হেৰুৱা সুখৰ সন্ধান
ৰীমা গায়ন বৰা
নাওকটা , মৰিগাঁও
শুনিছোঁ বন্যাৰ্তৰ ক্ৰন্দন
হৃদয়ৰ কোহে কেহে বেদনা
আশাৰ পানচৈ উটি -ভাঁহি
ক’ৰবাত হেৰাই যোৱাৰ উপক্ৰম
এচপৰা কলীয়া ডাৱৰ
চকুৰ সন্মুখতে খহি পৰিল !
বিষ বাষ্প নিয়ন্ত্ৰণৰ কোনো
ব্যৱস্থা নকৰিলে কেৱে
মৃত্যুৰ শয্যাত বানেধোৱা মুখ
বিধ্বস্ত এলেকাত বোকা পানীৰ
পলস পেলাই ৰং চোৱা
ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ লীলা ;
ধাৰাষায়ী হ’ল হেৰুৱা সুখৰ সন্ধানত
আৰ্তজনৰ কাতৰ প্ৰাৰ্থনা
হেৰুৱা সুখৰ সান্নিধ্যলৈ উভতি যোৱাৰ
সেয়েহে হয়তো মানুহে মানুহৰ বাবে
পুনৰ স্মৰণ হ’ল মানৱতাৰ জয়গান ।
