বানে সর্বস্বান্ত কৰা অঞ্চলত মডেল হাউছিং কলনী নিৰ্মাণৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ

Pc The Economic Times

বানে সর্বস্বান্ত কৰা অঞ্চলত মডেল হাউছিং কলনী নিৰ্মাণৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত বৰ্ষত উজনি অসমৰ চাৰিখন জিলাৰ ভয়াৱহ বান বিভীষিকাৰ শেহতীয়া পৰিস্থিতি আৰু চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বানবিধ্বস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাক লৈ চৰকাৰে গ্ৰহণ কৰা তৎকালীন ব্যৱস্থা আৰু দীৰ্ঘম্যাদী ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে সদৰী কৰে ।  ৰাজ্যৰ বান পৰিস্থিতিৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে যে ২৫খন জিলাব ১০টা বাজহ চক্র বানত আক্রান্ত হোৱাৰ লগতে ১২ লাখতকৈ অধিক লোক এই বানত আক্রান্ত হৈছে।  মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে যে প্রলয়ংকৰী বানত ইতিমধ্যে ১০১গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও উজনি অসমত ৪ জিলাৰ পৰিস্থিতি উন্নত হোৱা নাই। শিৱসাগৰ জিলাৰ তিনিটা ৰাজহ চক্র এতিয়াও বানৰ কবলত আছে। আনহাতে ১৫টাকৈ শিবিৰত আছে ৪,১৮৮গৰাকী লোক। উল্লেখ্য যে উজনি অসমৰ ৪ জিলাত বানত বিধ্বস্ত হোৱা ৪৯৪টা অংগনবাড়ী কেন্দ্রলৈ ২.৫ লাখ টকাৰ আর্থিক সাহায্য মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ লগতে উজনি অসমত সৃষ্টি হোৱা দুর্যোগৰ বিপৰীতে ৰাজ্য চৰকাৰে উদ্ধাৰ আৰু সাহায্য অভিযান কিদৰে আগুৱাই নিছে সেই কথা উল্লেখ কৰে। সংবাদ মেলত মুখ্যমন্ত্রীয়ে কয়- বানে বিধ্বস্ত কৰা ৪ জিলাৰ ৬৪,৮৯১টা পৰিয়ালক ইতিমধ্যে ১৫ হাজাৰ টকাকৈ ৯৭.৩৪ কোটি টকা মোকলাই দিয়া হৈছে। ইয়াব লগতে জিলা চাৰিখনৰ চাৰি লাখ পৰিয়ালক ১ আগষ্টত অৰুণোদয়ৰ ধন ২,৫০০ টকালৈ বৃদ্ধি কৰি প্রদান কৰা হৈছে। বানে ক্ষতিগ্রস্ত কৰা অঞ্চলত জৰীপ চলোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়- বানত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকৰণে ম’বাইল এপৰ জৰিয়তে ইতিমধ্যে জৰীপৰ কাম আৰম্ভ কৰিছে। এই জৰীপত ৯৬০ গৰাকী প্রশিক্ষিত শিক্ষকে ইতিমধ্যে ৮,৩২৫টা পৰিয়ালৰ জৰীপ সম্পূর্ণ কৰিছে। এই জৰীপব জৰিয়তে চৰকাৰৰ হাতলৈ অহা তথ্য অনুসৰি এতিয়ালৈ প্রায় ১৫০-২০০ কোটি টকাৰ ক্ষয়-ক্ষতি হৈছে। ৯ আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰথম পর্যায়ৰ জৰীপৰ কাম ৩০ আগষ্টত সম্পূর্ণ হ’ব। এই জৰীপ সম্পূর্ণ হোৱাৰ পাছতে বন্যার্তসকলে জৰীপৰ ওপৰত অভাব-অভিযোগ দাখিল কৰিব পাৰিব। ভুলকৈ যদি বানে ক্ষতি নকৰা পৰিয়ালৰ নাম এই তালিকাত অন্তর্ভুক্ত হৈছে, সেই অভিযোগো ৰাইজে প্রদান কৰিব পাৰিব। সমগ্র প্রক্রিয়াটোৰ পুনৰীক্ষণৰ বাবে অহা ১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ দ্বৈত পৰীক্ষণ প্রক্রিয়া আৰম্ভ হ’ব। ইয়াৰ জৰিয়তে প্রথম পর্যায়ৰ জৰীপত বৈ যোৱা ভুল-ত্রুটিসমূহ শুদ্ধ কৰা হ’ব। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে এই জৰীপৰ যাতে কোনোধৰণৰ ত্রুটি ৰৈ নাযায়, বৈষম্যৰ সৃষ্টি নহয়, তাৰ বাবে অন্য জিলাৰ বিষয়াকো গুণোৎসৱৰ দৰে জৰীপৰ কামত নিয়োজিত কৰা হ’ব। মুখ্যমন্ত্রীৰ মতে, এই বানত প্রায় এহাজাৰ কোটি টকাৰ ক্ষয়-ক্ষতিৰ সম্ভাৱনা আছে। এনে ক্ষতিৰ পাছতো ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউক নতুন ৰূপত সজাই তোলাৰ বাবে পৰিকল্পনা হাতত লৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আশ্বাস দিছে যে ক্ষতি হোৱা প্রতিটো পৰিয়ালক সাহায্যৰ বাবে যি পুঁজিৰ প্রয়োজন হ’ব, সেয়া কেন্দ্রীয় চৰকাৰে আবণ্টন দিব। সেয়েহে জৰীপৰ প্রক্রিয়া সঠিক কৰাৰ বাবে প্রধানমন্ত্রীয়ে বিশেষ গুৰুত্ব দিছে। ইফালে মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বানত সর্বাধিক ক্ষতি হোৱা নেপালীখুঁটি, মাজগাঁও, বামুণপুখুৰী, কমলাবস্তি আদি এলেকাত বন্যার্তক দীর্ঘম্যাদী আঁচনিৰ জৰিয়তে সহায় কৰাৰ এক চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে সম্পূর্ণৰূপে ঘৰ-বাৰী ধ্বংস হৈ যোৱা অঞ্চলসমূহত ৰাজ্য চৰকাৰে মডেল হাউছিং কলনী নির্মাণৰ চিন্তা-চৰ্চা কৰিছে। আনহাতে যিবোৰ অঞ্চলত বৃহৎ পৰিমাণৰ গো-ধনৰ ক্ষতি হৈছে, তাত দুগ্ধ উৎপাদন কেন্দ্র গঢ়ি তোলাবো পৰিকল্পনা হাতত লোৱা হ’ব। মুখ্যমন্ত্রী ড° শর্মাই বানত বিধ্বস্ত হোৱা চাৰি জিলাৰ বেংকৰ ঋণ মাফ আৰু বীমাৰ ধন লাভৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্রদান কৰা বুলি উল্লেখ কৰি কয়- বন্যার্ত ৰাইজে ৩০ আগষ্টৰ ভিতৰত ইন্সুৰেঞ্চৰ মীমাংসাৰ বাবে তেওঁলোকৰ দাবীসমূহ দাখিল কৰক। লগতে ৩০ আগষ্টৰ ভিতৰতে বেংকৰ পৰা ঋণ লোবাসকলেও মনিটৰিয়ামৰ বাবে আবেদন কৰক। মুখ্যমন্ত্রীয়ে এই সন্দর্ভত তথ্য দাঙি ধৰি কয়- এই মুহূর্তলৈকে ১,৭০৩গৰাকী ব্যক্তিয়ে বীমাৰ ৯২ কোটি টকা দাবী কৰিছে। ইন্মুৰেঞ্চ কোম্পানীসমূহেও প্রায় ১,৭০৩টা দাবীৰ মীমাংসা সম্পূর্ণ কৰিছে। মই শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ ৰাইজক আহ্বান জনাম- তেওঁলোকে যাতে ইন্সুৰেঞ্চৰ ক্লেইম যিমান সোনকালে পাৰে সিমান সোনকালে কৰক। এতিয়ালৈকে বেংকত ২,২৭,৯৯৩গৰাকী লোকৰ ঋণ আছে আৰু ৩১৯গৰাকী ঋণ গ্রহণ কৰোঁতাই মনিটৰিয়ামৰ বাবে আবেদন জনাইছে আৰু এই আটাইকেইখন আবেদন বেংকে গ্রহণ কৰিছে। মুখ্যমন্ত্রীয়ে বানে ক্ষতি কৰা ৪ জিলাত ২০ আগষ্টৰ পূর্বে প্রতিটো নামঘৰলৈ ১.৫০ লাখ টকা মুকলি কৰি দিয়া হ’ব বুলিও জানিবলৈ দিয়ে। ভাদ মাহৰ নাম-প্রসংগ যাতে নামঘৰসমূহে সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাবে, তাৰ বাবে এই ধনৰাশি মোকলাই দিয়া হ’ব। একেদৰে বান পৰিস্থিতি নিয়ন্ত্রণলৈ অহা জিলাসমূহত ১৫ আগষ্টৰ পিছতে সকলো বিদ্যালয় পাঠদানৰ উপযোগী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রীয়ে। তেওঁ কয়- ৰাজ্য চৰকাৰে ইতিমধ্যে ৭৯৩খন বিদ্যালয়লৈ ২ লাখ টকাকৈ আগবঢ়াইছে। ইয়াৰে শিৱসাগৰ জিলাৰ ৫৫০খন বিদ্যালয়ৰ বাবে মুঠ ১১ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। আনহাতে চৰাইদেউ জিলাত ক্ষতিগ্রস্ত হোৱা ১১১খন বিদ্যালয়লৈ আগবঢ়োৱা হৈছে ২.২২ কোটি টকা। যোৰহাটত ক্ষতিগ্রস্ত হোৱা ২৯খন বিদ্যালয়লৈ আগবঢ়োৱা হৈছে ৫৮ লাখ টকা। আনহাতে গোলাঘাট জিলাত ক্ষতিগ্রস্ত হোৱা ১০৩খন বিদ্যালয়লৈ আগবঢ়োৱা হৈছে ২.০৬ কোটি টকা। মুখ্যমন্ত্রীয়ে উজনিৰ ৪ জিলাৰ ৪৯৪টা অংগনবাড়ী কেন্দ্রক ২ লাখ টকাৰ পৰা ২.৫ লাখ টকাৰ আর্থিক সাহয্য প্রদান কৰাৰ লগতে এই অংগনবাড়ী কেন্দ্ৰসমূহ সকলো প্ৰকাৰে পূৰ্বৰ দৰে কৰি তোলাৰ বাবে প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলিও উল্লেখ কৰে। ৪৯৪টা অংগনবাড়ী কেন্দ্রব ভিতৰত শিৱসাগৰৰ ৩৫০টা কেন্দ্রক ৮.৫১ কোটি টকা, চৰাইদেউৰ ১৫টা কেন্দ্রক ২.২৪ কোটি টকা, যোৰহাটৰ ৩৭টা কেন্দ্রক ২৮ লাখ টকা আৰু গোলাঘাটৰ ১২টা কেন্দ্রক ২৫.৫ লাখ টকা আগবঢ়োৱা হৈছে।