ভাদ মাহ – নমিতা দাস

Pc India.com

ভাদ মাহ

নমিতা দাস
শুৱালকুছি

“ভাদৰে ৰোহিণী অষ্টমী তিথিতে ৰংগ কৰে দেৱ গণে
কংসৰে কাৰাগাৰে দৈৱকীৰ উদৰে জন্মিলে নাৰায়ণে”

মৎস, কূৰ্ম, নৰসিংহ , বামন, পৰশুৰাম,
হলিৰাম , বৰাহ ,শ্ৰীৰাম
বুদ্ধ, কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
তযু পাৱে কৰোহো প্ৰণাম”

ভাদ মাহত ৰোহিনী নক্ষত্ৰযুক্ত অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল । সেই শুভক্ষণত দেৱগণে আনন্দৰ উৎসৱ পাতি পুষ্প বৃষ্টি কৰিছিল। যুগে যুগে হৈ থকা মত্যৰ দুষ্টক দমন কৰি অত্যাচাৰ অনাচাৰ , শোসন উৎপিড়ন অবিচাৰ ন্যাসিবলৈ বিভিন্ন অবতাৰ ধাৰণ কৰি পাপি সকলক নাস কৰি পাপ মুক্ত কৰিবলৈ মৈত্ৰত ভগৱানৰ আবিৰ্ভাব হয় । সেই অৱতাৰ বোৰৰ ভিতৰতে অষ্টম অবতাৰ শ্ৰীকৃষ্ণ ৰূপে কংসৰ কাৰাগাৰত দৈবকীৰ উদৰে জন্ম হল । কংস ৰজাৰ ভনী দৈৱকীৰ বিয়াৰ দিনা ভগ্নীৰ বিদায় মুহুৰ্তত আকাশবাণী হৈছিল । “দৈৱকীৰ অষ্টম সন্তানৰ হাতত কংসৰ মৃত্যু অপৰিহাৰ্য” । সেই তেতিয়াৰ পৰা মহা প্ৰতাপি কংসই বসুদেৱ আৰু দৈৱকীক কাৰাগাৰত বন্ধি কৰি ৰাখিছিল ।

বিশ্বাসে মিলয় হৰি” বুলি এসাৰ প্ৰৱচন আছে। গতিকে আমি বিশ্বাস কৰা মতে নিজ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ পৰোঁ ।মানুহৰ ভয়,সংকা আৰু আশা আকাংঙ্খা বোৰ পুৰণৰ নিমিত্তে নিজৰ উপাস্য দেৱতাৰ ওচৰত প্ৰণিপাত জনাই নিজৰ লগতে পৰিয়ালৰ সুখ শান্তি অতুত ৰখাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়। দৈৱকী আৰু বসুদেৱেও কাৰাগাৰত ভগৱানক উপাসণা কৰি পূৰ্ব জন্মৰ কৰ্মৰ ফলতে ত্ৰিজগতৰ পতি হৰিক তেওঁলোকৰ পুত্ৰ হিচাপে লাভ কৰিছিল ।

পৃথিৱীত পাপি-তাপিৰ ভাৰ সহিব নোৱাৰা হোৱাৰ সময়তে ভগৱানে আহি দুষ্টক দমন আৰু শান্তক পালন কৰে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মও ডাপৰযুগত হৈছিল । প্ৰৱল প্ৰতাপি কংস ৰজা উগ্ৰশেন আৰু ৰাণী পদ্মৱতীৰ পুত্ৰ আছিল । নিজৰ পিতৃ উগ্ৰশেনক কাৰাগাৰত ৰাখি নিজে ৰজা হৈ প্ৰজা গণৰ ওপৰত নিজ ইচ্ছামতে অত্যাচাৰ চলাইছিল । সেই অত্যাচাৰ ৰুধিবলৈ কংসৰ কাৰাগাৰত ভগৱান শ্ৰীকৃষ্যণৰ জন্ম হল যদিও বসুদেৱক আকাশ বাণী কৰি শুনাই দিছিল যে গকুলৰ ৰজা নন্দৰ ঘৰে সেই একে সময়তে যোগমায়াৰ জন্ম হব । গতিকে যমুনা নৈ পাৰ হৈ কৃষ্ণক যশোদাৰ ওচৰত থৈ যোগমায়াক লৈ আহি দৈৱকীৰ লগত ৰাখিব লাগে । নহলে কংসৰ অত্যাচাৰ অনাচাৰ ৰুধিবলৈ নোৱাৰিব। আকাশবাণী হোৱাৰ দৰেই বসুদেৱে শ্ৰীকৃষ্ণক যমুনা নৈ পাৰ হৈ গকুল পালে । সেই সময়ত ধুমুহা বতাহ শিলাবৃষ্টিৰে চানি ধৰিছিল তথাপি বসুদেৱে সেই দুৰ্গম পথ অতিক্ৰম কৰিবলৈ ওলাই আহিছিল সেই সময়তে নাগ ৰজাই ফনা ধৰি ধুমুহা শিলাবৃষ্টিৰ পৰা শ্ৰীকৃষ্ণক বচোৱাৰ বাবে চেষ্টা কৰিছিল ।এই সকলোখিনি কথা মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ কীৰ্ত্তন ঘোষাত পঢ়িবলৈ পাওঁ।

ধৰ্মীয় নীতি নিয়ম বোৰে সমাজ খন উশৃঙ্খলা বদ্ধ পৰিবেশেৰে উদণ্ড মানসিকতাৰ সাম কটাই নিয়মানুবৰ্তিতা আৰু অনুশাসনৰ মাজত চলিবলৈ শিকাই । এনেবোৰ ইতিবাচক চিন্তাই সকলো ব্যক্তিকে মানসিক আৰু শাৰিৰীক ভাবে যাদুকৰী শক্তিৰ দৰে সুষ্ট সবল কৰি নিজৰ জীৱনটোৰ ব্যক্তিত্ব আৰু চৌকাষৰ পৰিবেশ সলনি কৰি আত্মসন্মান বোধ জগাই উৎকৰ্ষ সাধন কৰে ।জীৱ শ্ৰেষ্ট মানুহ , জ্ঞানশীল , বুদ্ধিশীল, মৰমীয়াল, দয়ালু ক্ৰোধাম্বিত হোৱা আদি প্ৰবৃত্তিৰে গঠিত। সামাজিক প্ৰাণী মানুহ । গতিকে সমাজৰ ৰীতি- নীতিয়ে আমাক বান্ধি ৰাখিছে । যিহেতু আমি ঈশ্বৰ বা আল্লা বা গদ যিয়েই নামাতো এটি অদৃশ্য শক্তিক আমি বিশ্বাস কৰো সেই অদৃশ্য শক্তি হৈছে ভগৱান বা ঈশ্বৰ । প্ৰতিজন লোকে নিজৰ সম্প্ৰদায় অনুসৰি নিজৰ নিজৰ উপাস্য দেৱতা সকলক বিশ্বাস কৰোঁ আৰু সেই দেৱতা সকলক লৈ ধৰ্ম নিৰুপন কৰা হয় । প্ৰতিটো জাতিৰে নিজ ধৰ্ম অনুসৰি নিৰ্দিষ্ট ঠাইত ধৰ্মীয় অনুষ্ঠান থাকে । মন্দিৰ, মছজিদ, গুৰুদ্ধাৰ, আদি বিভিন্ন ধৰ্মীয় ঠাই বোৰত নিজৰ ধৰ্ম অনুযায়ী ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ পৰা দেখা যায়।

“গতিকে জীৱনটো আমাৰ হাতত আমাৰ অভ্যাসেই প্ৰতিটো আচৰণ নিয়ন্ত্ৰনত ৰাখিবলৈ ধৰ্মীয় অনুষ্ঠানে বাধ্য কৰাই। সেয়ে হয়তো সৃষ্টিকৰ্তাই ধৰ্মৰ দ্ধাৰা তেওঁৰ গুণানু কীৰ্তনেৰে আমাৰ চিন্তাধাৰাক সম্পূৰ্ণ আমাৰ সঠিক দিশেৰে বোবাই দি সাফল্যতাৰ শিখৰত আৰোহণ কৰিবলৈ সমৰ্থবান হবলৈ তাৰ বাবেই ধৰ্মীয় অনুষ্ঠানৰ সৃষ্টি কৰিছে বুলি ভাবিবৰ যথেষ্ট থল আছে।