ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড॰ চন্দনা গোস্বামীৰ অৱসৰ 

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড॰ চন্দনা গোস্বামীৰ অৱসৰ 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় হনুমানবক্স সুৰজমল  কানৈ মহাবিদ্যালয় [স্বায়ত্তশাসিত]ৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড॰ চন্দনা গোস্বামী অৱসৰ গ্ৰহণ কৰে৷ ১৯৯৩ চনৰ ২ এপ্ৰিলত বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰি সুদীৰ্ঘ ৩৩ বছৰ ধৰি মহাবিদ্যালয়খনৰ শৈক্ষিক, প্ৰশাসনিক আৰু সামাজিক ক্ষেত্ৰত নিষ্ঠা, সততা আৰু নিঃস্বাৰ্থ সেৱা আগবঢ়াই অহা অধ্যাপিকা ড॰ চন্দনা গোস্বামীৰ কৰ্মৰাজিৰ কথা উল্লেখ কৰি অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই কয়– তেওঁৰ কৰ্মনিষ্ঠা আৰু সৰল-সৌহাদ্যপূৰ্ণ ব্যক্তিত্বই সহকৰ্মীসকলৰ মাজত এক বিশেষ স্থান লাভ কৰিছিল৷ বুৰঞ্জী বিভাগৰ মুৰব্বী হিচাপে তেওঁ বিভাগটোক সু-সংগঠিত কৰাৰ লগতে মহাবিদ্যালয়ৰ সামগ্ৰিক প্ৰশাসনিক কাম-কাজতো দায়িত্বশীল ভূমিকা পালন কৰিছিল৷ তেওঁৰ এই অৱদান মহাবিদ্যালয়খনৰ ইতিহাসত সদায় স্মৰণীয় হৈ থাকিব৷ মহাবিদ্যালয়ৰ অধ্যাপক ড॰ মৃদুল শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত অধ্যক্ষ গৰাকীয়ে  কয় যে শিক্ষকৰ প্ৰকৃত সাফল্য তেওঁৰ পদবী বা সেৱাকালৰ দৈৰ্ঘ্যত নহয়, বৰং তেওঁ কিমানজন শিক্ষাৰ্থীৰ জীৱনক জ্ঞান, মূল্যবোধ আৰু আত্মবিশ্বাসেৰে সমৃদ্ধ কৰিব পাৰিলে তাতহে  নিহিত থাকে৷ সেই অৰ্থত ড॰ গোস্বামীৰ কৰ্মজীৱন নৱপ্ৰজন্মৰ শিক্ষকসকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব বুলি তেওঁ মন্তব্য কৰি অধ্যাপিকা ড॰ গোস্বামীৰ অৱসৰ জীৱন সুখ, শান্তি আৰু সুস্বাস্থ্যৰে পৰিপূৰ্ণ হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰে৷ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড॰ পাৰ্থ গাগুলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত বিদায়ী অধ্যাপিকা ড॰ চন্দনা গোস্বামীয়ে ভাষণ প্ৰদান কৰি মহাবিদ্যালয়খনত কটোৱা ৩৩ বছৰীয়া কৰ্মজীৱনৰ বিভিন্ন স্মৃতি ৰোমন্থন কৰে৷ সহকৰ্মী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ পৰা লাভ কৰা মৰম, সহযোগিতা আৰু আন্তৰিকতাৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰি কানৈ মহাবিদ্যালয়ৰ সৈতে জড়িত হৈ থকা সময়ছোৱা তেওঁৰ জীৱনৰ এক অমূল্য অধ্যায় বুলি অভিহিত কৰে৷ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সদস্য সচিব ড॰ জ্যোতি প্ৰসাদ ফুকন, আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষৰ সমন্বয়ক ড॰ দীপংকজ গগৈ, অধ্যাপিকা ড॰ সঞ্চিতা বৰুৱা, অধ্যাপিকা ড॰ মৰমী তালুকদাৰ, অধ্যাপিকা ড॰ মিতালী চলিহা, অধ্যাপক ড॰ দেৱাঞ্জন হাজৰিকা, অধ্যাপিকা ড॰ নিতুমণি শইকীয়া, অধ্যাপক ড॰ উত্তম মহনে ড॰ চন্দনা গোস্বামীৰ সৈতে কটোৱা কৰ্মজীৱনৰ স্মৃতি ৰোমন্থন কৰি তেওঁৰ সৰলতা, কৰ্তব্যনিষ্ঠা, সহৃদয়তা আৰু সহকৰ্মীসকলৰ প্ৰতি থকা আন্তৰিকতাৰ কথা উল্লেখ কৰে৷ কৰ্মচাৰীসকলৰ ফালৰ পৰা ভূৱনজ্যোতি বৰুৱা, নমিতা শইকীয়া, প্ৰশান্ত মাঝিৰি শইকীয়া আৰু দিগন্ত বৰুৱাইও বিদায়ী অধ্যাপিকা গৰাকীৰ সৈতে থকা স্মৃতি আৰু অনুভৱ ব্যক্ত কৰে৷ অনুষ্ঠানত মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা বিদায়ী অধ্যাপিকা ড॰ চন্দনা গোস্বামীক ফুলাম গামোচা, চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ কৰ্মচাৰী গোটৰ সভাপতি, সম্পাদককে ধৰি ভালেসংখ্যক কৰ্মচাৰী উপস্থিত থাকে৷ উল্লেখ্য যে ২৭ আগষ্টৰ দিনাও বুৰঞ্জী বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত অধ্যাপিকা ড॰ চন্দনা গোস্বামীৰ এক ব্যতিক্ৰমী বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷