নিৰ্মিয়মান দিবাং জলবিদ্যুৎ প্ৰকল্পটো উজনি অসমৰ বাবে প্ৰকৃতাৰ্থতেই একোটা বৃহৎ জলবোমা

নিৰ্মিয়মান দিবাং জলবিদ্যুৎ প্ৰকল্পটো উজনি অসমৰ বাবে প্ৰকৃতাৰ্থতেই একোটা বৃহৎ জলবোমা

প্ৰকল্প স্থান পৰিদৰ্শন কৰি অহা ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ অভিমত

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  অতি সম্প্ৰতি উজনি অসমত সংঘটিত প্ৰলয়ংকাৰী বানৰ ভয়ঙ্কৰ দুৰৱস্থাৰ কথাই যেনেদৰে মনত পেলাই দিয়ে ইতিমধ্যে সংঘটিত হৈ যোৱা কুৰিশ্বু নদীৰ বান্ধ আৰু কপিলী নদীৰ বান্ধে সৃষ্টি কৰা মহাপ্ৰলয়লৈ, তেনেদৰে অৰুণাচলৰ নামনিত দিবাং নদীৰ ওপৰত নিৰ্মিয়মান এই দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ কিছুমান তথ্যই স্বাভাৱিকতে তেনে সম্ভাৱ্যৰ ভয়াৱহ ছবিখনলৈ মনত পেলাই দিয়ে। অৰুণাচলৰ পাহাৰ সমূহত যেনেদৰে ইটোৰ পিছত সিটোকৈ নদীবান্ধ নিৰ্মাণ আৰু নিৰ্মাণৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ অপেক্ষা কৰি থকা হৈছে, এইবোৰ কেৱল জলবিদ্যুৎ উৎপাদনৰ প্ৰকল্পই নহয়, এইবোৰ যেন অসমৰ বাবে একো একোটা বৃহৎ বৃহৎ জলবোমা, তেনে ধাৰণাৰহে দৃঢ় হয়। অৰুণাচলৰ পাহাৰৰ ওপৰত দিবাং নদীৰ ওপৰত নিৰ্মাণৰত দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰি ঘূৰি অহা  ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ প্ৰতিনিধি দলে  ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে। যোৱা ১ চেপ্তেম্বৰৰ দিনা উক্ত প্ৰকল্পটো নিৰ্মাণৰ শেহতীয়া অৱস্থা প্ৰত্যক্ষ কৰিবলৈ ডিব্ৰুগড় জিলা নাগৰিক  সন্মিলনৰ এটা প্ৰতিনিধি দল দিবাঙলৈ গৈছিল। দলটোত আছিল ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ, কাৰ্যকৰী সভাপতি সভাপতি ৰঞ্জন গগৈ, সাধাৰণ সম্পাদক উত্তম কুমাৰ চেতিয়া, অন্যতম সম্পাদক ৰাতুল গগৈ আৰু কাৰ্যনিৰ্বাহকৰ সদস্যা ভাৰতী হাজৰা দত্ত। নিৰ্মিয়মান অৱস্থাত থকা প্ৰকল্পটো চাই আহি জিলা সন্মিলনৰ হৈ  সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে মূলতঃ এটাই কথা প্ৰকাশ কৰে যে, এইটো যেন জলবিদ্যুৎ প্ৰকল্প নহয়, ই এটা উজনি অসমৰ বিশেষকৈ শদিয়া-তিনিচুকীয়া-ডিব্ৰুগড় জিলাক নিমিষতে গ্ৰাস কৰিব পৰা এটা  বৃহৎকায় জলবোমা। দিবাং নৈৰ ওপৰৰ এই নামনি অংশতেই কেৱল এই প্ৰকল্পটো আছে তেনে নহয়, এই একেখন নদীৰ ওপৰত ক্ৰমান্বয়ে ওপৰলৈ আৰু ১৭ টাকৈ নদীবান্ধ নিৰ্মাণৰ প্ৰস্তাৱ কাৰ্যকৰী হোৱাৰ দিশত সাজু হৈ আছে।  মুঠ ১৮ টা প্ৰকল্পৰ মুঠ ১০,০৯৩ মেগাৱাট ক্ষমতাসম্পন্ন। বিশেষ বিশেষজ্ঞ নহ’লেও এটা সাধাৰণ জ্ঞানেৰেই যদি চোৱা যায়, বাৰিষাকালত সাধাৰণতে বৰষুণ বেছি হয় আৰু অতি বেছি বৰষুণ হ’লে বান্ধ সমূহ সুৰক্ষাৰ বাবেই বান্ধ সমূহে পানী এৰি দিবলগীয়া হয়। ওপৰৰ বান্ধ সমূহৰ প্ৰত্যেকৰে পৰা বাগৰি অহা পানীয়ে শেহতীয়া তলৰ বান্ধটোৰ পানী অত্যাধিক হৈ পৰে আৰু এই বান্ধৰ পানী খুলি দিয়া পানীয়েই নামনি অঞ্চলৰ বাবে প্ৰলয়ংকাৰী বানৰ সৃষ্টি হয়। তেনে অৱস্থাত কেনেবাকৈ যদি বান্ধ ভাগিও যায়, তেতিয়াই অসমত সৃষ্টি হ’ব বানৰ মহাপ্ৰলয়। অন্যহাতে এই বৃহৎ অঞ্চলটো যে ভূমিকম্পপ্ৰৱণ অঞ্চল, তাক সকলোৱে জান। তেতিয়াই যদি উচ্চ ৰিখটাৰ স্কেলত ভূমিকম্প আহে, তেতিয়া কি হ’ব পাৰে চাগে কোনেও কাকো নকলেও হ’ব। এইখিনিতে  এই কথাও পাহৰিলে নহ’ব যে, দিবাং বহুমুখী জলবিদ্যুৎ প্ৰকল্পটোৰ উচ্চতা ২৭৮ মিটাৰ আৰু ইয়াৰ ক্ষমতা ২৮৮০ মেগাৱাট, যি ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পটোতকৈ অধিক। জিলা নাগৰিক সন্মিলনৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে লগতে এই কথাও জানিবলৈ দিয়ে যে, কেৱল দিবাং নদীৰ ওপৰৰ  প্ৰস্তাৱিত মুঠ ১৮ টা প্ৰকল্পই নহয়, নিমিষতে অসমৰ প্ৰায় আধা অংশকে তচনচ কৰি পেলাব পৰা  অৰুণাচল প্ৰদেশত আছে দিবাঙকে ধৰি সৰ্বমুঠ ১৮৯ টা  প্ৰকল্প আৰু প্ৰস্তাৱিত প্ৰকল্প। সেইকেইটা হ’ল,কামেঙত ৫৫টা, টাৱাঙত ১৩ টা, ডিক্ৰঙত ৯ টা, সোৱনশিৰিত ৩১ টা, চিয়াঙৰ ৪৭ টা, দিবাঙত ১৮ টা, লোহিতত ১২ টা আৰু টিৰাপত ৪ টা। মুঠ ১৮৯ টা। ইয়াৰ সৰ্বমুঠ ক্ষমতা ৫৮.১৫৮.৯ মেগাৱাট। পাহাৰৰ ওপৰলৈ এডোখৰ গাড়ীৰে, এডোখৰ কেৱল শিল আৰু শিলৰ গুৰিৰ ওপৰেদি খোজেৰে বান্ধ নিৰ্মাণ স্থানলৈ গৈ থাকোঁতে পৰিদৰ্শনকাৰী দলটোৱে দেখে, দিবাং নদীৰ পাৰৰ বিৰাট বৃহৎ  বৃহৎ এলেকাতো পাহাৰ -গছ আদি কাটি সমভূমিলৈ পৰিণত কৰি অত্যাধুনিক যন্ত্ৰপাতি, শ-শ ট্ৰাক-বুলডজাৰ, শ-শ জে চি বি আদি ব্যৱহাৰ কৰি প্ৰকাণ্ড যেন এটা কাৰখানাৰ দৰে শ-শ শ্ৰমিকে কাম কৰি আছে। মূল যিটো বান্ধ নিৰ্মাণ হ’ব, তাৰ বাবেই এই বিৰাট কাৰখানা সদৃশ কাম-কাজ চলাই থকা হৈছে আৰু এনে আনুসাংগিক কাম অচিৰেই শেষ হ’বলৈ গৈ আছে আৰু তাৰ পাছতেই মূল বান্ধটো নিৰ্মাণৰ কাম কৰা হ’ব।এই বৰ্ণনা ব্যক্ত কৰাৰ পাছত জিলা নাগৰিক সন্মিলনৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে কয়,- এতিয়াও মূল বান্ধৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাই নাই, আৰম্ভ হ’লেই হাজাৰ আস্ফালন কৰিলেও যিহেতু কামত নাহিব,  সেয়েহে মূল বান্ধটো নিৰ্মাণ হোৱাৰ আগেয়েই, এই সময়তেই সংগঠন,দল-মত নিৰ্বিশেষে যদি তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব পৰা যায়, তেতিয়া হয়তো নিজৰ জীৱন নিজেই ৰক্ষা কৰিব পৰা যাব। ৰাইজে নখ জোকাৰিলে নৈ বয় বোলা কথাষাৰ যেনেকৈ আছে তেনেকৈ আমি জানো যে, প্ৰলয়ংকাৰী বান আহিলে কংগ্ৰেছ -কমিউনিষ্ট, বি জে পি , আজমল, জাতীয়তাবাদী আদি কোনো বাচি নেথাকিব। সেয়েহে ভয়ংকৰ বিপদ অহাৰ আগে-আগে মানৱ সৃষ্ট প্ৰলয়ংকাৰী বান দুৰ্যোগ প্ৰতিৰোধৰ বাবে সকলো ওলাই অহাৰ প্ৰয়োজন বুলি নাগৰিক সন্মিলনৰ বিবৃতিটোত প্ৰকাশ।