“আধ্যাত্মিকতাৰ দাপোণত ভাদ মাহ: এক অৱলোকন”
প্ৰেম বৈষ্ণৱ ,বিহালী, বিশ্বনাথ
অসমীয়া জনজীৱনৰ বাৰিষাৰ শেষ আৰু শৰৎকালৰ আগমনৰ মধ্যৱৰ্তী সময়ছোৱাত প্ৰকৃতিৰ বুকুত বিৰাজ কৰা এক অনন্য পৰিৱেশে ভাদ মাহক আন মাহসমূহৰ তুলনাত পৃথক কৰি তোলে। সূৰ্যৰ উত্তৰায়ণ আৰু দক্ষিণায়নৰ চক্ৰত আৱদ্ধ এই পঞ্চম মাহটো প্ৰকৃতি আৰু মানৱ মনৰ মাজত এক গভীৰ যোগসূত্ৰ স্থাপন কৰা সময়। আকাশত মেঘৰ অহা-যোৱা, পথাৰত সেউজীয়া শইচৰ দোলনি আৰু চৰাই-চিৰিকটিৰ কলৰৱৰ মাজত মানৱ মনে আধ্যাত্মিকতাৰ সন্ধান কৰে। অতীজৰ পৰা প্ৰচলিত এই মাহটোক কেৱল এখন কেলেণ্ডাৰৰ পাত বুলি অভিহিত কৰিলে ইয়াৰ তাৎপৰ্যৰ প্ৰতি অবিচাৰ কৰা হ’ব। ই এক নিৰৱচ্ছিন্ন প্ৰবাহ, য’ত মানুহে নিজৰ অস্তিত্বৰ সন্ধান কৰাৰ লগতে সমাজক এক নতুন মাত্ৰা প্ৰদান কৰাৰ সুযোগ লাভ কৰে।
পৃথিৱীৰ প্ৰতিখন সমাজৰে নিজস্ব বিশ্বাস আৰু আচাৰ-নীতি থাকে। আমাৰ অসমীয়া সমাজত ভাদ মাহৰ সৈতে সংলগ্ন হৈ আছে গভীৰ ভক্তি আৰু শ্ৰদ্ধাৰ এক পবিত্ৰ পৰিৱেশ। চাৰিওফালে দেখা দিয়া অস্থিৰতা আৰু প্ৰকৃতিৰ পৰিৱৰ্তনৰ মাজত এই মাহটোৱে মানুহক সংযম আৰু অনুশাসনৰ শিক্ষা দিয়ে। আধ্যাত্মিকতা মানে কেৱল ধৰ্মীয় অনুষ্ঠান পালন কৰা নহয়, ই হ’ল মানুহৰ অন্তৰাত্মাৰ পৰিষ্কাৰক এক নিৰন্তৰ প্ৰক্ৰিয়া। ভাদ মাহৰ পবিত্ৰতাই আমাক সোঁৱৰাই দিয়ে যে বাহ্যিক জগতখন যিমানেই কোলাহলপূৰ্ণ নহওক কিয়, মানুহৰ অন্তৰত এটা শান্তিপূৰ্ণ স্থান সদায় বৰ্তি থাকে। এই মাহত আমাৰ নামঘৰসমূহ একোটা আধ্যাত্মিক শক্তিকেন্দ্ৰত পৰিণত হয়। নাম-কীৰ্তনৰ ধ্বনিয়ে পৰিৱেশত যি কম্পন সৃষ্টি কৰে, সি মানুহৰ মনত থকা বিষাদ আৰু ক্লান্তি আঁতৰাই নতুন উদ্যমৰ সৃষ্টি কৰে।
সাংস্কৃতিক আৰু সামাজিক পৰিচয়ৰ ক্ষেত্ৰত ভাদ মাহ এক মাইলৰ খুঁটি। কৃষিৰ ওপৰত নিৰ্ভৰশীল অসমীয়া চহা সমাজে শাওণৰ কঠীয়া সিঁচা কাৰ্যৰ অন্তত কিছু সময় জিৰণি লয়। এই জিৰণিৰ সময়খিনি কেৱল শৰীৰৰ বাবে নহয়, আত্মাৰ খোৰাকৰ বাবেও অপৰিহাৰ্য। সমাজৰ প্ৰতিটো স্তৰৰ মানুহে এই সময়ত ধৰ্মীয় আৰু সামাজিক কাম-কাজত নিজক নিমগ্ন কৰে। সেয়া নামঘৰৰ মজিয়াত ভাগৱত পাঠেই হওক বা গুৰুসকলৰ স্মৃতিচাৰণেই হওক, প্ৰতিটো পদক্ষেপে আমাক আমাৰ মূল শিপাৰ ফালে লৈ যায়। এই আধ্যাত্মিকতাই আমাক শিকাইছে যে আমি সকলো এক উমৈহতীয়া সূতাৰে বান্ধ খাই আছোঁ। ভাদ মাহৰ এই বিস্তাৰিত পটভূমিত আমি আমাৰ সমাজৰ অৱক্ষয় ৰাস কৰি এক নৱজাগৰণৰ সূচনা কৰিব পাৰোঁ। আজিৰ প্ৰযুক্তি নিৰ্ভৰ সময়ত মানুহৰ পৰস্পৰৰ মাজত থকা দূৰত্ব বাঢ়ি গৈছে। নাম-প্ৰসংগই এই দূৰত্ব হ্ৰাস কৰি সমাজত সংহতি আৰু মৈত্ৰীৰ বান্ধোন শক্তিশালী কৰে। অসূয়া-অপ্ৰীতি আঁতৰাই এখন সুস্থ সমাজ গঢ়ি তোলাৰ বাবে এই মাহটো এক প্ৰশিক্ষণ কেন্দ্ৰ স্বৰূপ।
ভাদ মাহত প্ৰকৃতিয়ে যেন এক নতুন সাজ পৰিধান কৰে। যি সময়ত চাৰিওফালে নানা অশুভ বাতাৱৰণৰ সৃষ্টি হয়, সেই সময়ত ভাদ মাহে এক আশাৰ কিৰণ লৈ আহে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাব তিথিয়ে আমাৰ সমাজক এক নতুন দিশ প্ৰদৰ্শন কৰি গৈছে। তেওঁলোকৰ জীৱনৰ আদৰ্শ আৰু অৱদানসমূহ কেৱল কিতাপৰ পৃষ্ঠাত আবদ্ধ নহয়, প্ৰতিজন অসমীয়াৰ অন্তৰত জীৱন্ত হৈ আছে। গুৰু দুজনাৰ তিৰোভাব তিথিৰ লগত সংগতি ৰাখি আয়োজন কৰা আলোচনা চক্ৰসমূহে সমাজৰ নৈতিক মানদণ্ড উন্নত কৰাত সহায় কৰে। পৌৰাণিক আখ্যান অনুসৰি শুকদেৱে ৰজা পৰীক্ষিতক শুনাইছিল ভাগৱতৰ অমৃত বাণী। এই পৰম্পৰা অসমৰ প্ৰতিটো গাঁৱৰ নামঘৰত এতিয়াও জীয়াই আছে। অখণ্ড ভাগৱত পাঠৰ জৰিয়তে সমাজৰ মানুহে যি আধ্যাত্মিক শক্তি অৰ্জন কৰে, তাৰ দ্বাৰা মানুহৰ মনত থকা মৃত্যুভয় আৰু সংসাৰৰ মোহ আঁতৰ কৰিবলৈ চেষ্টা কৰা হয়। এই প্ৰক্ৰিয়াটোৱে মানুহক নিৰহংকাৰী হ’বলৈ শিকায়। নামঘৰৰ মজিয়াত ধনী-দুখীয়া নিৰ্বিশেষে সকলোৱে একেলগে বহি হৰিনাম লোৱাটো আমাৰ সামাজিক সাম্যৰ এক উৎকৃষ্ট নিদৰ্শন।
ভাদ মাহত উদযাপন কৰা শ্ৰীকৃষ্ণ জন্মষ্টমীয়ে আমাক ধৰ্ম প্ৰতিষ্ঠাৰ অৰ্থ বুজাই দিয়ে। অশুভ শক্তিৰ বিনাশ আৰু শান্তিৰ প্ৰতিষ্ঠাৰ বাবে যি সংগ্রাম, সেয়া শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ। লোকবিশ্বাসসমূহৰ আঁৰত থকা বৈজ্ঞানিক দিশবোৰকো আমি অৱহেলা কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে, ভাদ মাহত বিয়া-বাৰু আদি মাঙ্গলিক কাম নকৰাৰ আঁৰত সমাজৰ কিছু ব্যৱহাৰিক কাৰণ লুকাই থাকে। এই সময়ত প্ৰকৃতিৰ পৰিৱৰ্তনৰ লগত নিজক খাপ খুৱাবলৈ শৰীৰ আৰু মনক প্ৰস্তুত কৰিবলগীয়া হয়। সামাজিক একতাৰ বাবে ভাদ মাহত আইসকলৰ ভূমিকা অপৰিসীম। নামঘৰত আইসকলে সমবেত হৈ যি নাম-গুণ গায়, সি গোটেই গাঁওখনতে এক পবিত্ৰ বাতাৱৰণৰ সৃষ্টি কৰে। এই নাম-প্ৰসংগই মহিলাসকলৰ মাজত থকা পাৰস্পৰিক বুজাবুজি আৰু মৰম-চেনেহৰ বান্ধোনক দৃঢ় কৰে। কোনো সমস্যা হ’লে বা বিপদৰ সময়ত নামঘৰৰ জৰিয়তে গাঁওবাসী একত্ৰিত হয়। এই মাহটোত প্ৰতিপালন কৰা পৰম্পৰাবোৰে আমাৰ জাতীয় চৰিত্ৰক নিৰূপণ কৰে।
ধৰ্মীয় অনুষ্ঠানবোৰ কোনো বিচ্ছিন্ন ঘটনা নহয়; এইবোৰ আমাৰ সামাজিক জীৱনৰ অংগ। ভাদ মাহৰ পৱিত্ৰতা কেৱল নামঘৰৰ চাকি-বন্তিৰ মাজতে আৱদ্ধ হৈ নাথাকে, ই প্ৰতিজন অসমীয়াৰ চিন্তা-চেতনা আৰু দৈনন্দিন জীৱনশৈলীত প্ৰভাৱ পেলায়। গুৰু দুজনাৰ তিৰোভাব তিথিৰ অৰ্থপূৰ্ণ উদযাপনৰ জৰিয়তে আমাৰ সমাজত ভক্তি ধৰ্মৰ যি জোৱাৰ উঠে, সি মানুহৰ মনত থকা অহংবোধ আৰু বিদ্বেষক অতিক্ৰম কৰাত সহায় কৰে। সত্ৰীয়া সংস্কৃতি আৰু নাম-প্ৰসংগৰ মাজেৰে প্ৰকাশ পোৱা ভক্তিৰস প্ৰকৃতাৰ্থত মানৱতাবাদৰ এক সৰ্বোত্তম প্ৰকাশ। মহাপুৰুষ শংকৰদেৱৰ ‘একশৰণ নাম ধৰ্ম’ই আমাক শিকাইছে যে ভক্তিৰ পথত জাতি-ভেদ, বৰ্ণ-ভেদ বা কোনো ধৰণৰ সামাজিক বিভাজনৰ স্থান নাই। যেতিয়া নামঘৰত ভকত-বৈষ্ণৱসকলে একত্ৰিত হৈ নাম গায়, তেতিয়া সেই স্থানত কেৱল ভগৱানৰ মহিমাৰ প্ৰতি থকা অকৃত্রিম শ্ৰদ্ধাহে মূৰ্ত হৈ উঠে।
সামাজিক পৰিপ্ৰেক্ষিতত ভাদ মাহৰ আধ্যাত্মিকতা এক শৃঙ্খলাবদ্ধ জীৱনৰ সোপান। মানুহে যেতিয়া ধৰ্মীয় কাৰ্যসূচীবোৰত অংশ লয়, তেতিয়া তেওঁলোকৰ মাজত এক সামূহিক অনুশাসনৰ সৃষ্টি হয়। ভাদ মাহৰ প্ৰতিটো দিনেই যেন একোটা শিক্ষাৰ অধ্যায়। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত এই আধ্যাত্মিক চেতনা জাগ্ৰত কৰাটো আজিৰ সময়ত অত্যন্ত প্ৰয়োজনীয়। সমাজত চলি থকা নানা ধৰণৰ অশুভ মানসিকতা, যেনে– ঈৰ্ষা, ঘৃণা আৰু বিচ্ছিন্নতাবাদী চিন্তাক প্ৰশমিত কৰিবলৈ ভাদ মাহৰ এই ভক্তিপূৰ্ণ পৰিৱেশ এক ঔষধস্বৰূপ। ধৰ্মীয় আলোচনাৰ মাজেৰে যেতিয়া সমাজৰ জ্যেষ্ঠসকলে নৱপ্ৰজন্মক নীতি-শিক্ষা প্ৰদান কৰে, তেতিয়া তাৰ প্ৰভাৱ সমাজৰ ওপৰত সুদূৰপ্ৰসাৰী হয়। আমি মানিবই লাগিব যে আমাৰ পূৰ্বপুৰুষসকলে সৃষ্টি কৰা প্ৰতিটো নিয়মৰ আঁৰত আছিল এক সু-চিন্তিত সামাজিক দৰ্শন। ‘ভাদ মাহত অশুভ কৰ্ম নকৰা’ বা ‘গাখীৰৰ ব্যৱহাৰত সাৱধানতা অৱলম্বন কৰা’ আদি নিৰ্দেশনাসমূহ আচলতে প্ৰকৃতিৰ লগত সমাজৰ এক ছন্দবদ্ধ সম্পৰ্কৰ প্ৰতীক। এই সময়ত প্ৰকৃতিৰ পৰিৱৰ্তনৰ সৈতে স্বাস্থ্যজনিত কাৰণতো মানুহে ধৰ্মীয় অনুশাসনক ঢাল হিচাপে ব্যৱহাৰ কৰিছিল।
নামঘৰকেন্দ্ৰিক সামাজিক ব্যৱস্থাত আইসকলৰ অৱদানক কোনো দিশৰ পৰাই খৰ্ব কৰিব নোৱাৰি। এগৰাকী মাতৃয়ে যেতিয়া নামঘৰৰ মজিয়াত হৰিনাম গায়, তেতিয়া সেই ধ্বনিয়ে ঘৰৰ সন্তানৰ ওপৰতো আধ্যাত্মিক প্ৰভাৱ পেলায়। পৰিয়ালৰ প্ৰতিজন সদস্যই যেতিয়া ধৰ্মীয় আচৰণৰ মাজেৰে জীৱন যাপন কৰে, তেতিয়া সমাজত শান্তি আৰু শৃংখলা বিৰাজ কৰে। ভাদ মাহৰ এই পৱিত্ৰ সময়ত সমাজৰ দুখীয়া বা অসহায় লোকসকলক সহায় কৰাৰ যি প্ৰৱণতা দেখা যায়, সেয়া আমাৰ আধ্যাত্মিকতাৰেই এক অংশ। দান-দক্ষিণা বা শৰাই দিয়াৰ প্ৰক্ৰিয়াটোত সমাজৰ মাজত থকা মৰম আৰু সহমৰ্মিতাৰ ভাৱ অধিক স্পষ্ট হৈ উঠে।
সাম্প্ৰতিক সময়ত সমাজত চলি থকা যান্ত্ৰিকতাৰ মাজতো ভাদ মাহে মানুহক নিজৰ স্বকীয়তা আৰু সাংস্কৃতিক পৰিচয়ৰ কথা সোঁৱৰাই দিয়ে। গ্ৰাম্য জীৱনৰ পৰা আৰম্ভ কৰি নগৰীয়া পৰিৱেশলৈকে, ভাদ মাহৰ আধ্যাত্মিকতা এক উমৈহতীয়া ধৰ্ম হিচাপে প্ৰতিষ্ঠিত হৈছে। আমি দেখি আহিছোঁ যে নামঘৰবোৰ কেৱল ধৰ্মীয় আলোচনাৰ স্থান নহয়, নামঘৰ হ’ল সামাজিক ন্যায়ৰ এক আদালত স্বৰূপ। ইয়াত সত্য আৰু ন্যায়ৰ বিচাৰ হয়, যিয়ে সমাজৰ ভেটি শক্তিশালী কৰে। সত্ৰ আৰু নামঘৰৰ জৰিয়তে আমি যি সংস্কৃতিৰ ধাৰা অক্ষুণ্ণ ৰাখিছোঁ, সি বিশ্বদৰবাৰত অসমীয়া জাতিক এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। আমি যেতিয়া ভৱিষ্যতৰ দিশত আগুৱাই যাওঁ, তেতিয়া এই আধ্যাত্মিক সম্পদসমূহক অন্ধবিশ্বাস বুলি পৰিহাৰ নকৰি, ইয়াৰ বৈজ্ঞানিক আৰু সামাজিক গুৰুত্বক সমল হিচাপে ল’ব লাগিব।
ভাদ মাহৰ এই আধ্যাত্মিক উদ্দীপনা কেৱল এক আৱেগিক অনুভৱ নহয়, ই আমাৰ জাতীয় স্বাভিমান আৰু অস্তিত্বৰ প্ৰতীক। জ্ঞান, ভক্তি আৰু কৰ্মৰ যি একত্ৰীকৰণ ভাদ মাহৰ কাৰ্যসূচীবোৰত দেখা যায়, সি মানুহক এক নতুন দিশ প্ৰদান কৰে। ভক্তিৰ পথে আমাক মানৱতাৰ সেৱাত ব্ৰতী হ’বলৈ অনুপ্ৰাণিত কৰে। অনাগত দিনবোৰত আমাৰ সমাজখনক এখন প্ৰকৃতিৰ সৈতে সংগতি ৰখা আৰু নব্য উত্তৰণমুখী সমাজ হিচাপে গঢ়ি তোলাৰ যি সপোন গুৰুজনাৰ আছিল, সেই সপোনক বাস্তৱায়িত কৰাই হ’ব আমাৰ আচল শ্ৰদ্ধাঞ্জলি। আহক, আমি সকলোৱে মিলি ভাদ মাহৰ এই আধ্যাত্মিক প্ৰশান্তিৰে আমাৰ মন-মগজু আৰু সমাজখনক পৱিত্ৰ কৰি তোলোঁ।
অৱশেষত, এই পৱিত্ৰ মাহটোৱে আমাৰ সমাজৰ সকলো ধৰণৰ মলিনতা আৰু অন্ধকাৰ আঁতৰাই এখন প্ৰশান্তিময় সমাজ গঢ়াত সহায় কৰক। গুৰু দুজনাই দেখুৱাই থৈ যোৱা পথেৰে আমি আগবাঢ়ি গৈ বিশ্বমানৱৰ সৈতে একাত্ম হ’বলৈ প্ৰয়াস কৰিম। ভাদ মাহৰ এই আধ্যাত্মিক উদ্দীপনা চিৰকাল জীয়াই থাকক আৰু আমাৰ অনাগত দিনবোৰক উজ্জ্বল কৰি তোলক। সমাজৰ অৱক্ষয়ৰ বিপৰীতে এক নৱজাগৰণৰ সুৰুয যেন আমাৰ মাজলৈ ভাদ মাহৰ প্ৰশান্তি লৈ আহে, সেই কাম্যেই চিৰস্মৰণীয় হৈ ৰ’ব। আমাৰ প্ৰতিটো পদক্ষেপ যেন সততা আৰু ভক্তিৰ দ্বাৰা পৰিচালিত হয়, যাতে ভাদ মাহৰ এই আধ্যাত্মিক শিক্ষা কেৱল এই মাহটোতে সীমাবদ্ধ নাথাকি গোটেই বছৰটোৰ বাবে আমাৰ জীৱনৰ পাথেয় হৈ পৰিব পাৰে। এনে এক সন্মিলিত প্ৰচেষ্টাৰ জৰিয়তেই আমি আমাৰ অনাগত ভৱিষ্যতৰ সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ সক্ষম হ’ম।
