লোকপিয়ল ২০২৭
বাহাৰুল ইছলাম
আনুষ্ঠানিক দলিল জনতাৰ
বিকাশৰ ধ্বজা উৰুৱাই
সু-দৃঢ় কৰে গণতন্ত্ৰৰ মূল ভেটি
যাৰ পৰশত প্ৰাণ পায় দেশৰ চুক-কোণ
দহ বছৰৰ অন্তৰে অন্তৰে
সাক্ষাৎ কৰে জনতাক
ডেৰশ বছৰীয়া ইতিহাসে গৰকা
ই এক অনন্য প্ৰক্ৰিয়া
যিয়ে অন্তৰ্ভুক্ত কৰে
গৃহতালিকা,গৃহপিয়ল আৰু লোকগণনা।
সংবিধানৰ স্বীকৃতি প্ৰাপ্ত এক বিধান
সজীৱ কৰি সেউজ পোছাক পিন্ধাই
চৰকাৰী পৰিকল্পনাক
সৃষ্টিৰ শলিতা জ্বলাই সময়ৰ ছত্ৰছায়াত
বিকাশৰ ভিন্ন পথৰ জনম দিয়ে।
এইবেলি ডিজিটেল ৰূপত কইনা সাজি
আগমন ঘটিল লোকপিয়লৰ
সাজু হৈছ সহস্ৰ যোদ্ধা
সঠিক সময়ত শুদ্ধ ৰূপত
নিখুঁত লোকপিয়লৰ হকে।
পৰিপূৰ্ণ হওক জনগণৰ এই দস্তাবেজ
জন কল্যাণৰ হকে
জিলিকি থাকক আগন্তুক সময়ত
যাৰ বুকুত মৰহি যোৱা আশা আৰু সপোনে
সজীৱ হৈ মিচিকিয়াই হাঁহিব
দেশপ্ৰেমত নাচি-বাগি মচগুল থাকিব জনতা
দ্বিগুণে মজবুত হ’ব
ৰাষ্ট্ৰীয় সংহতিৰ জৰীডাল।
