জলপ্রলয়ত তচনচ নেপাল 

জলপ্রলয়ত তচনচ নেপাল 

ৰঙিলী বাৰ্ত্তাসেৱা- নেপালত পুনৰ প্ৰকৃতিৰ ৰন্দ্ৰ ৰূপ। নেপালৰ আকস্মিক বানে সৃষ্টি কৰিছে ভয়াৱহ প্ৰলয় ।বুধবাৰে পুৱাতে  তিব্বতৰ পৰা বৈ অহা ভোটে কোশী নৈৰ বিশ্বাস কৰিব নোৱাৰা পানীৰ প্ৰচণ্ড সোঁতে তাণ্ডৱলীলাৰ সূচনা কৰে ৰসুৱা জিলাত। সহস্রাধিক লোকৰ লগতে বানে উটুৱাই লৈ যায় ইখনৰ পিছত সিখন গাঁও-ঘৰ-দুৱাৰ পথ-দলং-বাহন-বজাৰ একপ্ৰকাৰ অস্তিত্বহীন হৈ পৰে এই প্রলয়ংকৰী বানত। উল্লেখ্য যে ৰাজধানী কাঠমাণ্ডুৰ পৰা ১২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰসুৱা প্ৰায় ৫০ হাজাৰ লোকৰ বাসস্থান। তিব্বতৰ পৰা এই ৰসুৱা হৈয়ে নেপালত প্ৰৱেশ কৰিছে ভোটে কোশী নৈ। বুধবাৰে পুৱা প্রায় ৮.৩০ বজাত হঠাতে নৈখনৰ জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰে। অকল জলস্তৰ বৃদ্ধি পোৱাই নহয়, মুহূর্ততে প্রচণ্ড সোঁতেৰে জলপ্ৰৱাহ আৰম্ভ হয়। স্থানীয় ৰাইজ, আনকি নৈপৰীয়া লোকসকলেও তৰ্কিব পৰাৰ পূৰ্বেই এই জলপ্ৰৱাহে কালৰূপ ধাৰণ কৰি নিমিষতে সকলো তচনচ কৰি পেলালে। বিশেষকৈ চীন সীমান্তৱৰ্তী টিমুৰে আৰু ছাব্ৰুবেছী এলেকাৰ অৱস্থা অবর্ণনীয়। ৰসুৱাৰ সমান্তৰালভাৱে নুৱাকোট, খাদিং, ছিটৱান আৰু গোর্খা জিলাতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এইকেইখন জিলাত জনসাধাৰণক সতর্ক হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে নেপাল প্রশাসনে। বিশেষকৈ নৈপৰীয়া বাসিন্দাসকলক আঁতৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ মাজতে উদ্ধাৰ হৈছে ১০৭দুৰ্ভগীয়াৰ মৃতদেহ। আনহাতে, বুধবাৰে তিব্বতৰ সীমান্তত ৰাছুৱাগাঢ়ী চেকপইণ্টত কৈলাস-মানসৰোবৰৰ বাবে যাত্ৰা কৰা শতাধিক ভাৰতীয়কে ধৰি প্ৰায় ৪০০ তীৰ্থযাত্ৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে । বাতৰি অনুসৰি, বুধবাৰে ২৯১ জন বিদেশী নাগৰিক আৰু ৯৩ জন নেপালী নাগৰিককে ধৰি ৩৮৪ জনীয়া এটা তীৰ্থযাত্ৰীৰ দলে সীমান্ত অতিক্ৰম কৰাৰ কথা আছিল । লগতে কয় যে দুজনমানৰ বাহিৰে বাকী তীৰ্থযাত্ৰীসকলৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই । নিৰুদ্দিষ্ট তীৰ্থযাত্ৰীসকলে বিভিন্ন ট্ৰেভেল এজেন্সীৰ জৰিয়তে ভ্ৰমণ কৰিছিল । নেপালৰ ৰাছুৱা জিলাৰ ভোটে কোশী নদীত হোৱা আকস্মিক বানৰ পিছত ‘নিৰুদ্দেশ হোৱা বুলি ৰিপ’ৰ্ট কৰা’ বিদেশী নাগৰিকসকলৰ ভিতৰত ১০৫ জন ভাৰতীয় আৰু ৩৭ জন প্ৰবাসী ভাৰতীয় লোক আছে বুলি দেশখনৰ পৰ্যটন ব’ৰ্ডে জনাইছে । এই তথ্য পৰ্যটন আৰু ভ্ৰমণ কোম্পানীসমূহৰ পৰা লাভ কৰা প্ৰাৰম্ভিক সংস্থাভিত্তিক ৰেকৰ্ডৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰা হৈছে । কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে তীৰ্থযাত্ৰীসকলৰ সৈতে যোগাযোগ স্থাপন আৰু তেওঁলোকৰ বৰ্তমানৰ সুৰক্ষা আৰু অৱস্থাৰ মূল্যায়নৰ প্ৰচেষ্টা অব্যাহত আছে । ইফালে বানপীড়িত লোকসকলক উদ্ধাৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে নেপাল চৰকাৰে। প্রলয়ংকৰী বানৰ পিছতে প্রধানমন্ত্রী বলেন্দ্র শ্বাহে এক জৰুৰী বৈঠকৰ আয়োজন কৰি উদ্ধাৰ অভিযান সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰে। সেই অনুসৰি অনুসন্ধান-উদ্ধাৰ অভিযানৰ বাবে আৰক্ষী, সেনাবাহিনী আৰু আর্মড পুলিচ ফ’ৰ্চক মোতায়েন কৰা হয়। ক্ষতিগ্রস্ত এলেকাসমূহলৈ প্ৰেৰণ কৰা হয় সেনাবাহিনীৰ দুখন হেলিকপ্টাৰ। কিন্তু পানীৰ তীব্ৰ সোঁতৰ বাবে হেলিকপ্টাৰ অৱতৰণত বাধাগ্রস্ত হয়। সেনাবাহিনীৰ মুখপাত্ৰ ৰাজাৰাম বাছনেটে এই সন্দর্ভত কয় যে ছাক্রবেছী আৰু টিমুৰেত পানীৰ স্তৰ তথা সোঁত ইমানেই বেছি, তাত হেলিকপ্টাৰ অৱতৰণ সম্ভৱপৰ নহ’ল।