্ত কৃত্ৰিমভাৱে প্ৰস্তুত কৰিব নোৱাৰি আৰু এজনৰ  ৰক্তদানে একোটা মানব জীৱন ৰক্ষা কৰে। । ড: শ্ৰুতিকৰে লগতে কয় যে ৰেডক্ৰছ ছ’চাইটিৰ দুৰ্দশাগ্ৰস্ত লোকক সহায় কৰাৰ এক দীৰ্ঘদিনীয়া মানৱীয় দায়বদ্ধতা আছে আৰু স্বেচ্ছামূলক ৰক্তদানৰ প্ৰসাৰ এই দায়বদ্ধতাৰ এক গুৰুত্বপূৰ্ণ অংশ। অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত সঞ্চয় বিভাগৰ  চিকিৎসক  বিষয়া ডাঃ জাহ্নৱী চেতিয়াই ৰক্তদানৰ বিভিন্ন দিশৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে।  তেওঁ উপযুক্ত চিকিৎসা পৰ্যবেক্ষণৰ অধীনত ৰক্তদান এক নিৰাপদ প্ৰক্ৰিয়া বুলি স্পষ্ট কৰাৰ লগতে সম্ভাৱ্য ৰক্তদাতাসকলৰ মনত থকা বিভিন্ন সন্দেহ আৰু ভুল ধাৰণাও দূৰ কৰে।  ছ’চাইটিৰ  উপ-সভাপতি  ড: মহেশ কুমাৰ জৈনে মানৱীয় কাৰ্যসূচীসমূহত জনসাধাৰণৰ অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু সাধাৰণ ৰাইজক স্বেচ্ছামূলক ৰক্তদানৰ বিভিন্ন কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। মুকলি প্ৰশ্নোত্তৰ শিতানত  ছাত্ৰ-ছাত্ৰী সকলৰ লগতে উপস্থিত সকলে ৰক্তদান সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে আৰু বক্তাসকলে তেওঁলোকৰ প্ৰশ্নসমূহৰ উত্তৰ দি সন্দেহ দূৰ কৰাৰ লগতে স্বেচ্ছামূলক ৰক্তদানৰ বাৰ্তা পৰিয়াল, বন্ধু-বান্ধৱ আৰু সমাজৰ মাজত প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰে।এই ৰক্তদান শিবিৰত সৰ্বমুঠ ২৫ ইউনিট ৰক্ত সংগ্ৰহ কৰি ৰক্ত সঞ্চয় বিভাগৰ তত্বাৱধানত জমা দিয়া হয়। ইয়াৰে ২০ জন ছাত্ৰ আৰু ৫ গৰাকী ছাত্ৰী আছিল । ৰেডক্ৰছ ছ’চাইটি আৰু ডিব্ৰু মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত আয়োজন কৰা এই শিবিৰত সমীৰ শৰ্মা, কল্যানী বৰুৱা, প্ৰদীপ দেৱগোস্বামী, আনন্দ কেজৰিৱাল আৰু জ্যোতি প্ৰসাদ ভট্টাচাৰ্য ও উপস্থিত থাকে।