ডিব্ৰুগড়ৰ সোনোৱাল কছাৰী সাহিত্য সভাৰ চৰাইদেউৰ বানপীড়িত ৰাইজৰ চাৰিটা নামঘৰলৈ সাহাৰ্য প্ৰদান 

ডিব্ৰুগড়ৰ সোনোৱাল কছাৰী সাহিত্য সভাৰ চৰাইদেউৰ বানপীড়িত ৰাইজৰ চাৰিটা নামঘৰলৈ সাহাৰ্য প্ৰদান 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  বানত বিধ্বস্ত হোৱা চৰাইদেউ জিলাৰ চিংল’পথাৰ আৰু কলিয়ামাটি অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানত সোনোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত দেওবাৰে আৰ্থিক সাহায্য বিতৰণ কৰাৰ লগতে একোখনকৈ সজাগতা সভাও অনুষ্ঠিত কৰা হয়৷ সোনোৱাল সাহিত্য সভাৰ এই পদক্ষেপৰ জৰিয়তে উক্ত বানপীড়িত অঞ্চলসমূহৰ সামাজিক অনুষ্ঠান বিশেষকৈ চাৰিটাকৈ নামঘৰৰ প্ৰয়োজনীয় মেৰামতি তথা¸ চাফচিকুণৰ বাবে গাইপতি দহ হেজাৰকৈ মুঠ চল্লিশ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য্যৰ চে’ক আগবঢ়োৱাৰ লগতে বানপানীৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু সজাগতাৰ সন্দৰ্ভত স্থানীয় ৰাইজৰ উপস্থিতিত একোখনকৈ ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হয়৷ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত সভাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড॰ লব ৰাম সোনোৱাল, মুখ্য সম্পাদক মৃদুল সোনোৱাল, সাংগঠনিক সম্পাদক নেত্ৰ বড়া, দ্ৰোৰ্ণ বড়া, প্ৰচাৰ সম্পাদক হেমচন্দ্ৰ কছাৰী, কাৰ্যনিৰ্বাহক সদস্য পূৰ্ণ কান্ত হাজৰিকা, শিৱ সোনোৱাল, সম্ৰাট সোনোৱাল, লোচন সোনোৱাল আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সদস্য জয়ন্ত সোনোৱাল, পৱিত্ৰ ঢেকিয়াল, প্ৰণৱ জ্যোতি সোনোৱাল উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তোলে৷