পিতৃ-মাতৃৰ অপূৰ্ণ আশা
ৰুমী কলিতা দত্ত
২ নং কেন্দুগুৰি,ডিব্ৰু
বিশাল অট্টালিকা বা সোণ-ৰূপৰ পাহাৰ
পিতৃ-মাতৃয়ে কেতিয়াও নিবিচাৰে,
বিচাৰে মাথোঁ হিয়াৰ আমঠু
সন্তানৰ একোটি মিঠা মাত,
তাতেই হৃদয় পৰে শাঁত
মাতষাৰতেই বুকু ভৰি পৰে।
দিন-ৰাতি এক কৰি কষ্টৰ ঘাম বোৱাই
গঢ়ি তুলে যি কোমল পোহৰ,
তাৰে সলনি বিচাৰে মাথোঁ অকণমান মৰম
আৰু অলপ শ্ৰদ্ধাৰ আদৰ ।
ডাঙৰ মানুহ হোৱাৰ সপোন দেখাতো
‘ভাল মানুহ’ হোৱাটোৱেই একমাত্ৰ আশা
সন্তানৰ সৎ পথৰ খোজেই
পিতৃ-মাতৃৰ বাবে ডাঙৰ সপোন চোৱা ।
সময়ৰ সোঁতত বয়সৰ চাপ পৰে,
হাতদুখনি কঁপি উঠে থৰথৰকৈ
সেই পৰত মাথোঁ বিচাৰে অকণমান সংগ,
এটুপি মৰমৰ মাত সাৰথি লৈ ।
সন্তানৰ সুখেৰে সুখী আই-পিতাই,
সন্তানৰ হাঁহিতেই বাঢ়ি যায়
তেওঁলোকৰ সংসাৰ,
পবিত্ৰ হৃদয়ৰ সামান্য শ্রদ্ধা আৰু আদৰেই
তেওঁলোকৰ বাবে হয়
পৃথিৱীৰ শ্ৰেষ্ঠ উপহাৰ
পিতৃ-মাতৃৰ পূৰ্ণ হয় আশাৰ ।
