১৫ আগষ্টৰ পৃষ্ঠাত – বনজিত দাস

Pc Jagran Josh

১৫ আগষ্টৰ পৃষ্ঠাত 

বনজিত দাস,ৰিহাবাৰী, বজালী

যোৱা কালি বিচাৰি ফুৰিছিলো
আন দিনাখনৰ দৰেই
বহুত পদপথে পদপথে বিচাৰিলো
গলিয়ে গলিয়ে
বহুত বাৰ চকুত পৰিছিল
দেখা পাইছিলো বাৰে বাৰে
আকাশত উৰি থকা ত্ৰিৰংগ পতাকা ।

কিন্তু তেওঁক লগ পোৱা নগ’ল ।
হাবিত বিচাৰিলো,
নৈৰ পাৰত বিচাৰিলো,
পাহাৰ-পৰ্বতত বিচাৰি ফুৰিলো ।

তেওঁ ঘৰতো নাই, ক’তো নাই
বিচাৰিলো কোৰ্ট কাছাৰীত
শিক্ষানুষ্ঠান চৰকাৰী অনুষ্ঠানত
আনকি প্ৰতি ঘৰৰ দুৱাৰত
তথাপি তেওঁৰ কোনো সন্ধান নাপালো ।

তেওঁ হেৰাইছিল
আন দিনাখনৰ দৰেই ।
যোৱা দিনটো আছিল নেকি
তেওঁৰ শেষ ঠিকনা ?

সোঁৱৰণীৰ পৃষ্ঠাৰ পাতবোৰ
এটা এটাকৈ লুটিয়ালো
ইতিহাসৰ ধূলি জোকাৰিলো—
তাতো তেওঁ নাছিল ।

আমি যাক বিচাৰি ফুৰিছো
সচাকৈয়ে তেওঁ হেৰাইছিল নে ?
তেওঁক বিচাৰি পোৱা নগ’ল
আন দিনাখনৰ দৰেই
তেওঁৰ নাম “গণতন্ত্ৰ ” ।