আই.টি.আই.ৰ জৰিয়তে দক্ষতা, কৰ্মসংস্থান আৰু স্বনিয়োজন – ড° বুলজিৎ বুঢ়াগোহাঁই

আই.টি.আই.ৰ জৰিয়তে দক্ষতা, কৰ্মসংস্থান আৰু স্বনিয়োজন

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বা আই.টি.আই. ভাৰতৰ বৃত্তিমূলক আৰু কাৰিকৰী দক্ষতা বিকাশ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগত একাডেমিক শিক্ষাৰ লগতে ব্যৱহাৰিক জ্ঞান আৰু কৰ্মদক্ষতা আহৰণৰ সুযোগ দিয়াটো আই.টি.আই শিক্ষাৰ বিশেষত্ব। ইয়াত বিভিন্ন কাৰিকৰী আৰু অকাৰিকৰী ট্রেডত উদ্যোগমুখী প্ৰশিক্ষণ দিয়া হয়, যাৰ জৰিয়তে শিক্ষাৰ্থীয়ে চাকৰি, এপ্ৰেণ্টিছ প্ৰশিক্ষণ, স্ব-নিয়োজন অথবা অধিক কাৰিকৰী শিক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে। অসমত আই.টি.আই.সমূহ অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনস্থ  নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয় (ডি ই চি টি)ৰ অধীনত পৰিচালিত হয় আৰু আই.টি.আই.সমূহত ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ(এনচিভিটি) আৰু ৰাজ্যিক বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ (এছ চি ভি টি)ৰ অধীনত পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা আছে।

আই.টি.আই.ৰ শিক্ষাৰ মূল উদ্দেশ্য হৈছে উদ্যোগৰ প্ৰয়োজন অনুসৰি দক্ষ কৰ্মী গঢ়ি তোলা আৰু শিক্ষাৰ্থীক বাস্তৱ কৰ্মক্ষেত্ৰৰ বাবে উপযোগী কৰি তোলা। ব্যৱহাৰিক আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ জৰিয়তে কৰ্মযোগ্যতা বৃদ্ধি, আত্মনিয়োগৰ সম্ভাৱনা সৃষ্টি, উদ্যোগসমূহৰ দক্ষ কৰ্মীৰ চাহিদা পূৰণ আৰু শিক্ষানবিশ প্ৰশিক্ষণৰ বাবে শিক্ষাৰ্থীক প্ৰস্তুত কৰাত গুৰুত্ব দিয়া হয়। ইয়াৰ ফলত যুৱ সমাজক অধিক কৰ্মমুখী আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে দেশৰ দক্ষতা বিকাশ ব্যৱস্থাকো শক্তিশালী কৰা হয়।

আই.টি.আই.ৰ বিভিন্ন ট্রেডত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা একে নহয়। অষ্টম ,  দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীয়ে ট্রেড অনুসৰি আবেদন কৰিব পাৰে। নামভৰ্তিৰ বাবে আবেদন সাধাৰণতে অনলাইনযোগে কৰা হয় আৰু প্ৰাৰ্থীৰ এটা ই-মেইল আইডি প্ৰয়োজন হয়। প্ৰদান কৰা তথ্য অনুসৰি, নামভৰ্তিৰ হোৱা বছৰৰ ১ জুলাইত প্ৰাৰ্থীৰ বয়স ১৪ বছৰৰ কম হ’ব নালাগে আৰু নম্বৰৰ ভিত্তিত নামভৰ্তি সম্পন্ন হয়।

ট্রেড অনুসৰি আই.টি.আই. পাঠ্যক্ৰমৰ সময়সীমা পৃথক। সেয়ে কোনো নিৰ্দিষ্ট ট্রেড বাছনি কৰাৰ পূৰ্বে সংশ্লিষ্ট চৰকাৰী বিজ্ঞপ্তি বা আই.টি.আই.ৰ তথ্য পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। আই.টি.আই.  বাছনি কৰাৰ সময়ত কেৱল ট্রেডৰ নামেই নহয়, প্ৰতিষ্ঠানখনৰ স্বীকৃতিও গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। এনচিভিটিৰ অধীনৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে এনচিভিটি  প্ৰমাণপত্ৰ আৰু এছ চি ভি টিৰ অধীনৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে এছ চি ভি টি প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। বিশেষকৈ ব্যক্তিগত আই.টি.আই. ত নামভৰ্তিৰ পূৰ্বে সংশ্লিষ্ট প্ৰতিষ্ঠানখন এনচিভিটি  বা এছ চি ভি টি ৰ স্বীকৃতিপ্ৰাপ্ত নেকি, সেই বিষয়ে নিশ্চিত হোৱা উচিত। স্বীকৃতিপ্ৰাপ্ত ট্রেড সম্পূৰ্ণ কৰাৰ পিছত চৰকাৰী-বেচৰকাৰী খণ্ডত চাকৰি আৰু স্বনিয়োজনৰ সুযোগ লাভ কৰিব পাৰি।

অষ্টম শ্রেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে এবছৰীয়া পাঠ্যক্রম ৱেল্ডাৰ, প্লাম্বাৰ, ড্রেছ মেকিং,  ছুয়িং টেকন’লজী, চাৰ্ফেছ অৰ্ণমেণ্টেশ্বন টেকনিকছ (এমব্ৰইডাৰী), মেছন (বিল্ডিং কনষ্ট্ৰাক্টৰ), বাম্বু ৱৰ্কছ আৰু দুবছৰীয়া  পাঠ্যক্রম  পেইণ্টাৰ (জেনেৰেল) , ৱায়াৰমেন আদি ট্রেডত  অধ্যয়নৰ সুযোগ আছে।

দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে এবছৰীয়া পাঠ্যক্রম ষ্টেনোগ্রাফা এণ্ড ছেক্রেটেৰিয়েল প্রেকটিচ(ইংৰাজী),ফেশ্বন ডিজাইন এণ্ড টেকনলজী , ডেক্সটপ পাব্লিচিং  (ডি টি পি) অপাৰেটৰ , মাল্টি মিডিয়া এনিমেচন এণ্ড এছপিচিয়েল এফেক্ট , ডিজিটেল ফটোগ্ৰাফাৰ,  অ’ট্র ব’ডি পেণ্টিং,মেকানিক, ছেক্রেটেৰিয়েল প্রেকটিচ (ইংৰাজী, ক’চমেট’ল’জী , ফুড প্ৰডাকশ্যন (জেনাৰেল), ফ্লৰিকালচাৰ এণ্ড লেণ্ডস্কেপিং,ফায়াৰ  টেকনলজী এণ্ড  ইণ্ডাষ্টিয়েল   ছেফ্টি মেনেজমেণ্ট , কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট(কোপা) , ইণ্ডাষ্ট্ৰিয়েল ৰ’বটিক্স এণ্ড ডিজিটেল মেনুফেকচাৰিং টেকনিচিয়ান, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ প্ৰগ্ৰামিং এছিষ্টেণ্ট , আৰ্টিজান ইউজিং এডভান্সড টুল আদি ট্রেডত  অধ্যয়নৰ সুযোগ আছে।

দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে দুবছৰীয়া পাঠ্যক্রম  চিএনচি মেচিনিং টেকনিচিয়ান, ইলেকট্ৰিক ভেহিকল মেকেনিক, মেনুফেকচাৰিং প্ৰচেছ কণ্ট্ৰোল এণ্ড অটোমেশ্বন টেকনিচিয়ান, বেছিক ডিজাইনাৰ আৰু ভাৰ্চুৱেল ভেৰিফায়াৰ (মেকেনিকেল) আদি ট্রেডত  অধ্যয়নৰ সুযোগ আছে।

ছয়মহীয়া (এটা চিমেষ্টাৰ) বড়ো ট্রাইপৰাইটিং পাঠ্যক্রমৰ বাবে দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগে ।

বিজ্ঞান আৰু গণিত বিষয়সহ দশম শ্ৰেণী  উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে ড্ৰোন টেকনিচিয়ানৰ ছয়মহীয়া পাঠ্যক্রম আছে।

বিজ্ঞান আৰু গণিত বিষয়সহ  দশম শ্ৰেণী  উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে এবছৰীয়া পাঠ্যক্রম  ডিজেল ইঞ্জিন মেকানিক, পাম্প অপাৰেটৰ কাম মেকানিক, প্লাষ্টিক প্রচেছিং অপাৰেটৰ , ট্রেক্টৰ মেকানিক , চয়ল টেছটিং এণ্ড ক্র’প টেকনিচিয়ান , অ’ট্র ব’ডি ৰিপেয়াৰ মেকানিক, চ’লাৰ টেকনিচিয়ান (ইলেকট্রিকেল), টু এণ্ড থ্ৰী হুইলাৰ মেকেনিক , আইঅ’টি টেকনিচিয়ান (স্মাৰ্ট চিটি), আইঅ’টি টেকনিচিয়ান (স্মাৰ্ট হেল্থ কেয়াৰ) , এডিটিভ মেনুফেকচৰিং টেকনিচিয়ান (৩ ডি প্ৰিন্টিং) আদি ট্রেডত  অধ্যয়নৰ সুবিধা আছে।

বিজ্ঞান আৰু গণিত বিষয়সহ দশম শ্ৰেণী  উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে দুবছৰীয়া পাঠ্যক্রম ইলেকট্রিচিয়ান , মটৰ ভেৰিকল মেকানিক,  ড্রাফটমেন মেকানিক, ফিটাৰ, মেচিনিষ্ট  , টাৰ্ণাৰ, ড্রাফটমেন চিভিল , চাৰ্ভেয় , ইলেকট্রনিকচ মেকানিক , ইনষ্টুমেণ্ট মেকানিক ,  ৰিফ্রিজেৰেচন এণ্ড এয়াৰ কণ্ডিচনাৰ টেকনিছিয়ান ,  ইনফৰ্মেচন এণ্ড কমিউনিকেচন টেকনলজী মেইটেনেচ,  মেনটেনেছ মেকানিক কেমিকেল প্লান্ট, এগ্রিকালচাৰেল মেচিনাৰি মেকানিক আদি ট্রেডত  অধ্যয়নৰ সুবিধা আছে।

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই)ৰ চেণ্টাৰ অৱ এক্সেলেন্স (চি অ’ ই) অধীনত দশম শ্ৰেণী  উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে  প্লাষ্টিক প্ৰচেছিং চেক্টৰ, ফেব্ৰিকেশ্বন (ফিটিং এণ্ড ৱেল্ডিং) চেক্টৰ, কনষ্ট্ৰাকচন এণ্ড উড ৱৰ্কিং চেক্টৰ, ইনফৰ্মেশ্বন টেকনলজি চেক্টৰ ব্ৰড বেচড বেছিক ট্ৰেইনিং  (বি বি বি টি)ৰ এবছৰীয়া পাঠ্যক্রম আছে।

গণিত আৰু পদাৰ্থ বিজ্ঞান বিষয়সহ  দ্বাদশ  শ্রেণী উত্তীৰ্ণ হোৱা সকলে এবছৰীয়া পাঠ্যক্রম হ’ল- ছেমিকণ্ডাক্টৰ টেকনিচিয়ানৰ এবছৰীয়া পাঠ্যক্রম আছে ।

অসমত থকা চৰকাৰী ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই. কেইখনৰ নাম হ’ল : আই.টি.আই. কৰিমগঞ্জ, আই.টি.আই. কোকৰাঝাৰ ,  আই.টি.আই. গড়গাঁও,  আই.টি.আই. গোৱালপাৰা, আই.টি.আই. গুৱাহাটী, আই.টি.আই. ডিব্রুগড়, আই.টি.আই. তেজপুৰ,  আই.টি.আই. তিনিচুকীয়া,  আই.টি.আই. দক্ষিণ শালমাৰা,  আই.টি.আই. নগাঁও, আই.টি.আই. বঙাইগাঁও,  আই.টি.আই. বৰপেটা,  আই.টি.আই. যোৰহাট , আই.টি.আই. শিলচৰ,  আই.টি.আই. ধনশিৰি,  আই.টি.আই. ধেমাজি, আই.টি.আই. নলবাৰী,  আই.টি.আই. ভেৰগাঁও, আই.টি.আই. মৰিগাঁও, আই.টি.আই. হাইলাকান্দি,  আই.টি.আই. মাজুলী, আই.টি.আই. ডিফু,  আই.টি.আই. হাফলং , আই.টি.আই.   বিশ্বনাথ চাৰিআলি, আই.টি.আই.   বকো, আই.টি.আই.   দুধনৈ, আই.টি.আই.   গোলাঘাট, আই.টি.আই. কাজলগাঁও, আই.টি.আই. পাঠশালা, আই.টি.আই.  ৰঙিয়া, আই.টি.আই. তিতাবৰ, আই টি আই বল্লামগুৰি, আই টি আই  পাৰ্বতিজৰা,  আই টি আই   শুকলাই , আই টি আই বোকাজান, আই.টি.আই. ডিব্রুগড় (দিব্যাং)।

মহিলাৰ বাবে সংৰক্ষিত আই.টি.আই. কেইখন হ’ল:  আই.টি.আই.শিলচৰ , আই.টি.আই. গুৱাহাটী, আই.টি.আই.তিনিচুকীয়া,  আই.টি.আই.মাজবাট, আই.টি.আই. উত্তৰ লখিমপুৰ, আই.টি.আই. নলবাৰী ।

আই.টি.আই.ৰ শিক্ষাৰ মূল বৈশিষ্ট্য হৈছে হাতে-কলমে কাম কৰি শিকা। কৰ্মশালা আৰু প্ৰয়োগশালাত যন্ত্ৰপাতি ব্যৱহাৰ, সংস্থাপন, মেৰামতি, পৰীক্ষণ আৰু উৎপাদন সম্পৰ্কীয় কামৰ জৰিয়তে শিক্ষাৰ্থীয়ে বাস্তৱ অভিজ্ঞতা লাভ কৰে। বহু প্ৰতিষ্ঠানত কম্পিউটাৰ প্ৰয়োগশালা, আধুনিক শ্ৰেণীকোঠা, পুথিভঁৰাল আৰু উদ্যোগ পৰিদৰ্শনৰ সুবিধা আছে। এনে শিক্ষাই কেৱল কাৰিকৰী জ্ঞান বৃদ্ধি কৰাই নহয়, সমস্যা সমাধান, শৃংখলা আৰু কৰ্মক্ষেত্ৰৰ দায়িত্ববোধো গঢ়ি তোলে।

আই.টি.আই. সম্পূৰ্ণ কৰাৰ পিছত এপ্ৰেণ্টিছ প্ৰশিক্ষণ কৰ্মজগতত প্ৰৱেশৰ এক গুৰুত্বপূৰ্ণ ধাপ। উদ্যোগিক পৰিৱেশত কাম কৰাৰ সুযোগে শিক্ষাৰ্থীক বাস্তৱ অভিজ্ঞতা লাভ কৰাত সহায় কৰে আৰু নিজৰ ট্রেডৰ দক্ষতা অধিক দৃঢ় কৰে। তেল আৰু গেছ, ৰে’ল, উৎপাদন, অটোমোবাইল, বিদ্যুৎ, নিৰ্মাণ, ক্ষুদ্র, লঘু, মজলীয়া উদ্যোগ, ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত উদ্যোগত শিক্ষানবিশৰ সুযোগ থাকিব পাৰে। প্ৰযোজ্য নিয়ম অনুসৰি প্ৰশিক্ষণকালত বৃত্তিও লাভ কৰিব পাৰি।

আই.টি.আই.ৰ এটা ট্রেড সম্পূৰ্ণ কৰাৰ পিছত কৰ্মসংস্থাপনৰ পথ একেটা খণ্ডতে সীমাবদ্ধ নাথাকে। দক্ষতা আৰু অভিজ্ঞতা অনুসৰি ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেলডাৰ, মেকেনিক, মেচিন অপাৰেটৰ, টেকনিচিয়ান, মেইণ্টেনেন্স টেকনিচিয়ান, চিএনচি অপাৰেটৰ, ফিল্ড টেকনিচিয়ান, ছোলাৰ টেকনিচিয়ান, ইভি টেকনিচিয়ান, ইণ্ডাষ্ট্ৰিয়েল ৰবটিক্স টেকনিচিয়ান আৰু কোৱালিটি ইন্সপেক্টৰ আদি পদত কাম কৰাৰ সুযোগ থাকিব পাৰে। অভিজ্ঞতা আৰু অতিৰিক্ত যোগ্যতা অৰ্জন কৰাৰ লগে লগে অধিক দায়িত্বশীল পদলৈ আগবাঢ়িব পাৰি।

চাহ উদ্যোগ, তেল আৰু গেছ, উৎপাদন, নিৰ্মাণ, বিদ্যুৎ, অটোমোবাইল, ৰে’ল, প্ৰতিৰক্ষা, ক্ষুদ্র, লঘু, মজলীয়া উদ্যোগ আৰু বিভিন্ন ব্যক্তিগত উদ্যোগত দক্ষ কাৰিকৰী কৰ্মীৰ প্ৰয়োজন হয়। অসমৰ লগতে দেশৰ আন অঞ্চলতো আই.টি.আই. উত্তীৰ্ণসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ আছে।

আই.টি.আই. শিক্ষাই চাকৰিৰ লগতে স্বনিয়োজনৰ সম্ভাৱনাও মুকলি কৰে। ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, ৱেলডাৰ, অটোমোবাইল মেকেনিক, ৰেফ্ৰিজাৰেচন টেকনিচিয়ান, ইলেক্ট্ৰনিক্স টেকনিচিয়ান, ছোলাৰ টেকনিচিয়ান, টেইলৰিং, বিউটি এণ্ড ৱেলনেছ বা কম্পিউটাৰ চাৰ্ভিচৰ দৰে ক্ষেত্ৰত অভিজ্ঞতা আৰু ব্যৱসায়িক জ্ঞানৰ সহায়ত নিজাকৈ সেৱা বা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰি। এনে উদ্যোগ সফল কৰিবলৈ কাৰিকৰী দক্ষতাৰ লগতে গ্ৰাহক সেৱা, বিপণন, ডিজিটেল লেনদেন, হিচাপ-নিকাচ আৰু ব্যৱসায় পৰিচালনাৰ জ্ঞানো উপযোগী।

আই.টি.আই. সম্পূৰ্ণ কৰিয়েই শিক্ষাৰ যাত্ৰা শেষ নহয়। শিক্ষাৰ্থীয়ে নিজৰ লক্ষ্য অনুসৰি এপ্ৰেণ্টিছ প্ৰশিক্ষণ, ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন আঁচনি (এনএপিএছ), লেটাৰেল এণ্ট্ৰি যোগেদি ডিপ্লমা ইঞ্জিনিয়াৰিং ,উন্নত দক্ষতা প্ৰশিক্ষণ, উদ্যোগভিত্তিক প্ৰমাণপত্ৰ, স্বল্পম্যাদী কাৰিকৰী পাঠ্যক্ৰম অথবা উদ্যোগিতা বিকাশ কাৰ্যসূচী বাছি ল’ব পাৰে। এইদৰে আই.টি.আই.ৰ  পৰা আৰম্ভ হোৱা কেৰিয়াৰ অধিক দক্ষতা, অভিজ্ঞতা আৰু দায়িত্বৰ দিশে আগবাঢ়িব পাৰে।

যিসকল শিক্ষাৰ্থীয়ে হাতে-কামে কৰিবলৈ ভাল পায়, যন্ত্ৰপাতি আৰু প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী অথবা তুলনামূলকভাৱে কম সময়ৰ ভিতৰত এটা নিৰ্দিষ্ট কৰ্মদক্ষতা আহৰণ কৰি কৰ্মজগতত প্ৰৱেশ কৰিব বিচাৰে, তেওঁলোকৰ বাবে আই.টি.আই. এক বাস্তৱিক বিকল্প। সঠিক ট্রেড বাছনি, স্বীকৃত প্ৰতিষ্ঠান নিৰ্বাচন, মনোযোগেৰে প্ৰশিক্ষণ গ্ৰহণ, এপ্ৰেণ্টিছ অভিজ্ঞতা আৰু নিৰন্তৰ দক্ষতা উন্নয়নৰ জৰিয়তে এজন শিক্ষাৰ্থীয়ে চাকৰি, উচ্চ প্ৰশিক্ষণ অথবা আত্মনিয়োগৰ পথ বাছি ল’ব পাৰে।

আজিৰ কৰ্মবজাৰত শৈক্ষিক অৰ্হতাৰ লগতে ব্যৱহাৰিক দক্ষতা আৰু কৰ্মযোগ্যতাৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে। সেয়ে আই.টি.আই.ক কেৱল চাকৰিমুখী প্ৰশিক্ষণ হিচাপে নেদেখি দক্ষতা, অভিজ্ঞতা আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ এক সুসংগঠিত পথ হিচাপে বিবেচনা কৰিব পাৰি। অসমৰ যুৱ সমাজে নিজৰ আগ্ৰহ আৰু যোগ্যতা অনুসৰি উপযুক্ত ট্রেড বাছি লৈ আধুনিক উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে নিজকে সংযোগ কৰিব পাৰিলে আই.টি.আই.ৰ  জৰিয়তে এক সফল আৰু স্থায়ী কেৰিয়াৰ গঢ়ি তোলাৰ যথেষ্ট সম্ভাৱনা আছে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।