উছৰ্গা
সংগীতা গোস্বামী
ঢোলটো শেষ বাৰৰ বাৰে সি এবাৰ চুই চালে। আবতৰীয়া ভাবটোৰ অৰ্থ তাই বিচাৰি নাপালে।
নিজান ঘৰটোত সোমাই তাৰ বৰ আখজা লাগিছে। “পোনা ক’ত ? চেৰেলেকৰ বাবে পইচা হৈ গ’ল।”
মুষলধাৰে নামি অহাখিনি তাই ধৰি ৰাখিব নোৱাৰিলে। “তেওঁলোকে তাক বৰ সুখত ৰাখিব অ’।”
খহি যোৱা হৃদয়খনেৰে সি তাৰ লগ এৰা কৰতললৈ লক্ষ্য কৰিলে। মাটিত পেকেটটোৱে এক উমান সৃষ্টি কৰি অৰ্থহীন হৈ পৰিল।