বানৰ সুযোগ লৈ শিৱসাগৰত সোমাল জাকে জাকে বাংলাদেশী
ৰঙিলী বাৰ্ত্তাসেৱা- বানপানীৰ সুযোগ লৈ জাতিৰ বৰঘৰ শিৱসাগৰ সোমাল হাজাৰ হাজাৰ অবৈধ বাংলাদেশী। শিৱসাগৰ প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি জাতীয় সংগ্রামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই এনেদৰে কয়। বানৰ সুযোগ লৈ একাংশ বাংলাদেশীয়ে উজনি অসমত ঘৰ সাজিলে, গাঁও বনালে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে বাংলাদেশী মূলৰ মানুহখিনিয়ে এতিয়া খিলঞ্জীয়া মানুহৰ হত্যাযজ্ঞত নামি পৰিছে। যোৱা ২৫ আগষ্টত এজন খিলঞ্জীয়া যুৱক মানসজ্যোতি চেতিয়াক বাংলাদেশী মূলৰ মানুহে বৰ্বৰভাৱে, পৰিকল্পিতভাৱে হত্যা কৰিলে। ইতিমধ্যে অসম আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত কেইজনমান অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা দাবী জনাই পুনৰ কয় যে মানসজ্যোতি চেতিয়াৰ হত্যাকাণ্ডৰ লগত জড়িত থকা এজাহাৰত নাম দিয়া প্রতিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি এনকাউণ্টৰ কৰিব লাগিব। অন্যথা জাতীয় সংগ্রামী সেনা অসমে অনাগত দিনত প্রতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব। ইফালে চিতু বৰুৱাই বিহুবৰ ২নং ৰে’লৱে কোৱেৰী আৰু বিহুবৰ গীতি চাইডিং নেপালীবস্তিৰ আলোকচিত্রও প্রদৰ্শন কৰি কয় যে জাতিটোৰ বৰঘৰ শিৱসাগৰৰ এই ঠাইসমূহত অবৈধ সন্দেহযুক্ত নাগৰিক বাংলাদেশী বানৰ সুযোগ লৈ সোমাল। জাতীয় সংগ্রামী সেনা অসমে অঞ্চলকেইটা পৰিদৰ্শন কৰাৰ কথা অৱগত কৰি স্থানীয় লোকসকলৰ লগত কথা পাতি ফটোত দেখা পোৱা বিহুবৰ ৰঙাজানত প্ৰায় ৪ হাজাৰ, ২নং ৰে’লৱে কোৱেৰীত প্রায় ৫ হাজাৰ আৰু গীতি চাইডিং নেপালীবস্তিত প্রায় ৭ হাজাৰ অবৈধ সন্দেহযুক্ত বাংলাদেশী ইতিমধ্যে প্ৰৱেশ কৰিছে বুলি তেওঁলোকক জনোৱা বুলি মত প্রকাশ কৰে। চিতু বৰুৱাই স্পষ্ট কৰি দিয়ে যে আমি শিৱসাগৰক মিনি বাংলাদেশ হ’বলৈ দিব নোৱাৰোঁ। আমি অসমখন বাংলাদেশ-পাকিস্তান হ’বলৈ দিব নোৱাৰোঁ। আৰু এতিয়াই যদি আমি বাংলাদেশী আগ্রাসন ৰোধ কৰিব নোৱাৰোঁ, তেতিয়াহ’লে জাতিটো ধ্বংস হ’ব, কিন্তু অনিবার্য। চৰকাৰক এই বিহুবৰ ৰঙাজান, বিহুবৰ ২নং ৰে’লৱে কোৱেৰী আৰু বিহুবৰ গীতি চাইডিং নেপালীবস্তিত অতি শীঘ্রেই উচ্ছেদ চলাবৰ কাৰণে আমি দাবী উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈলৈ এই গোটেই তথ্যখিনি প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে। অতি শীঘ্রেই যদি অসম চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰে জাতীয় সংগ্রামী সেনা অসমে নিজাববীয়াকৈ ব্যৱস্থা গ্রহণ কৰিব আৰু ইয়াৰ ফলত উদ্ভৱ হ’বলগীয়া যিকোনো পৰিৱেশ-পৰিস্থিতিৰ কাৰণে জাতীয় সংগ্রামী সেনা অসম কোনো কাৰণতে দায়ী নহয় বুলি স্পষ্ট কৰি দিয়ে। ‘জাতিৰ কাৰণে মৰিবলৈ আৰু মাৰিবলৈ কোনো কাৰণতে ভয় নকৰোঁ। পিটি পিটি এই বাংলাদেশীক খেদিম। বাংলাদেশীসকলে উজনি অসম ত্যাগ কৰক, অন্যথা এক ভয়ংকৰ যুদ্ধৰ মুখামুখি হ’বৰ কাৰণে সাজু হৈ থাকক’ বুলিও সকীয়নি দিয়ে চিতু বৰুৱাই।
