দেহ-মনৰ হিচাপ
ভটিমা ৰাজবংশী,নলবাৰী
ফটা মুখে লাগাম নাৰাখি
আঁক-বাঁক কৈ ফুৰে,
লোভীয়া জিভাই লোভত পৰি
পেটটো নষ্ট কৰে।
দুই চক্ষুই সীমা নাৰাখি
অজানিতে পাপ কৰে,
দুয়ো পাৰি দাঁতে ইটো-সিটো কামুৰি
নিজৰেই ক্ষয়-ক্ষতি কৰে।
দুই নাকে ঢাকনি নাৰাখি
ঘিণ কৰি ফুৰে,
দুই কৰ্ণই সজাগ থাকি
সম্বন্ধ নষ্ট কৰে।
দুই হাতে বলৱান বুলি
কঁকাল বেঁকা কৰে,
দুই ভৰিহে খোজ কাঢ়ি
দেহক তীৰ্থ কৰে।
চঞ্চল মনে উৰি ফুৰি
সময় ব্যয় কৰে,
যৌৱন কালে বিচাৰ নকৰি
নিয়ম উলংঘন কৰে।
কোমল হৃদয়ে প্ৰেমত পৰি
বুদ্ধি নষ্ট কৰে,
ৰূপ-লাৱণ্যই অহংকাৰ কৰি
আনক হেয়জ্ঞান কৰে।
এই দেহৰ গৰ্ব কৰি
হুল ফুটি মৰে,
গুণী জ্ঞানীও জানি-বুজি
নিজ ধৰ্ম নেৰে।
