বুকু কঁপে
মেৰী বৰদলৈ,নগাঁও,ফুলগুৰি
ভাঁহি আহিছে আজি
চিঞৰবোৰ
হাজাৰ চিঞৰ
কোনোবা আপোনৰ৷
চকুৰপানীৰে বৈ আহিছে
দুগাল তিয়াই
জোলোঙাই জোলোঙাই
যন্ত্ৰণা কাতৰ৷
কোঙা হৈ পৰিল
জননী বুকু
বিশ্বাসঘাতকতাৰ মথাউৰিত বহি
কিৰিলিয়াই হাঁহিছে
যেন…
সেই হাঁহিবোৰ
এডল নিৰ্দয় ৰাক্ষসৰ!
