ৰাজ্যৰ ১১ লাখ পৰিয়ালৰ লোকপিয়লৰ স্ব-গণনা সম্পন্ন

Pc Wikipedia

ৰাজ্যৰ ১১ লাখ পৰিয়ালৰ লোকপিয়লৰ স্ব-গণনা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত ২০২৭ চনৰ লোকপিয়লৰ স্ব-গণনা পৰ্যায়টো ইতিমধ্যে সফলভাৱে সমাপ্ত হৈছে৷  যোৱা ২ আগষ্টৰ পৰা আৰম্ভ হৈ ১৬ আগষ্টত সমাপ্ত হোৱা এই প্ৰক্ৰিয়াত ১১,৬৪,৫৮৬টা পৰিয়ালে এই স্ব-গণনা সফলভাৱে সম্পূৰ্ণ কৰিলে ৷  লোকপিয়লৰ বাবে স্ব-গণনাৰ সুবিধা গ্রহণ কৰি নাগৰিকসকলে স্ব-গণনা প’র্টেল, se.census.gov.inৰ জৰিয়তে নিজৰ ঘৰুৱা আৰু ব্যক্তিগত তথ্য অনলাইনযোগে প্ৰদান কৰাৰ পাছত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায়ত আৰম্ভ হ’ব হাউছ লিষ্টিং অপাৰেচন আৰু হাউছিং লোকপিয়লৰ কাম। এই সময়ছোৱাত প্রশিক্ষিত গণনাকাৰীয়ে ঘৰে ঘৰে গৈ প্রয়োজনীয় তথা সবিশেষ তথ্য সংগ্রহ কৰাৰ লগতে সেয়া নিশ্চিত কৰিব। উল্লেখ্য যে এইবাৰৰ লোকপিয়লত অসমত ৮৫ হাজাৰ গণনাকাৰী বিষয়াক নিযুক্ত কৰা হৈছে। এই গণনাকাৰী বিষয়াসকলে অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত ঘৰে ঘৰে গৈ লোকপিয়লৰ তথ্য সংগ্ৰহ কৰিব। ইয়াৰ পাছতে অহা ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ জাতিগত পিয়ল। এই পর্যায়ত গণনাকাৰীসকলে বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰিব।  এইবাৰ ডিজিটেল পদ্ধতিৰে লোকপিয়ল অনুষ্ঠিত কৰাৰ জাতিগত পিয়ল সমাপ্ত হোৱাৰ তিনি মাহৰ পাছতে চূড়ান্ত প্রতিবেদন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। এইবাৰ লোকপিয়লত মুঠ ৪০টা বিভিন্ন প্রশ্ন থাকিব। প্রতিজন লোকেই এই প্রশ্নসমূহৰ উত্তৰ দিব লাগিব। আনহাতে এইবাৰ বাসগৃহসমূহৰ জিঅ’ টেগিং কৰা হ’ব আৰু প্ৰতিটো ঘৰক পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ’ব। উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ বাবে ২০২১ চনত দেশত লোকপিয়ল অনুষ্ঠিত হোৱা নাছিল। এনে পৰিস্থিতিত পাঁচ বছৰ পলমকৈ দেশত লোকপিয়ল অনুষ্ঠিত হৈছে। স্মর্তব্য যে ২০২১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্রায় ৩.২৯ কোটি। চৰকাৰী মহলৰ তৰফৰ পৰা আগন্তুক পিয়লৰ বাবে জনসাধাৰণক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। যাতে সঠিক আৰু পূর্ণাংগ তথ্য সংগ্রহ নিশ্চিত কৰিব পৰা যায়। লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা তথ্যসমূহ লোকপিয়ল আইন-১৯৪৮ৰ বিধানৰ অধীনত সুৰক্ষিত হৈ থাকিব আৰু ব্যক্তিগত তথ্যৰ সুৰক্ষা বিধিগতভাৱে নিশ্চিত কৰা হ’ব। উল্লেখ্য যে উজনিৰ বানাক্ৰান্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়লৰ স্ব-গণনাৰ কাম ইতিমধ্যে সাময়িকভাৱে স্থগিত ৰখা হৈছে।