উজনিৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্রীক সাক্ষাৎ অখিল গগৈৰ

উজনিৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্রীক সাক্ষাৎ অখিল গগৈৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উজনিৰ বান পৰিস্থিতিক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰিলে। এই সাক্ষাতৰ সময়তে অখিল গগৈয়ে মুখ্যমন্ত্রীক দহদফীয়া এখন স্মাৰক-পত্র প্রদান কৰে। মুখ্যতঃ উজনিৰ চাৰি জিলাত যোৱা ১৯ জুলাইত হোৱা অভাৱনীয় বানৰ পিছত সৃষ্টি হোৱা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই বানক ৰাষ্ট্ৰীয় দুর্যোগ হিচাপে শ্রেণী বিভাজন কৰাৰ লগতে বানপীড়িতক জৰুৰী ঘৰুৱা সামগ্ৰী আৰু জীৱিকাৰ প্ৰয়োজনীয়তাৰ পূৰণৰ বাবে ২৫ হাজাৰ টকাকৈ দিয়াৰ দাবী তোলে স্মাৰক-পত্ৰযোগে। স্মাৰক-পত্রত অখিল গগৈয়ে দিখৌ, দিচাং, দৰিকা, মিটং, জাঁজী আৰু নামদাং নৈৰ ওপৰত ডিচিলটেচন কৰাৰ কাম আৰম্ভকৰাৰ লগতে মথাউৰি নিৰ্মাণৰো দাবী তোলে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ প্ৰতিটো ক্ষতিগ্রস্ত পৰিয়ালৰ এজন সদস্যক অৰুণোদয় আঁচনি প্ৰদানৰ বাবেও স্মাৰক-পত্রযোগে দাবী তোলে অখিল গগৈয়ে।