২১ লাখ শিক্ষার্থীক লৈ ‘বৃক্ষবন্ধু’ৰ আনুষ্ঠানিক শুভাৰম্ভ বনমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত আনুষ্ঠানিকভাৱে পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ‘বৃক্ষবন্ধু’ আঁচনিৰ শুভাৰম্ভ কৰে । এই প্ৰকল্পৰ অধীনত ১১ আগষ্টৰ পৰা ১৪ আগষ্টলৈ দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ২১ লাখৰো অধিক ছাত্র-ছাত্ৰীৰ জৰিয়তে ১.৫০ কোটিৰো অধিক গছপুলি ৰোপণৰ লক্ষ্য সামৰি লোৱা হৈছে। ৰাজ্যৰ ১১,২৭৭খন শিক্ষা প্ৰতিষ্ঠানৰ ২১ লাখ ২৮ হাজাৰৰো অধিক ছাত্র-ছাত্রীয়ে এই কাৰ্যসূচীৰ জৰিয়তে গছপুলি ৰোপণ কৰিব। নিজ ভাষণত মন্ত্রী জয়ন্ত মল্ল বৰৱাই কয় যে বৃক্ষবন্ধু আঁচনি অভিযানত এই পর্যন্ত ৰাজ্যৰ ২১ লাখ ২৮ হাজাৰ ৪৯৫ ছাত্র-ছাত্রীয়ে ইতিমধ্যে নাম পঞ্জীয়ন কৰিছে। ৰাজ্য চৰকাৰৰ বন বিভাগে ১১,২৭৭খন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীসকলৰ জৰিয়তে ১.৫৭ লাখ গছপুলি ইতিমধ্যে ৰোপণৰ বাবে বিতৰণ কৰিছে। বৃক্ষবন্ধু আঁচনি ৰূপায়ণ অসমবাসীৰ বাবে বৃহৎ বৃক্ষ আন্দোলন। ইয়াৰ পূর্বে অমৃত বৃক্ষ আন্দোলন কৰা হৈছিল। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ আইমাতৃসকলৰ নামত এজোপা গছ বোপণ কৰি বৃক্ষ আন্দোলন চলাই যোৱা হৈছে। এইবাৰ বৃক্ষবন্ধু আঁচনিৰ জৰিয়তে আমি ছাত্র-ছাত্রীসকলক জড়িত কৰিব বিচাৰিছোঁ যাতে নতুন প্রজন্মই গছৰ প্ৰতি মৰম, গছ ডাঙৰ কৰা, গছ সুন্দৰ কৰা, লালন-পালন কৰা মানসিকতা গঢ় লৈ উঠে।

বৃক্ষবন্ধু আঁচনিত অংশগ্রহণ কৰা ছাত্র-ছাত্রীসকলক একোখনকৈ প্রমাণ-পত্র দিয়া হ’ব। এমটু ‘নৰ জৰিয়তে ছাত্র-ছাত্রীসকলে গছপুলি ৰোপণৰ ফটো জিঅ’ টেগ কৰি আপলোড কৰিব পাৰিব। ছাত্র-ছাত্রীসকলক এইক্ষেত্রত সহায় কৰিব শিক্ষা বিভাগ আৰু বন বিভাগে। ষষ্ঠ শ্রেণীৰ পৰা সকলো ছাত্র-ছাত্রীক এই কার্যসূচীত জড়িত কৰোৱা হৈছে। ফটো আপলোড কৰাৰ প্রথম পর্যায় ছমাহৰ হ’ব। দ্বিতীয় পর্যায়ত ছমাহৰ পাছত ছাত্র-ছাত্রীসকলে পুনৰ অহা ২৬ জানুৱাৰীৰ ভিতৰত ডাঙৰ হোৱা গছপুলিসমূহৰ সৈতে ফটো জিঅ’ টেগ কবি আপলোড কৰিব পাৰিব। বৃক্ষবন্ধু আঁচনিৰ অধীনত অতিকমেও যাতে ৫০ শতাংশ গছপুলি জীয়াই উঠে, তাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। দুটা ফটো আপলোডৰ পিছতে ছাত্র-ছাত্রীসকলে ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ স্বাক্ষবযুক্ত বৃক্ষবন্ধু নামেবে এখন প্রমাণ-পত্র লাভ কৰিব। অনুষ্ঠানত অংশগ্রহণ কবি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে জলবায়ু পৰিৱর্তন সন্দৰ্ভত কয় যে এলনিন’ৰ দৰে জলবায়ু সংক্রান্তীয় পৰিঘটনাই বাজ্যত বতৰৰ ওপৰত প্ৰভাৱ পেলাব পাবে। নিজ বক্তব্যত পেগুৱে কয় যে জলবায়ু পৰিৱর্তন এটা বিশ্বব্যাপী পৰিঘটনা। যাৰ প্ৰভাৱ অসমতো ক্রমান্বয়ে অনুভব হৈছে। তেওঁ কয়- যদিও শেহতীয়াকৈ উজনি অসমৰ বানৰ কাৰণ বা উৎস সন্দৰ্ভত বিভিন্ন প্রতিবেদন প্রকাশ হৈছে, বিজ্ঞানীসকলে বিশ্বাস কবে যে প্রশান্ত মহাসাগৰৰ এলনেন’ৰ দৰেই ভাৰত মহাসাগৰতো এক বিশেষ জলবায়ু ব্যৱস্থাৰ সৃষ্টি হৈছে। যাৰ প্ৰভাৱ অসমতো হৈছে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে জনসাধাৰণৰ অংশগ্রহণৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰু সেউজ আৱৰণ বৃদ্ধি কৰিবলৈ মানুহৰ হাতত থকা একমাত্র উপায় হৈছে বনাঞ্চল আৰু বৃক্ষৰোপণ। মন্ত্রীগৰাকীয়ে শিক্ষাৰ্থীসকলক সৰু চৰাইৰ পোৱালিক যেনেদৰে মৰম আৰু যতনেৰে সুৰক্ষা দিয়ে, তেনেদৰেই ৰোপণ কৰা গছপুলিসমূহৰ যতন লৈ সেইবোৰ সুস্থ-সবল কৰি উপযুক্ত স্থানত প্ৰতিষ্ঠিত কৰিবলৈ আহ্বান জনায় ।
