জিলা উপায়ুক্তক বন্যাৰ্তৰ বাবে ব্যৱস্থা গ্ৰহণৰ কঠোৰ নিৰ্দেশঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

pc- Times Now

জিলা উপায়ুক্তক বন্যাৰ্তৰ বাবে ব্যৱস্থা গ্ৰহণৰ কঠোৰ নিৰ্দেশঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অনলাইন বাৰ্ত্তাসেৱা- জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅʼ কনফাৰেন্সযোগে ৰাজ্যৰ জিলাসমূহৰ উপায়ুক্তসকলৰ ২২ আৰু ২৩ আগষ্টত ডিফুত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপায়ুক্ত সন্মিলনত গ্ৰহণ কৰা লক্ষ্য নিৰ্ধাৰিত বিষয়সমূহ পর্যালোচনা  সৈতে বিভিন্নবিষয় আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক বিভিন্ন বিভাগৰ সৈতে আলোচনা কৰি ইয়াৰ ৰূপায়ণৰ বাবে তৎকালীন পদক্ষেপ লʼব লৈয়ো নির্দেশ দিয়ে। এই ভিডিঅʼ কনফাৰেন্সৰ সময়ত কোভিড টিকাকৰণৰ বিষয়টো বিতংভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক কোভিড ভেকচিন প্ৰদানৰ দিশত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ এইক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ লʼবলৈ তেওঁ কয়। এই বৈঠকতে ৰাজ্যৰ বান পৰিস্থিতি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে নদীসমূহৰ পানী বাঢ়ি অহাৰ বাবে সম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তসকলক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে বান ক্ষতিগ্রস্ত ৰাইজক উদ্ধাৰ আৰু সাহায্য অভিযান তৎপৰতাৰে কৰাৰ বাবে নির্দেশ দিয়ে। এই ভিডিঅʼ কনফাৰেন্সৰ সময়ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্ৰমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে।

 

(RT)