স্বাধীনতাৰ আঠটা দশক আৰু আজিৰ অসম – শংকৰ দেৱ

Pc Manas National Park

এক আলোকপাত

স্বাধীনতাৰ আঠটা দশক আৰু আজিৰ অসম

 শংকৰ দেৱ, দেৰগাঁও

আজি এই ভাৰতবৰ্ষৰ স্বাধীনতাৰ আঠটা দশক সম্পূৰ্ণ হ’ল,  সমগ্ৰ ভাৰতবৰ্ষই ঐতিহ্য পূৰ্ণ সেই ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটো সম্পূৰ্ণ ভাৱে হৃদয়ঙ্গম কৰি ৰাখিছে। স্বাধীনতা লাভ কৰা  সেই সময়ৰ পৰাই অসম আছিল এখন প্ৰাকৃতিক সম্পদেৰে ভৰা সমৃদ্ধিশালী ৰাজ্য, কিন্তু সেইসময়ত আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য, উদ্যোগ আৰু যোগাযোগ আদি ব্যৱস্থাত বহু পিছপৰা ৰাজ্য আছিল ।  বিগত এই আঠটা দশকত বহু প্ৰাকৃতিক দুৰ্যোগ, আৰ্থ-সামাজিক সংকট, আন্দোলন আৰু বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি আজি অসমে উন্নয়নৰ এক নতুন অধ্যায় সূচনা কৰিবলৈ সক্ষম হৈছে। আজি অসম কেৱল চাহ, তেল আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবেই পৰিচিত নহয়, বৰং শিক্ষা, স্বাস্থ্য,  উদ্যোগ, পৰ্যটন, তথ্য-প্ৰযুক্তি আৰু ক্ৰীড়াৰ ক্ষেত্ৰতো উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰকৃততে অসমৰ অৰ্থনীতিৰ মূল ভেটিয়েই হৈছে কৃষি। স্বাধীনতাৰ পিছত উন্নত বীজ, জলসিঞ্চন, কৃষিযন্ত্ৰ, মাটিৰ স্বাস্থ্য পৰীক্ষা, কৃষক সন্মান আঁচনি, কৃষি ঋণ আৰু বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰসাৰৰ ফলত কৃষি উৎপাদন দিনক দিনে বৃদ্ধি পাই আহিছে। ধান, চাহ, সৰিয়হ, মৰাপাট, ফলমূল, শাক-পাচলি, মীন পালন, হাঁহ-কুকুৰা পালন আৰু পশুপালনেও গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰি তুলিছে  । এইটো ইংৰাজ সকলেও স্বীকাৰ কৰি গৈছে যে  বিশ্বৰ সৰ্বোৎকৃষ্ট চাহ উৎপাদনকাৰী অঞ্চলসমূহৰ ভিতৰত অসম এক অন্যতম ৰাজ্য। অসমৰ চাহে বিশ্ব বজাৰত এক সুকীয়া স্থান অধিকাৰ কৰি ৰাখিছে।  ইয়াৰ উপৰিও কৃষিভিত্তিক উদ্যোগ, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু জৈৱিক কৃষিয়ে নতুন কৰ্মসংস্থাপনৰ পথ মুকলি কৰি থৈছে।

কৃষিৰ লগতে আজি উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰতো ক্ৰমান্বয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। সেই অনুপাতে ডিগবৈত এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপনৰ ঐতিহ্য বহন কৰা অসমে স্বাধীনতাৰ পিছতেই তেল, প্ৰাকৃতিক গেছ, ৰেচম, বাঁহ-বেত, হস্তশিল্প আৰু ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি লাভ কৰিছে। নুমলীগড় তেল শোধনাগাৰ, বঙাইগাঁও শোধনাগাৰ, গেছভিত্তিক উদ্যোগ আৰু নতুন উদ্যোগিক নীতিয়ে বিনিয়োগ বৃদ্ধি কৰিছে। আজিৰ সংস্কৃতি, তথ্য-প্ৰযুক্তি, ই-কমাৰ্চ, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু পৰ্যটন উদ্যোগে যুৱ সমাজক আত্মনিৰ্ভৰশীল হোৱাৰ নতুন নতুন সুযোগ প্ৰদান কৰিছে। চৰকাৰে দক্ষতা বিকাশ আৰু উদ্যোগ স্থাপনৰ বাবে বিভিন্ন আঁচনিও গ্ৰহণ কৰিছে।

স্বাধীনতাৰ পূৰ্বে যদিও শিক্ষাৰ হাৰ অত্যন্ত কম আছিল বিশেষকৈ মহিলাৰ ক্ষেত্ৰত,  কিন্তু আজি ৰাজ্যখনত বহু বিদ্যালয় , মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, কৃষি বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয়,  চিকিৎসা মহাবিদ্যালয়,  পলিটেকনিক আৰু দক্ষতা বিকাশ কেন্দ্ৰ গঢ় লৈ উঠিছে , যাৰ ফলত উদিয়মান ছাত্ৰ তথা ছাত্ৰী দিনক দিনে আগুৱাই যাবলৈ সক্ষম হৈছে। বিশেষকৈ বিজ্ঞানভিত্তিক ডিজিটেল শিক্ষা, আধুনিকতম বিজ্ঞানভিত্তিক শ্ৰেণী কক্ষ , অনলাইন শিক্ষণ, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু তথ্য-প্ৰযুক্তিভিত্তিক শিক্ষাই এক নতুন দিগন্তৰ উন্মোচন কৰিছে। জাতীয় শিক্ষা নীতি (NEP)ৰ লক্ষ্য অনুসৰি দক্ষতা, উদ্ভাৱন আৰু গৱেষণাক অধিক গুৰুত্ব দিয়া হৈছে। এই ব্যৱস্থাই যুৱক-যুৱতী সকলক  বিশ্বমানৰ প্ৰতিযোগিতাৰ বাবে অধিক সক্ষম কৰি তুলিছে।

সেইদৰে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো উন্নয়ন যঠেষ্ট বৃদ্ধি পাইছে । স্বাধীনতাৰ পিছত স্বাস্থ্য খণ্ডত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে। নতুন চিকিৎসা মহাবিদ্যালয়, জিলা চিকিৎসালয়,  আয়ুষ্মান ভাৰত, মাতৃ-শিশু স্বাস্থ্য আঁচনি, টীকাকৰণ, টেলি-মেডিচিন,কেঞ্চাৰ চিকিৎসা কেন্দ্ৰ  আৰু জৰুৰী স্বাস্থ্যসেৱাই জনসাধাৰণক উন্নত চিকিৎসা সুবিধা প্ৰদান কৰিছে। সেইদৰে ক’ভিড-১৯ মহামাৰীৰ সময়ত  নাৰ্চ, চিকিৎসক,স্বাস্থ্যকৰ্মী আৰু প্ৰশাসনৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য আছিল। এই অভিজ্ঞতাই স্বাস্থ্য ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে।

স্বাধীনতাৰ পিছত অসমৰ যোগাযোগ ব্যৱস্থাত যে এক আমূল পৰিৱৰ্তন হৈছে এই কথা স্বীকাৰ কৰিবই লাগিব।  ধলা-শদিয়া (ভূপেন হাজৰিকা) সেতু, বগীবিল দলং, নতুন ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথৰ বিদ্যুতায়ন, বিমানবন্দৰৰ উন্নয়ন আৰু অন্তঃদেশীয় জলপথে অসমৰ অৰ্থনীতিত নতুন গতিৰ সঞ্চাৰ কৰিছে। অসম আজিৰ “Act East Policy” ৰ অন্যতম প্ৰৱেশদ্বাৰ। দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক বৃদ্ধিত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব।

বৰ্তমান সময়ত সংস্কৃতি, ঐতিহ্য আৰু পৰ্যটনৰ ক্ষেত্ৰতো অসম এখন চিৰপৰিচিত বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য।  শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ বৈষ্ণৱ সংস্কৃতি, বিহু, সত্ৰ, নামঘৰ, ভাওনা, আহোম ঐতিহ্য, বীৰ লাচিত বৰফুকনৰ বীৰত্ব, সতী সাধনীৰ আত্মত্যাগ আৰু বিভিন্ন জনগোষ্ঠীৰ লোকসংস্কৃতিয়ে অসমক এক অনন্য পৰিচয় প্ৰদান কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, বৃহৎ নদীদ্বীপ মাজুলী, কামাখ্যা মন্দিৰ, হাফলং, দীপৰ বিল, শিৱসাগৰৰ ৰংঘৰ, তলাতল ঘৰ, কাৰেং ঘৰ  আদি পৰ্যটনস্থলীয়ে দেশ-বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে। পৰ্যটন উদ্যোগৰ বিকাশে স্থানীয় অৰ্থনীতি আৰু কৰ্মসংস্থাপন বৃদ্ধি কৰিছে।

লগতে ক্ৰীড়া, যুৱ শক্তি আৰু নাৰী ক্ষমতায়নৰ ক্ষেত্ৰতো অসম পিছপৰি থকা নাই। আজি অসমৰ যুৱ সমাজে ক্ৰীড়া, সাহিত্য, সংগীত, বিজ্ঞান, প্ৰশাসন আৰু উদ্যোগৰ ক্ষেত্ৰতো দেশ-বিদেশত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অলিম্পিয়ান লাভলিনা বৰগোহাঁই, হিমা দাস, বহু জাতীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আৰু শিল্পীয়ে অসমৰ সুনাম বিশ্বমঞ্চলৈ কঢ়িয়াই আনিছে। মহিলাসকলেও শিক্ষা, আৰক্ষী, উদ্যোগ, বিজ্ঞান,  ৰাজনীতি,  চিকিৎসা আৰু উদ্যোগপতিত্বৰ ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰতিপন্ন কৰি আগুৱাই আহিছে। আত্মসহায়ক গোটসমূহে গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰি তুলিছে।

বৰ পৰিতাপৰ বিষয় যে অসমৰ উন্নয়নৰ পথত আটাইতকৈ ডাঙৰ বাধা হৈছে বাৰ্ষিক বানপানী আৰু গৰাখহনীয়া। প্ৰতিবছৰে লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হয়, কৃষি, শিক্ষা আৰু অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। ইয়াৰ উপৰিও নিবনুৱা সমস্যা, মাদক দ্ৰব্যৰ অপব্যৱহাৰ, বনাঞ্চল ধ্বংস, পৰিৱেশ দূষণ, জলবায়ু পৰিৱৰ্তন আৰু নগৰায়ণৰ চাপ বৰ্তমান সময়ৰ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান ৰূপে থিয় দিছে। এই সমস্যাসমূহ সমাধানৰ বাবে বিজ্ঞানভিত্তিক নদী ব্যৱস্থাপনা, বান নিয়ন্ত্ৰণ, দক্ষতা বিকাশ, উদ্যোগ স্থাপন, পৰিৱেশ সংৰক্ষণ, গুণগত শিক্ষা আৰু সুশাসন নিশ্চিত কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি ক’ব লাগিব।

আগন্তুকৰ এক বিজ্ঞানসন্মত পৰিকল্পনা অনুসৰি অসমৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক সম্পদ, যুৱ শক্তি, কৃষিভিত্তিক অৰ্থনীতি, পৰ্যটন, তথ্য-প্ৰযুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সম্ভাৱনাই ৰাজ্যখনক ভাৰতৰ অন্যতম উন্নয়নশীল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব। বিশেষকৈ দক্ষতাভিত্তিক শিক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল অৰ্থনীতি, জৈৱিক কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ, নবীকৰণযোগ্য শক্তি, পৰ্যটন, মহিলাৰ ক্ষমতায়ন আৰু আত্মসংস্থাপনৰ সুযোগ বৃদ্ধিয়ে অসমৰ উন্নয়নক নতুন গতি দিব।

সেইয়ে সামৰণিত ক’ব পাৰি যে অলেখ দুৰ্যোগৰ মাজেৰে হ’লেও অসমে এই স্বাধীনতাৰ আঠটা দশকৰ এই অবিৰত যাত্ৰা এক সংগ্ৰাম, আত্মবিশ্বাস আৰু সফলতাৰে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । কিয়নো এই যাত্ৰাত বহু বাধা আহিছে, তথাপিও  অসম কেতিয়াও থমকি ৰোৱা নাই। আজিৰ অসম উন্নয়নৰ এক নতুন দিশত দৃঢ়ভাৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ভৱিষ্যতৰ দিশত অসম হ’ব জ্ঞান, বিজ্ঞান, উদ্যোগ, সংস্কৃতি, পৰিৱেশ সচেতনতা আৰু সামাজিক সম্প্ৰীতিৰ ওপৰত প্ৰতিষ্ঠিত এখন শক্তিশালী ৰাজ্য। এই লক্ষ্য বাস্তৱায়নৰ বাবে চৰকাৰ, বেচৰকাৰী সংস্থা, দ’ল-সংগঠন , শিক্ষানুষ্ঠান, যুৱ সমাজ, নাৰী সমাজ, কৃষক, উদ্যোগী আৰু সাধাৰণ নাগৰিক সকলোৰে সমান দায়িত্ব আছে। সমূহীয়া প্ৰচেষ্টা, সততা, কৰ্মনিষ্ঠা আৰু দেশপ্ৰেমৰ জৰিয়তেই “উন্নত অসম” গঢ়ি তোলা সম্ভৱ। স্বাধীনতাৰ এই   আঠটা দশকৰ  এই গৌৰৱময় ক্ষণত আমাৰ অংগীকাৰ হওক যে এক শান্তিপূৰ্ণ, সমৃদ্ধিশালী, স্বাৱলম্বী, বিজ্ঞানমনস্ক আৰু বিশ্বদৰবাৰত গৌৰৱেৰে মূৰ দাঙি থকা অসম গঢ়ি তোলাৰ এক সুন্দৰ প্ৰয়াস সদায় বিৰাজমান হৈ থাকক।