শিক্ষকৰ বদলিকৰণক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া

শিক্ষকৰ বদলিকৰণক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষকৰ বদলিকৰণ আৰু লোকপিয়লত শিক্ষকক জড়িতকৰণ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ডাঃ ৰণোজ  পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে বিকল্প শিক্ষক নিযুক্তি নিদিয়াকৈ শিক্ষকৰ বদলিকৰণ নহয়। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়- কোনোবা শিক্ষকে বদলিকৰণৰ ক্ষেত্ৰত ৭ বছৰ সম্পূর্ণ কৰিছে। মহিলাৰ ক্ষেত্ৰত নিয়ম অনুসৰি ৫ বছৰ সম্পূৰ্ণ কৰি বদলিকৰণৰ সম্পূৰ্ণ যোগ্যতা অর্জন কৰিছে। কিন্তু শিক্ষক বদলিকৰণৰ আইনখনতে স্পষ্টভাবে উল্লেখ আছে যে আমি পিটি আৰ এফেক্ট কৰি একো কৰিব নোৱাৰোঁ। কোনো বিদ্যালয়ত এটা নির্দিষ্ট বিষয়ৰ একমাত্র শিক্ষকজনক বদলি কৰিলে বিষয়টোৰ শিক্ষক বিদ্যালয়খনত শূন্য হৈ যাব। এটা বিষয়ৰ দুজন শিক্ষক বিদ্যালয়খনত থাকিলেও বিষয়টোত এজনীয়া শিক্ষক হ’ব। গতিকে বিকল্প কাক নিযুক্তি দিয়া হ’ব সেই কামখিনি কৰিবৰ কাৰণে সঞ্চালকালয়ক নির্দেশ দিয়া হৈছে। শিক্ষকৰ বদলিকৰণক লৈ মন্ত্ৰীগৰাকীয়ে কয়- বদলিকৰণক লৈ কোনো মোৰ ওচৰলৈ আহিব নালাগে। কার্যালয়লৈ আহিব নালাগে। সকলো এটা ছিষ্টেমত হৈ আছে। শিক্ষা বিভাগে দায়িত্ব সহকাৰে কামখিনি সুচাৰুৰূপে সম্পন্ন কৰিছে। শিক্ষা বিভাগে শিক্ষা সঞ্চালকালয় আৰু সৰ্বশিক্ষাই বদলিকৰণ সম্পৰ্কীয় ভাগসমূহ চাই কোনো বিদ্যালয়ত যাতে শিক্ষক শূন্য হৈ নাযায বা কোনো বিষয়তে যাতে শিক্ষক হৈ নাযায়, সেই কথালৈ দৃষ্টি ৰাখি শিক্ষকৰ বদলিকৰণৰ তালিকা প্রকাশ কৰিব। লোকপিয়লত শিক্ষকৰ জড়িতকৰণ আৰু বদলিকৰণ সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে লোকপিয়ল এটা ৰাষ্ট্ৰীয় দায়বদ্ধতা। জিলা আযুক্তৰ হাততে লোকপিয়লৰ সকলো অধিকাৰ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষা বিভাগত চৰকাৰৰ আটাইতকৈ বেছি শিক্ষক-কৰ্মচাৰী থাকে। গতিকে শিক্ষকসকলকে লোকপিয়লৰ দায়িত্ব দিছে। ইয়াক যুক্তিসংগতভাৱে ছিংগল টিচাৰ, বা শূন্য টিচাৰ নোহোৱাকৈ যাতে শৈক্ষিক ব্যৱস্থাও চলি থাকে আৰু লোকপিয়লো চলি থাকে তাৰ বাবে নিৰন্তৰভাৱে জিএডি বিভাগৰ লগত, জিলা আয়ুক্তসকলৰ লগত লোকপিয়ল বিভাগৰ লগত কথা পাতি থকা হৈছে।