বান সাহায্যৰ নামত ধন সংগ্রহ কৰা দেশৰ ৭২ ইউটিউবাৰ ৰাজ্য চৰকাৰৰ নজৰত

বান সাহায্যৰ নামত ধন সংগ্রহ কৰা দেশৰ ৭২ ইউটিউবাৰ ৰাজ্য চৰকাৰৰ নজৰত

ৰঙিলী বাৰ্ত্তাসেৱা-   উজনি অসমৰ চাৰিখন জিলাৰ ভয়াৱহ বান বিভীষিকাৰ শেহতীয়া পৰিস্থিতি আৰু চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোক সেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বানবিধ্বস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাক লৈ চৰকাৰে গ্ৰহণ কৰা তৎকালীন ব্যৱস্থা আৰু দীৰ্ঘম্যাদী ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে সদৰী কৰে । অসমৰ জটিল বান পৰিস্থিতিৰ সময়ত বান সাহায্য দিবলৈ কোন কোন ইউটিউবাৰে ধন সংগ্ৰহ কৰিছে, ৰাজ্য চৰকাৰে তাৰ তথ্য মজুত কৰিছে। অকল ইউটিউবাৰেই নহয়, কিমানটা সামাজিক সংস্থাই কিমান ধন সংগ্রহ কৰিছে, সংগৃহীত ধন প্ৰকৃততে কিমান খৰচ কৰিছে, এই সকলোবোৰৰ ওপৰত নজৰ ৰাখিছে ৰাজ্যৰ গৃহ বিভাগে। সংবাদ মেলত মুখ্যমন্ত্রী ড° শর্মাই এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয়- বানৰ সুবিধা লৈ দেশত ৭২ ইউটিউবাৰে ধন সংগ্ৰহ কৰিছে। গতিকে এই সকলোবোৰৰ ওপৰত আমি নজৰ ৰাখিছোঁ। এনে ইউটিউবাৰৰ মাজৰ পৰা সময় গগৈ নামৰ ইউটিউবাৰজনে সঠিকভাৱে ব্যয় কৰিছে ধন। কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰে বৃহৎসংখ্যক ধন সংগ্ৰহ কৰিছে। এই ধনৰাশি শিৱসাগৰ-চৰাইদেউৰ বন্যাৰ্তৰ ওচৰত আহি পাইছে নে নাই, সেই বিষয়টো চৰকাৰে বিশেষভাৱে চাব। অৱশ্যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে। কিন্তু যিসকলে কৰা নাই, সেই বিষয় পৰীক্ষা কৰা হ’ব। বহুতে ২ কোটি, ৫০ লাখ আদি পৰিমাণৰ ধন খৰচ কৰাৰ কথা কৈছে। এই ইউটিউবাৰসকলক সোধা হ’ব যে তেওঁলোকে ক’ত কিমান ধন ব্যয় কৰিছে বা বন্যার্তক দিছে। ইতিমধ্যে আৰক্ষীয়ে এই ইউটিউবাৰসকলক চিনাক্ত কৰি আছে। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে যিসকল ইউটিউবাৰে প্ৰকৃততে বন্যার্তক সহায় কৰিছে, তেনে শুদ্ধভাৱে সহায় কৰাসকলক চৰকাৰে সন্মানিত কৰিব। দৰাচলতে চৰকাৰে ইউটিউবাৰসকলৰ ধন ব্যয়ক লৈ তদন্ত কৰিব খোজা নাই। তেওঁলোকক যাতে সন্মান জনাব পাৰে, এই প্ৰক্ৰিয়াহে আৰম্ভ কৰিব বিচাৰিছে। যিসকলে ভাল কাম কৰিছে, তেওঁলোকক অন্ততঃ এখন গামোচা পিন্ধাই সন্মান জনোৱা হ’ব। মুখ্যমন্ত্রীয়ে কয়- কোনে কাক সহায় কৰিছে, সেইবোৰ এতিয়া ৰীলতে আবদ্ধ। চৰকাৰে এছডিআৰএফ, চক্ৰ বিষয়াৰ পৰা প্ৰতিবেদন সংগ্ৰহ কৰিব আৰু তেতিয়াহে গম পোৱা যাব কোনে কাক সহায় কৰিছে। যিসকলে বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰি জমা দিয়া নাই অথবা বন্যার্তক দিয়া নাই, তেওঁলোকৰ ওপৰতো নিশ্চিতভাৱে নজৰ ৰখা হ’ব।