শ্মশান
Swagon Borah
শ্মশান শুই পৰে সপোন
মাথোঁ এৰি থৈ যায় চকুলো
বগা কাপোৰ
ফুল, জুই, ধোঁৱা
আৰু শেষত — একাজলি ছাই।
যি আছিল মোৰ বুলি,
সি গ’ল উৰি আকাশলৈ,
এৰি থৈ গ’ল খালী বুকু
আৰু নুশুনো মাত।
জ্বলি জ্বলি নুমাই থাকিল
এটা হাঁহি, এখন ঘৰ,
শ্মশানত শুই পৰিল
জীৱনৰ আটাইবোৰ সপোন
উৰি আছে ধূৱা
