মহানগৰীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । চিকিৎসালয়ৰ ভিতৰতে এগৰাকী কৰ্মৰত চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনই ৰহস্যৰ সৃষ্টি কৰিছে । গুৱাহাটী মহানগৰীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত এই ঘটনা সংঘটিত হৈছে । ডাঃ প্রয়াস সিংহল নামৰ চিকিৎসক গৰাকীযে চিকিৎসালয়খনৰ নতুন বিল্ডিঙৰ দ্বিতীয় মহলাত থকা আইচিইউৰ জিৰণি কক্ষত চৰম পন্থা বাছি লোৱাৰ সন্দেহ প্রকাশ কৰা হৈছে। চিকিৎসালয়খনত আইচিইউ তথা জৰুৰীকালীন চিকিৎসা বিভাগৰ কৰ্তব্যৰত চিকিৎসক প্রয়াস সিংহল চিকিৎসালয়খনৰ নিউৰো আইচিইউৰো তত্ত্বাৱধানত আছিল। বুধবাৰে পুৱা ৯.৩০ বজাত তেওঁক অচেতন অৱস্থাত আইচিইউৰ জিৰণি কক্ষত উদ্ধাৰ কৰা হয় আৰু পৰৱৰ্তী সময়ত চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। মৃতদেহ উদ্ধাৰৰ পাছতে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ভঙাগড় আৰক্ষীক অৱগত কৰে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মঙলবাৰে নিশা চিকিৎসকগৰাকীৰ নৈশ ডিউটী আছিল। দিনত তেওঁ কর্তব্যলৈ অহা নাছিল। নৈশ ডিউটীলৈ আহিয়েই চিকিৎসকগৰাকীয়ে কৰ্তব্যৰত নাৰ্ছক নিজকে অসুস্থ বুলি কৈছিল আৰু নিজেই চিকিৎসাৰ কাৰণে ঔষধ গ্রহণ কৰিছিল। নিশা অসুস্থ অনুভৱ কৰাৰ কথা নাৰ্ছক জনোৱাৰ পাছত তেওঁ চিকিৎসাৰ বাবে আইভি লোৱাৰ কথা কৈ জিৰণি কক্ষলৈ সোমাই গৈছিল। বুধবাৰে পুৱা তেওঁক জিৰণি কক্ষৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। আৰক্ষী সূত্ৰটোৱে জনোৱা অনুসৰি চিকিৎসকগৰাকীয়ে নিজৰ হাতত কেনুলা ব্যৱহাৰ কৰি টোপনি অহা ঔষধ আৰু ইয়াৰ লগত এনাস্থেছিয়াৰ ঔষধ ইনজেকচনৰ জৰিয়তে গ্ৰহণ কৰিছিল আৰু আইচিইউৰ জিৰণি কক্ষত সোমাই শুই পৰিছিল। পৰৱৰ্তী সময়ত বুধবাৰে পুৱা ৯.৩০ বজাত আইচিইউৰ জিৰণি কক্ষত তেওঁৰ কোনো উত্তৰ নোপোৱাত কর্তৃপক্ষই আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীৰ উপস্থিতিত তেওঁক জিৰণি কক্ষত অচেতন অৱস্থাত উদ্ধাৰ কৰে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে ইয়াক আত্মহত্যাজনিত ঘটনা বুলি সদৰী কৰিছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ডাঃ প্রয়াস সিংহল গুৱাহাটীৰ দিছপুৰৰ কাষৰীয়া মথুৰা নগৰত বাস কৰিছিল। তেওঁৰ পৰিয়ালত সদ্যহতে পিতৃ-মাতৃৰ লগতে এজন ভাতৃ আছে। ৬-৭ বছৰ পূৰ্বে তেওঁৰ পত্নীৰ সৈতে ডিভ’ছ হৈছিল। প্ৰাৰম্ভিক তদন্তৰ অন্তত চিকিৎসকগৰাকী মানসিকভাৱে অস্থিৰ আৰু বিমর্ষ হৈ থকা বুলি আৰক্ষীয়ে জনাইছে। জানিব পৰা মতে, চিকিৎসকগৰাকীয়ে ৬ বছৰ পূর্বে চিকিৎসালয়খনত যোগদান কৰিছিল। মাজত কিছুদিনৰ বিৰতিৰ পিছত প্রায় ছমাহ পূর্বে তেওঁ পুনৰ চিকিৎসালয়খনত যোগদান কৰিছিল। ইফালে ঘটনা সংক্রান্তত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই জনায়- মঙলবাৰে তেওঁৰ নাইট ডিউটী আছিল। নাইট ডিউটী থকাৰ কাৰণে তেওঁ অহা নাছিল। নাইট ডিউটীলৈ আহিয়েই তেওঁ আমাৰ ছিষ্টাৰক কৈছিল যে তেওঁৰ পেটটো বিষাই আছে, বমি বমি লাগি আছে। তেওঁ নিজে কেনুলা লৈছে। কেনুলাৰ জৰিয়তে আইভি কৰি ল’ম বুলি কৈ তেওঁ কক্ষত সোমায় আৰু নাৰ্ছক জনায় যে তেওঁৰ বাকী থকা কামখিনি পিছত কৰিব। তেওঁ অলপ জিৰণি ল’ব বিচাৰিছে। ডাঃ প্রয়াস সিংহলৰ মৃত্যুত মর্মাহত হোৱাৰ কথা উল্লেখ কৰি ডাঃ হিতেশ বৰুৱাই কয়-চিকিৎসকগৰাকী ছিঞ্চিয়াৰ আছিল। কিন্তু তাৰ পাছনেল লাইফত কিবা আছে যদি মই নাজানো। সেইটো আমি ক’বও নোৱাৰোঁ আৰু নাজানোও। গতিকে সেইটো তদন্তত নিশ্চয় ওলাব বা লাহে লাহে আমি কথাটো গম পাম। এইক্ষেত্ৰত চৰকাৰ বা আৰক্ষীক যিমানখিনি সহায়-সহযোগ কৰিব লাগে, আমাৰ ফালৰ পৰা কৰিম। মৃতদেহটো দেখাৰ লগে লগে আমি আৰক্ষীক জনালোঁ। আৰক্ষী আহিল আৰু লগে লগে তেওঁলোকে চিআইডিকো মাতিলে। চিআইডিৰ আৰক্ষী আহি প্রাথমিক তদন্ত কৰিলে আৰু সমগ্র ঘটনাটো কেনেকৈ হ’ল তাৰ কাৰণ তদন্তৰ অন্তত ওলাব। চিকিৎসকজনে আত্মহত্যা কৰিছে নে আন কিবা কাৰণত মৃত্যু হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব বুলি তেওঁ সদৰী কৰে।
