ডিব্ৰুগড় জিলা কলিতা জনগোষ্ঠীৰ দাবীসম্বলিত  জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

ডিব্ৰুগড় জিলা কলিতা জনগোষ্ঠীৰ দাবীসম্বলিত  জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক ২০২৬ ত কলিতা জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ, ঐতিহাসিক পৰিচয়, সামাজিক – সাংস্কৃতিক অধিকাৰ আৰু সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সংশোধনৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে কলিতা জনগোষ্ঠী সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সমিতিৰ সভাপতি দ্বীপেন মজুমদাৰ আৰু সাধাৰণ সম্পাদকৰ চন্দন কলিতাৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি ডঃ সোণেশ্বৰ কলিতা, কাৰ্যকৰী সভাপতি দিগন্ত দত্ত আৰু সাধাৰণ সম্পাদক ভোগেশ্বৰ ফুকনৰ স্বাক্ষৰিত স্মাৰক পত্ৰৰ জৰিয়তে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক ২০২৬ উল্লেখ কৰা থলুৱা জাতিগত সম্প্ৰদায়ৰ তালিকাত কলিতাসকলক অন্তৰ্ভুক্ত কৰা, বিধেয়ক খন সংশোধন কৰি কলিতা জনগোষ্ঠীক ট্ৰাইবেল বেল্ট আৰু ব্লক,ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল আৰু স্বায়ত্ব শাসিত পৰিষদ এলেকাত জনজাতীয় লোকসকলৰ সমানে কলিতা সকলকো ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ দাবীৰ উপৰিও আইকনিক ঐতিহ্য প্ৰতিষ্ঠানৰ সংৰক্ষিত এলেকাত ভূমিৰ অধিকাৰ প্ৰদানৰ দাবীৰ লগতে অন্যান্য কেইবাটাও দাবীৰ সমৰ্থনত এই স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত প্ৰাগজ্যোতিষৰ প্ৰাচীন ঐতিহ্য,ৰজা ভগদত্ত, প্ৰাগজ্যোতিষৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মা, মহাৰাজ পৃথু, আলাৱৈৰ ৰণত প্ৰাণ বলিদান দিয়া সহস্ৰাধিক কলিতা, স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰথম শ্বহীদ মণিৰাম দেৱান, হৰদত্ত-বীৰ দত্তৰ বীৰগাঁথা, ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ বলিদান, শঙ্কৰ -মাধৱ গুৰু দুজনাই প্ৰতিষ্ঠা কৰা সত্ৰ সমূহ জীয়াই ৰখাৰ প্ৰধান সূত্ৰধাৰ কলিতা সকলক আইনী প্ৰক্ৰিয়াৰ জৰিয়তে উচ্ছেদ কৰিব বিচৰা প্ৰচেষ্টা বন্ধ কৰাৰ দাবী উক্ত স্মাৰক পত্ৰযোগে জনোৱা হয়।