স্বাধীনতাৰ আশি বছৰ পাছতো আমি স্বাধীনদেশৰে নাগৰীক নে!
নমিতা দাস,শুৱালকুছি
১৯৪৭ চনৰ ১৫আগষ্ট তাৰিখে আমাৰ দেশ মাতৃয়ে ইংৰাজৰ শাসনৰ পৰা মুক্ত হয় ২৬ জানুৱাৰীৰ দিনা সম্পূৰ্ণ ৰূপে শাসন ভাৰ গ্ৰহণ কৰিলে তাৰো আজি আশি টা বছৰ হল ।দেশ স্বাধীন হল স্বাধীন দেশৰ নাগৰিক হলোঁ আমি । ইংৰাজৰ কবলৰ পৰা দেশ , জাতি, ভাষা, সাহিত্য ৰক্ষাৰ হেতু হাঁহি হাঁহি প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ নকৰিলে দেশভক্ত সকলে নিজৰ প্ৰাণ বলিদান দি শ্বহীদ হ’ল ।সেই বীৰ শ্বহীদ সকলক শতকৌটি প্ৰণাম জনালোঁ।
দেশৰ স্বাধীনতাই আমাক দায়িত্ব আৰু আমাৰ কৰ্তব্য সোঁৱৰাই দিলে । স্বাধীন দেশৰ নাগৰিক হিচাপে দেশৰ প্ৰতি আমাৰো কৰণীয় আছে । দেশৰ সংবিধানৰ প্ৰতি অনুগত্য মানি চলাটো আমাৰো দায়িত্ব আৰু কৰ্তব্য ।প্ৰতিজন নাগৰীকে নিজৰ দায়িত্ব বুজি দেশৰ পৰা সামাজিক দূৰ্নীতি, অপসংস্কৃতি, অন্ধঅনুকৰণ , দূৰ কৰা অতি প্ৰয়োজন । উঠি অহা প্ৰজন্ম হৈছে আমাৰ দেশৰ ভবিষ্যত গতিকে সমাজৰ সামাজিক দায়বদ্ধতাৰ লগতে নীতি আদৰ্শ মানি চলিব যাতে পাৰে তাৰ বাবে নিজৰ সন্তানৰ আগত নিজেই আদৰ্শ স্বৰূপ হিচাপে ঠিয় হোৱাৰ অতিকে প্ৰয়োজন । দেশৰ বাবে শ্বহীদ হোৱা বীৰশ্বহীদ সকলৰ জীৱন সংগ্ৰামৰ কাহিনী সন্তান সকলৰ আগত অবগত কৰোৱাই সিহঁতক শুদ্ধ সবল দুৰ্নীতি মুক্ত সমাজ এখন গঢ়ি তোলাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাটো আমাৰেই দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে । আমি দেশৰ কাৰণে কিমান খিনি কৰিব পাৰিছো মুল্যায়ণ কৰাৰ প্ৰয়োজন । ৰাষ্ট্ৰিয় সংগীত গায় কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালক মাতি আনি এখন সভা পাতি পতাকা উত্তোলন কৰিলেই সকলো কৰ্ত্তব্য শেষ হোৱা নুবুজায় । দেশৰ বাবে দহৰ বাবে জাতি ধৰ্ম নিৰ্বিশেষে সকলো মিলি অক্যবদ্ধ হৈ সংহতি বৰ্তাই ৰাখিব পাৰিব লাগিব । আমাৰ একনিষ্ট কৰ্মই যাতে দেশৰ প্ৰতিজন নাগৰিকক অনুপ্ৰাণিত কৰে । ভবিষ্যত সন্তান সকলেও যাতে সেই দায়িত্ব আৰু কৰ্তব্য বুজি পায় তাৰ প্ৰতিও লক্ষ্য দিয়াৰ প্ৰয়োজন আছে ।
স্বাধীন দেশত ইংৰাজৰ কবলৰ পৰা মুক্ত হৈ প্ৰকৃততে আমি এতিয়াও স্বাধীন নে ! প্ৰশ্ন উদয় হয় ,দিনে দিনে সকলো ফালে ৰাজনীতি, সমাজনীতি অন্যায় অবিচাৰে গ্ৰাস কৰিছে । শিক্ষিত শিক্ষাৰ্থী সকলে নিজৰ দক্ষতা আনুসৰী সংস্থাপন নোপোৱাৰ বাবে হীনমন্যতাত ভোগী সমাজ বিৰোধী কামত লিপ্ত হব লগাও হৈছে । থলুৱা শিল্পৰ অবদমীত প্ৰভাবে ৰাজ্য খনৰ লোক সকলৰ মাজত অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাবৰ বাবে চৰকাৰী সাহাৰ্য্যৰ প্ৰয়োজনে পৰোক্ষ ভাবে আকৌ নিজৰ স্বাধীনতা হেৰুৱাৰ উপক্ৰম হোৱা পৰিলক্ষিত হয় । চাকৰি, ব্যৱসায় সকলো ফালেই অনিয়মৰ এটি মোটা অংক ,সেই অংকটোৰ হিচাপ যোনে সঠিককৈ কৰিব পাৰে তেওঁৰেই ৰাজত্ব। দক্ষতা ,আৰু প্ৰকৃত শিক্ষাৰ কোনো প্ৰয়োজন নাই। সেই সকলো সুবিধা তেওঁ পায় যিয়ে নিপুণতাৰে অন্যায়ৰ লগত একত্ৰিত হ’ব জানে তেওঁ সমাজৰ সৰ্বে-সৰ্বা । আমি স্বাধীন হলো জানো -! দেশৰ উচ্চ শিক্ষাৰ বৃত্তি মুলক পৰীক্ষা বোৰতো মোটা অংক মিলিত হৈ থাকে । এয়াই দেশৰ শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ ।
আকৌ মেল মিটিং বোৰত যদিও নাৰীক সন্মান জনোৱা হয় প্ৰকৃততে সেয়া কিমান সচাঁ ভুক্ত ভুগি সকলে জানে। এগৰাকী অকল সৰীয়া মহিলাই পদে পদে লাঞ্চিত হয়। যৌনতাৰ বলী হয় শিশুৰ পৰা বৃদ্ধ লৈ কোনো সাৰি যাব নোৱাৰে। স্বাধীনতাৰ আশি( ৮০) বছৰ পাছতো স্বামী গৃহত যৌতুকৰ বলি হব লগা হয়। তেনে ক্ষেত্ৰত নাৰী এগৰাকীয়ে নিজৰ সুৰক্ষাৰ কথা ভাবিব কেনেকৈ সেয়াও এক জতিল প্ৰশ্ন। তথাপি শিক্ষা ,সংস্কৃতি,খেলা-ধূলা সকলো ক্ষেত্ৰতে মহিলা সকলে নিজৰ জীৱনৰ নিৰাপত্তাৰ লগতে দেশৰ নাম জিলিকাই তোলাৰ বাবে কোনো ক্ৰুটি কৰা নাই । কিন্ত নিৰাপত্তাৰ হীনমন্যতাৰ বাবে বহু মহিলাই নিজৰ অপৰিসীম জ্ঞান থকাৰ পিছতো পিছ হুহকি আহিব লগা হয় । তেতিয়াই যেন সেই স্বাধীনতা খিনি খৰ্ব হোৱা যেন অনুভৱ হয় ।
